প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘পেৰিছ পেৰালিম্পিক’ত ‘ৰূপৰ পদক’ জয় কৰাৰ বাবে ‘বেডমিণ্টন খেলুৱৈ’ সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

পোষ্ট কৰা হৈছে: 02 SEP 2024 11:35PM by PIB Guwahati

চলিত ‘পেৰিছ পেৰালিম্পিক’ত পুৰুষৰ একক ‘এছ এল ৪ বেডমিণ্টন প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে ‘এক্স’-ত পোষ্ট কৰিছে:

"#Paralympics2024ৰ পুৰুষৰ একক ‘এছএল ৪ বেডমিণ্টন ইভেণ্ট’ত সুহাস যথিৰাজে সন্মানীয় ‘ৰূপৰ পদক’ অৰ্জন কৰাটো হৈছে এক চমৎকাৰ সফল্য! সমগ্ৰ ভাৰতেই তেওঁৰ সফলতাত আনন্দিত হৈছে। তেওঁৰ দৃঢ়তা আৰু ক্ৰীড়াৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে আমি গৌৰৱান্বিত।

@suhas_ly #Cheer4Bharat"

                  

 

***

MJPS/RT/KB


(ৰিলিজ আই ডি : 2051421) অতিথি কক্ষ : 97