প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পোলেণ্ডৰ ৱাৰ্ছৰ কলহাপুৰ স্মৃতিসৌধত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 21 AUG 2024 10:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ ৱাৰ্ছৰ কলহাপুৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে এই স্মৃতিসৌধ কোলহাপুৰৰ মহান ৰাজপৰিয়াললৈ শ্ৰদ্ধাঞ্জলি। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ বাবে স্থানচ্যুত হোৱা পোলেণ্ডৰ মহিলা আৰু শিশুসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত এই ৰাজপৰিয়ালটোৱেই আগৰণুৱা আছিল বুলি শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোলহাপুৰৰ সন্মানীয় ৰাজপৰিয়ালে সকলোতকৈ ওপৰত অগ্ৰাধিকাৰ দিছিল মানৱতাক, লগতে ইয়াৰ জৰিয়তে তেওঁলোকে পোলেণ্ডৰ মহিলা আৰু শিশুসকলৰ বাবে এক মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে;

“ৱাৰ্ছৰ কোলহাপুৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনালোঁ। এই স্মৃতিসৌধ কোলহাপুৰৰ মহান ৰাজপৰিয়াললৈ শ্ৰদ্ধাঞ্জলি। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ বাবে স্থানচ্যুত হোৱা পোলেণ্ডৰ মহিলা আৰু শিশুসকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত এই ৰাজপৰিয়ালটোৱেই আগৰণুৱা আছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোলহাপুৰৰ মহান ৰাজপৰিয়ালে মানৱতাক সকলোতকৈ ওপৰত ৰাখি পোলেণ্ডৰ মহিলা আৰু শিশুসকলৰ বাবে মৰ্যাদাৰ জীৱন নিশ্চিত কৰিছিল। এই মমতাৰ কাৰ্য্যই অনাগত প্ৰজন্মবোৰক অনুপ্ৰাণিত কৰি থাকিব।”

 

***

MJPS/ST



(Release ID: 2047991) Visitor Counter : 18