প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২৩-২৪ বৰ্ষৰ বাবে প্ৰতিৰক্ষা উৎপাদনত পঞ্জীভুক্ত ভাৰতৰ সৰ্বাধিক বৃদ্ধিত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Posted On: 05 JUL 2024 12:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন ১,২৬,৮৮৭ কোটি টকালৈ বৃদ্ধি হোৱাৰ বাবে ভাৰতক প্ৰশংসা কৰে, যি সৰ্বাধিক আৰু বিগত বিত্তীয় বৰ্ষৰ উৎপাদন মূল্যৰ তুলনাত ১৬.৮% অধিক।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ পোষ্ট এটা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে:

"অতি উৎসাহজনক উন্নয়ন। যিসকলে এই কৃতিত্বত অৰিহণা যোগাইছে, তেওঁলোক প্ৰশংসাৰ যোগ্য। আমি আমাৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিবলৈ তথা ভাৰতক এটা আগশাৰীৰ গোলকীয় প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উপযুক্ত পৰিবেশ গঢ়ি তুলিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ই আমাৰ সুৰক্ষা সঁজুলি বৃদ্ধি কৰিব আৰু আমাক আত্মনিৰ্ভৰ কৰি তুলিব!"

***

DS/TS/MK/AT



(Release ID: 2030932) Visitor Counter : 21