গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজিৰেপৰা সমগ্ৰ দেশতে বলবৎ হোৱা ৩ নতুন ফৌজদাৰী আইনক শাস্তিৰ পৰিৱৰ্তে ন্যায় প্ৰদানকাৰী আৰু ভুক্তভোগী-কেন্দ্ৰিক বুলি অভিহিত কৰে

৪ বছৰে ভিন্ন পক্ষৰ সৈতে প্ৰতিটো দিশ বিতংভাৱে আলোচনাৰেএই নতুন আইন কাৰ্য্যকৰী কৰা হৈছে। ইয়াৰ বাহিৰে স্বাধীনতাৰ পিছৰেপৰা ইমান দিনে কোনো আইনক লৈ চৰ্চা হোৱা নাছিল

নতুন আইনসমূহত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধক প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সংযোজনেৰে ইয়াক অধিক সংবেদনশীল কৰা হৈছে

তিনিওখন নতুন আইন সম্পূৰ্ণৰূপে কাৰ্য্যকৰীকৰণৰ লগে-লগে অতিশয় আধুনিক ন্যায় ব্যৱস্থাৰ সূচনা হ’ব

তিনিওখন নতুন আইনতে কেৱলপ্ৰযুক্তিৰ অভিযোজনাই নহয়, বৰঞ্চ এনে ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে যে আগন্তুক ৫০ বছৰত আহিবলগীয়া সকলো প্ৰযুক্তিকে ইয়াত অন্তৰ্ভুক্ত কৰিব পৰা যাব

তিনিওখন আইন দেশৰ অষ্টম অনুসূচীৰ সকলো ভাষাতে উপলব্ধ হ’ব আৰু একে ভাষাতে গোচৰো চলিব

আজিৰ সময়ৰ আহ্বান অনুসৰি নতুন আইনত ধাৰাৰ সংযোজন কৰা হৈছে আৰু তেনে বহু ধাৰা আঁতৰায়ো দিয়া হৈছে, যিয়ে দেশবাসীৰ মাজত অশান্তিৰ সৃষ্টি কৰিছিল

নতুন আইনৰ অধীনত শাস্তিতকৈ ন্যায়ক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব, পলমৰ পৰিৱৰ্তে ক্ষীপ্ৰ বিচাৰ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদান কৰা হ’ব আৰু ভুক্তভোগীৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব

Posted On: 01 JUL 2024 7:32PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজিৰেপৰা সমগ্ৰ দেশতে বলবৎ হোৱা ৩ নতুন ফৌজদাৰী আইনক শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানকাৰী আৰু ভুক্তভোগী-কেন্দ্ৰিক বুলি অভিহিত কৰেএই নতুন আইনৰ অধীনত শাস্তিতকৈ ন্যায়ক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব, পলমৰ পৰিৱৰ্তে ক্ষীপ্ৰ বিচাৰ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদান কৰা হ’ব আৰু ভুক্তভোগীৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব বুলিও তেওঁ কয়। নতুন দিল্লীত আয়োজিত এখনি সংবাদমেল সম্বোধনেৰে শ্ৰী অমিত শ্বাহে কয় যে নতুন ফৌজদাৰী আইন সন্দৰ্ভত নানা ভুল ধাৰণা প্ৰচাৰ কৰা হৈছেএনে মিছা প্ৰচাৰে জনসাধাৰণৰ মাজত এই আইনসমূহৰ বিষয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি তেওঁ কয়তেওঁ কয় যে ৪ বছৰে ভিন্ন পক্ষৰ সৈতে প্ৰতিটো দিশ বিতংভাৱে আলোচনাৰে এই নতুন আইন কাৰ্য্যকৰী কৰা হৈছে। ইয়াৰ বাহিৰে স্বাধীনতাৰ পিছৰেপৰা ইমান দিনে কোনো আইনক লৈ চৰ্চা হোৱা নাছিল

তেওঁ কয় যে স্বাধীনতাৰ ৭৭ বছৰৰ পাছত ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থা আজি সম্পূৰ্ণ থলুৱা হৈ পৰিছে আৰু এই তিনিখন নতুন আইন আজিৰেপৰা দেশৰ প্ৰতিখন থানাতে কাৰ্য্যকৰী হ’ব। তেওঁ কয় যে এই আইনসমূহৰ ভিত্তি হৈছে শাস্তিৰ সলনি ন্যায় প্ৰদান, পলমৰ পৰিৱৰ্তে ক্ষীপ্ৰ বিচাৰ আৰু ক্ষীপ্ৰ ন্যায়। ইয়াৰ লগতে, পূৰ্বৰ আইনসমূহত কেৱল আৰক্ষীৰ অধিকাৰ সুৰক্ষিত আছিল যদিও এই নতুন আইনসমূহত ভুক্তভোগী আৰু অভিযোগকাৰীৰ অধিকাৰো সুৰক্ষিতকৰণৰ ব্যৱস্থা আছে।

তেওঁ কয় যে কাইলৈ ​​মাজনিশাৰপৰা কাৰ্য্যকৰী হ’বলগীয়া এই তিনিখন নতুন আইন ৰূপায়ণৰ লগে-লগে আমাৰ দেশৰ সমগ্ৰ ফৌজদাৰী ন্যায় ব্যৱস্থাত ভাৰতীয় মনোভাৱৰ প্ৰতিফলন ঘটিবতেওঁ কয় যে এই আইনসমূহত এনে বহু ব্যৱস্থা কৰা হৈছে, যিয়ে দেশৰ নাগৰিকক একাধিক সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে এই আইনসমূহত ব্ৰিটিছ শাসনৰ সময়ৰ বিতৰ্কিত বহু বিধান আঁতৰাই আজিৰ সময়ৰ বাবে উপযুক্ত ধাৰাৰ সংযোজন কৰা হৈছে।

তেওঁ কয় যে এই আইনসমূহত ভাৰতীয় সংবিধানৰ মনোভাৱ অনুসৰি ধাৰা আৰু অধ্যায়ত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। তেওঁ কয় যে নতুন আইনসমূহত মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। তেওঁ কয় যে শিশু আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ৩৫টা ধাৰা আৰু ১৩টা বিধান বিশিষ্ট নতুন অধ্যায়ৰ সংযোজনেৰে ইয়াক অধিক সংবেদনশীল কৰি তোলা হৈছে। তেওঁ কয় যে একেদৰে পূৰ্বৰ আইনত গণ-নিৰ্যাতনৰ (mob lynching) অপৰাধৰ কোনো ব্যৱস্থা নাছিল যদিও এই আইনসমূহত প্ৰথমবাৰৰ বাবে গণ-নিৰ্যাতনৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ বাবে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে নতুন আইনত ইংৰাজে প্ৰৱৰ্তন কৰা দেশদ্ৰোহৰ আইন সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হৈছে। তেওঁ কয় যে নতুন আইনখনত ৰাষ্ট্ৰ-বিৰোধী কাম-কাজৰ ক্ষেত্ৰত এটা নতুন ধাৰাৰ সংযোজন কৰা হৈছেইয়াৰ অধীনত ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাসকলক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা আছে।

তেওঁ কয় যে এই তিনিখন নতুন আইন সম্পূৰ্ণ ৰূপায়ণৰ পিছত অতিশয় আধুনিক ন্যায় ব্যৱস্থাৰ প্ৰশস্ত হ’বসমগ্ৰ দেশতে এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হোৱাৰ পিছত ভাৰতীয় ফৌজদাৰী ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক ন্যায় ব্যৱস্থা হিচাপে পৰিগণিত হ’ব। তেওঁ কয় যে তিনিওখন নতুন আইনতে কেৱল প্ৰযুক্তিৰ অভিযোজনাই নহয়, বৰঞ্চ এনে ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে যে আগন্তুক ৫০ বছৰত আহিবলগীয়া সকলো প্ৰযুক্তিকে ইয়াত অন্তৰ্ভুক্ত কৰিব পৰা যাবতেওঁ কয় যে সমগ্ৰ দেশৰ ৯৯.৯ শতাংশ থানা কম্পিউটাৰাইজ কৰা হৈছে, ই-ৰেকৰ্ড সৃষ্টিৰ প্ৰক্ৰিয়াও ২০১৯ৰ পৰা আৰম্ভ হৈছিল, জিৰ’-এফআইআৰ, ই-এফআইআৰ আৰু চাৰ্জ শ্বীট দাখিল প্ৰক্ৰিয়া সকলো ডিজিটেল হ’ব। তেওঁ কয় যে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণৰ সময়সীমাও নতুন আইনসমূহত নিৰ্ধাৰণ কৰা হৈছে তেওঁ লগতে কয় যে যিকোনো গোচৰতে উচ্চতম ন্যায়ালয়ত এফআইআৰ দাখিলৰ ৩ বছৰৰ ভিতৰত ন্যায়ৰ সুবিধা লাভ কৰিব

তেওঁ কয় যে নতুন আইনত ৭ বছৰ বা ততোধিক শাস্তিযোগ্য অপৰাধত ফৰেনছিক তদন্ত বাধ্যতামূলক কৰা হৈছে। ইয়াৰদ্বাৰা ক্ষীপ্ৰ ন্যায় নিশ্চিত হ’ব আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ ৯০% লৈ বৃদ্ধিত সহায় কৰিবতেওঁ কয় যে ফৰেনছিক ভিজিট বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত আমি দূৰদৰ্শিতাৰে কাম কৰি ২০২০ত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ স্থাপন কৰিছিলোঁ। তেওঁ কয় যে ইয়াৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত জনশক্তিৰ প্ৰয়োজন হ’ব আৰু তিনি বছৰৰ পাছত সমগ্ৰ দেশতে আমাৰ ন্যায়িক ব্যৱস্থাৰ সেৱাত প্ৰতি বছৰে ৪০,০০০ ৰো অধিক প্ৰশিক্ষণপ্ৰাপ্ত জনশক্তি উপলব্ধ হ’ব। তেওঁ জনোৱা মতে, শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ কেম্পাছ ৯খন ৰাজ্যত মুকলি কৰা আৰু ৬টা কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰী স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে

তেওঁ কয় যে ভাৰতীয় প্ৰমাণ আইন, ২০২৩ (Indian Evidence Act 2023)য়েও প্ৰমাণ সম্পৰ্কীয় প্ৰযুক্তিক প্ৰোৎসাহিত কৰিছেতেওঁ জনায় যে ইলেক্ট্ৰনিক প্ৰমাণৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে কেইবাটাও ব্যৱস্থা কৰা হৈছে। এতিয়া চাৰ্ভাৰৰ লগ, অৱস্থানৰ প্ৰমাণ আৰু ভইচ মেছেজ সম্পৰ্কে ব্যাখ্যা কৰা হৈছে। তেওঁ কয় যে তিনিওখন আইন দেশৰ অষ্টম অনুসূচীৰ সকলো ভাষাতে উপলব্ধ হ’ব আৰু একে ভাষাতে গোচৰো চলিব

তেওঁ কয় যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়, প্ৰতিখন ৰাজ্যৰ গৃহ বিভাগ আৰু ন্যায় মন্ত্ৰালয়ে এই আইনসমূহ কাৰ্য্যকৰীকৰণৰ বাবে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। আজিৰ সময় অনুযায়ী নতুন আইনত ধাৰা সংযোজন কৰা হৈছে আৰু এনে বহু ধাৰাও আঁতৰায়ো দিয়া হৈছে, যিয়ে দেশবাসীৰ মাজত অশান্তিৰ সৃষ্টি কৰিছিল বুলিও তেওঁ কয়। তেওঁ কয় যে প্ৰায় ২২.৫ লাখ আৰক্ষী জোৱানক নতুন আইন সন্দৰ্ভত প্ৰশিক্ষণ দিবলৈ ১২ হাজাৰ মাষ্টাৰ ট্ৰেইনাৰক সাজু কৰা হৈছে। ইয়াৰ অৰ্থে বহু প্ৰতিষ্ঠানক অনুমোদন জনোৱা হৈছে আৰু ২৩ হাজাৰৰো অধিক মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণপ্ৰদান কৰা হৈছেতেওঁ কয় যে ন্যায়পালিকাত ২১,০০০ অধীনস্থ ন্যায়পালিকাক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, ইয়াৰ লগতে ২০ হাজাৰ চৰকাৰীঅধিবক্তাক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেওঁ জনোৱা মতে, এই আইনসমূহৰ সন্দৰ্ভত মুঠ ৯ ঘন্টা ২৯ মিনিট সময় লোকসভাত আলোচনা কৰা হৈছিলইয়াত ৩৪ জন সদস্যই অংশগ্ৰহণ কৰিছিলএকেদৰে ৰাজ্যসভাত ৬ ঘন্টা ১৭ মিনিট আলোচনা কৰা হৈছিল আৰু ইয়াত ৪০ জন সদস্যই অংশগ্ৰহণ কৰিছিল। সাংসদসকলক বহিষ্কাৰৰ পিছত এই আইনসমূহ গৃহীত হোৱা বুলিও মিছা প্ৰচাৰ কৰা হৈছে বুলিও তেওঁ কয়। তেওঁ কয় যে বহিষ্কৃত সদস্যসকলে সদনলৈ আহি আলোচনাত অংশগ্ৰহণেৰে নিজৰ মতামত প্ৰকাশৰ বিকল্প আছিল যদিও এজনো সদস্যই তেনে কৰা নাছিল।

তেওঁ কয় যে এই সন্দৰ্ভত ২০২০ত তেওঁ সকলো সাংসদ, মুখ্যমন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশলৈ পত্ৰ লিখি তেওঁলোকৰ পৰামৰ্শ বিচাৰিছিল। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ সচিবে এই সন্দৰ্ভত দেশৰ সকলো আইপিএছ বিষয়া আৰু জিলা দণ্ডাধীশৰপৰা পৰামৰ্শ বিচাৰিছিল। শ্ৰী শ্বাহে কয় যে তেওঁ নিজেই এই আইনসমূহৰ সন্দৰ্ভত ১৫৮খন পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছত এই আইনসমূহ গৃহ মন্ত্ৰণালয়ৰ কমিটিলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াত ডেৰ-দুই তিনিমাহ ধৰি এই আইনসমূহৰ সন্দৰ্ভতগভীৰ আলোচনা অব্যাহত থাকে আৰু সকলো দলৰে সাংসদে ইয়াত অংশগ্ৰহণেৰে নিজৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে ইয়াত একাংশ ৰাজনৈতিক পৰামৰ্শৰ বাহিৰে প্ৰতিটো পৰামৰ্শ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মুঠ ৯৩টা সাল-সলনিৰে এই বিধেয়কখন পুনৰ কেবিনেটে গৃহীত কৰিছিল আৰু তাৰ পিছত সংসদত দাখিল কৰা হৈছিল। তেওঁ কয় যে ইমান বিশাল সংস্কাৰ সাধনক ৰাজনৈতিক ৰং দিয়াটো উচিত নহয় আৰু এই আইনখন সংবিধানৰ মনোভাৱ অনুসৰি দেশৰ ১৪০ কোটি নাগৰিকক সময়োপযোগী ন্যায় আৰু আত্মসন্মান প্ৰদানৰ এক প্ৰক্ৰিয়া। তেওঁ কয় যে ইয়াৰ বাহিৰে ভাৰতৰ স্বাধীনতাৰ পিছৰেপৰা এতিয়ালৈকে কোনো আইনৰ বিষয়ে ইমান দিনে আলোচনা হোৱা নাই। গৃহমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলকে ৰাজনীতি পৰিহাৰেৰে এই আইনসমূহক সমৰ্থন কৰিবলৈ আৰু জনসাধাৰণৰ স্বাৰ্থত ইয়াৰ পৰামৰ্শসমূহ আলোচনা কৰিবলৈ আহ্বান জনায়।

এই সংবাদমেলত সাংবাদিকসকলে ১৫ দিনৰ পুলিচ ৰিমাণ্ড সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ প্ৰদানেৰেতেওঁ কয় যে নতুন আইনত ৰিমাণ্ডৰ সময় বাঢ়িছে বুলি একাংশ লোকে ভুল কথাপ্ৰচাৰ কৰিছে।কিন্তু, সত্যটো হ’ল নতুন আইনত আগৰ দৰেই ৰিমাণ্ডৰ সময় ১৫ দিনএকাংশ লোকে ৰিমাণ্ডৰ সময় বৃদ্ধিক লৈ মিছাকথা বিয়পাইছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই আইনসমূহত ৬০ দিনৰ ভিতৰত মুঠ ১৫ দিনৰ ৰিমাণ্ডৰ ব্যৱস্থা কৰা হৈছে। আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নতুন আইনখনৰ অধীনত প্ৰথমটো গোচৰ দিল্লীৰ কোনো পথৰ কাষৰ ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হোৱা নাছিল, বৰঞ্চ গোৱালিয়ৰ থানাত চুৰিৰ গোচৰত ৰুজু হৈছিল। তেওঁ কয় যে দিল্লীত বিক্ৰেতাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰটো পুৰণি বিধানৰ অধীনস্থ, যাক পুনৰীক্ষণৰ ব্যৱস্থাৰ ব্যৱহাৰেৰে আৰক্ষীয়ে খাৰিজ কৰিছে। তেওঁ লগতে কয় যে এই আইনসমূহ দেশৰ প্ৰতিটো আঞ্চলিক ভাষাত উপলব্ধ হ’ব আৰু কাৰোবাৰআঁসোৱাহপ্ৰত্যক্ষ হ’লে তেওঁলোকে নিজ-নিজঅভিমত ব্যক্ত কৰিব পাৰে। তেওঁ কয় যে আইন বৰ্জনৰ পৰিৱৰ্তে একেলগে কথা পতাৰ পথ গ্ৰহণ কৰিব লাগে।

R.K./V.V./R./P.R./P.S./SB



(Release ID: 2030138) Visitor Counter : 71