প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীৰ ‘জৱাহৰলাল নেহৰু ষ্টেডিয়াম’ত ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 14 MAR 2024 7:49PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী হৰদীপ সিং পুৰীজী, ভাগৱত কাৰাদজী, দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাজী, ইয়াত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু আজিৰ কাৰ্যসূচীৰ বিশেষত্ব হৈছে যে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে দেশৰ শ শ চহৰৰ লাখ লাখ পথৰ দাঁতিত বেহা কৰা বিক্ৰেতা আমাৰ সৈতে সংযুক্ত হৈ আছে। মই তেওঁলোক সকলোকে আদৰণি জনাইছোঁ।

আজিৰ এই ‘প্ৰধানমন্ত্ৰী স্বনিধি মহোৎসৱ’ আমাৰ কাষে-পাজৰে বসবাস কৰা লোকসকলৰ বাবে সমৰ্পিত আৰু যাৰ অবিহনে আমাৰ দৈনন্দিন জীৱনৰ কথা কল্পনা কৰাও কঠিন হয়। আৰু ক’ভিডৰ সময়ত, আপোনালোক সকলোৱে দেখিছিল পথৰ দাঁতিত বেহা কৰা বিক্ৰেতাসকলৰ অৱস্থা কি হৈছিল। আজি এই উৎসৱত পথৰ দাঁতিৰ বেপাৰী-পোহাৰী, ঠেলা চলোৱাসকল, পথৰ কাষৰ দোকান চলাই থকা এনে প্ৰতিগৰাকী বন্ধুক মই হৃদয়েৰে অভিনন্দন জনাইছোঁ। আজি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বন্ধু সংযোজিত হৈছে তেওঁলোককো এই উত্সৱত বহুত বহুত অভিনন্দন জনাইছোঁ। আজি দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা সংযোজিত হোৱা বন্ধুসকল, এই ‘প্ৰধানমন্ত্ৰী স্বনিধি’ৰ এক বিশেষ লাভ, এক বিশেষ লাভ আজি ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ অধীনত এক লাখ লোকক তেওঁলোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন স্থানান্তৰ কৰা হৈছে। আৰু সোণত সুৱগা চৰোৱাৰ দৰে আজি ‘দিল্লী মেট্ৰ'ৰ ‘লাজপত নগৰৰ পৰা সাকেত জি ব্লকলৈ আৰু ইন্দ্ৰপ্ৰস্থক ইন্দৰলোক মেট্ৰ' প্ৰকল্প’লৈ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এয়া হৈছে দিল্লীবাসীৰ বাবে এক দ্বৈত উপহাৰ। মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আমাৰ দেশৰ চহৰসমূহত লাখ লাখ বন্ধুৱে পথৰ দাঁতিত, ঠেলাত ব্যাপক হাৰত বেহা-বেপাৰ কৰে। এইসকল সহকৰ্মী যি আজি ইয়াত উপস্থিত আছে। যিয়ে নিজৰ পৰিয়ালৰ ভৰণ-পোষণ দিবলৈ স্বভিমানেৰে কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকৰ গাড়ী, তেওঁলোকৰ দোকানবোৰ সৰু হ'ব পাৰে, কিন্তু তেওঁলোকৰ সপোনবোৰ সৰু নহয়, তেওঁলোকৰ সপোনবোৰো ডাঙৰ। অতীতত, পূৰ্বৰ চৰকাৰবোৰে আনকি এই বন্ধুসকলৰ খবৰেই লোৱা নাছিল। তেওঁলোকে অপমান সহ্য কৰিব লগা হৈছিল, হেঁচা-ঠেলা খাবলৈ বাধ্য হৈছিল। যদি ফুটপাথত সা-সামগ্ৰী বিক্ৰী কৰোঁতে টকাৰ প্ৰয়োজন হয়, তেন্তে বাধ্য হৈ অধিক হাৰৰ সুদত টকা ধাৰে ল’বলগীয়া হৈছিল। আৰু যদি এই ধন ঘূৰাই দিওতে কেইদিনমান পলম হৈছিল, মাত্ৰ কেইঘণ্টামান পলম হ’লেও তেওঁলোকে অপমান সহ্য কৰিবলগীয়া হৈছিল, সুদো পৰিশোধ কৰিব লগা হৈছিল। আৰু বেংকবোৰত তেওঁলোকৰ কোনো একাউণ্টেই নাছিল, বেংকবোৰত তেওঁলোকে প্ৰৱেশৰ সুবিধা পোৱা নাছিল, সেয়েহে ঋণ পোৱাৰ প্ৰশ্ন উত্থাপিত হোৱাই নাছিল। আনকি কোনোবাই কেনেবাকৈ একাউণ্ট খুলিবলৈ উপস্থিত হৈছিলগৈ যদিও তেওঁ বিভিন্ন গেৰাণ্টী দিবলগীয়া হৈছিল। আৰু এনে পৰিস্থিতিত বেঙ্কৰ পৰা ঋণ লোৱাটো বস্তুতঃ অসম্ভৱ আছিল। যিসকলৰ বেংক একাউণ্ট আছিল তেওঁলোকৰ ব্যৱসায়ৰ কোনো তথ্যই নাছিল। ইমানবোৰ সমস্যাৰ মাজত কোনো ব্যক্তিয়ে কেনেকৈ কোনো ডাঙৰ সপোন অবিহনে আগবাঢ়ি যোৱাৰ কথা ভাবিব পাৰে? আপোনালোকে মোক কওঁকচোন, মই বৰ্ণনা কৰি থকাৰ দৰে সমস্যা আপোনালোকৰ হৈছিলনে নাই? এনে সমস্যা সকলোৱে ভুগিবলগীয়া হৈছিল নে নাই?

আগৰ চৰকাৰে আপোনালোকৰ সমস্যাবোৰ শুনা নাছিল, বা সেইবোৰ বুজি পোৱা নাছিল, বা সমস্যাবোৰ সমাধান কৰিবলৈ কোনো পদক্ষেপেই লোৱা নাছিল। আপোনালোকৰ এই সেৱকজন দৰিদ্ৰতাৰ পৰা ওলাই আহিহে এইখিনি পাইছেহি। মই দাৰিদ্ৰ জীৱন কটাইহে এইখিনিত উপস্থিত হৈছোহি। আৰু সেয়েহে যিসকলৰ খবৰ কোনেও লোৱাৰ প্ৰয়োজন বোধ কৰা নাছিল, তেওঁলোকৰ খবৰ মোদীয়ে লৈছেও আৰু মোদীয়ে তেওঁলোকক উপাসনাও কৰিছে। যিসকলৰ ‘গেৰাণ্টী’ দিবলৈ একোৱেই নাছিল, তেতিয়া মোডীয়ে কৈছিল যে আনকি বেংক আৰু পথৰ দাঁতিত বেহা কৰা বেপাৰীসকলৰ পৰাও, যদি আপোনালোকৰ ‘গেৰাণ্টী’ দিবলৈ একো নাই তেন্তে চিন্তা নকৰিব, মোদীয়ে আপোনালোকৰ ‘গেৰাণ্টী’ লৈছে, আৰু মই আপোনালোকৰ ‘গেৰাণ্টী’ লৈছিলোঁ। আৰু আজি মই গৌৰৱেৰে কওঁ যে মই ডাঙৰ ডাঙৰ মানুহৰ অসততাও দেখিছো আৰু সৰু সৰু মানুহৰ সততাও দেখিছোঁ। ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ হৈছে মোদীৰ এনে এক ‘গেৰাণ্টী’, যি আজি এনে সৰু সৰু কাম কৰা লাখ লাখ পৰিয়ালৰ সম্বল হৈ উঠিছে।

 

মোদীয়ে সিদ্ধান্ত লৈছিল যে তেওঁলোকে বেংকৰ পৰা সস্তীয়া ঋণ পাব লাগে, আৰু মোদীৰ গেৰাণ্টীত ঋণ লাভ কৰিব লাগে। এই সিদ্ধান্তৰ আধাৰতে প্ৰথমবাৰৰ বাবে যেতিয়া আপোনালোকে ঋণ ল'বলৈ গৈছিল, আপোনালোকক ১০ হাজাৰ টকা দিয়া হৈছিল। আপোনালোকে যদি এই ঋণ সময়মতে পৰিশোধ কৰিছিল, বেঙ্কে নিজেই আপোনালোকক ২০ হাজাৰ টকাৰ সুযোগ আগবঢ়াইছিল। আৰু এই ধনো সময়মতে পৰিশোধ কৰাৰ পিছত, আৰু ‘ডিজিটেল লেনদেন’ কৰাৰ পিছত, বেংকবোৰৰ পৰা ৫০ হাজাৰ টকালৈকে সহায় নিশ্চিত কৰা হৈছে। আৰু আজি আপোনালোকে ইয়াত দেখিছে, কিছুমান লোক আছে যিয়ে ৫০ হাজাৰৰ কিস্তি লাভ কৰিছে। অৰ্থাৎ, ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’য়ে ক্ষুদ্ৰ ব্যৱসায় সম্প্ৰসাৰণত যথেষ্ট সহায় কৰিছে। এই পৰ্যন্ত, দেশৰ ৬২ লাখৰো অধিক হিতাধিকাৰীয়ে প্ৰায় ১১ হাজাৰ কোটি টকা লাভ কৰিছে। সংখ্যাটো কিন্তু সৰু নহয়, পথৰ দাঁতিত বেহা কৰা বিক্ৰেতা ভাই-ভনীসকলৰ হাতত, এয়া হৈছে মোদীৰ বিশ্বাস যে তেওঁলোকৰ হাতত ১১ হাজাৰ কোটি টকা দিয়া হৈছে। আৰু এতিয়ালৈকে মোৰ অভিজ্ঞতা হৈছে যে তেওঁলোকে সময়মতে টকা ঘূৰাই দিয়ে। আৰু মই সুখী যে ‘প্ৰধানমন্ত্ৰী স্বনিধি’ৰ আধাতকৈয়ো অধিক হিতাধিকাৰী হৈছে আমাৰ মাতৃ আৰু ভগ্নীসকল।

বন্ধুসকল,

ক’ৰোনাৰ সময়ত চৰকাৰে যেতিয়া ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ আৰম্ভ কৰিছিল, ইযে কিমান ডাঙৰ আঁচনি হ'ব সেই বিষয়ে কাৰো কোনো ধাৰণাই নাছিল। তেতিয়া কিছুমান মানুহে কৈছিল যে এইখন আঁচনিৰ পৰা বিশেষ কিবা লাভ হ’ব বুলি আশা কৰিব নোৱাৰি। কিন্তু ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ বিষয়ে শেহতীয়াকৈ লাভ কৰা অধ্যয়ন কিন্তু এনেবোৰ লোকৰ বাবে চকু মুকলি কৰিব পৰা বিধৰ। ‘স্বনিধি আঁচনি’ৰ ফলত পথ-পদপথ-ঠেলাত বেহা কৰা লোকসকলৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে। ক্ৰয় আৰু বিক্ৰীৰ সবিশেষ ডিজিটেলভাবে ৰেকৰ্ড হোৱাৰ বাবে এতিয়া আপোনালোক সকলোৰে বাবে বেংকৰ পৰা সহায় লাভ কৰাটো সহজ হৈ উঠিছে। কেৱল এয়াই নহয়, এই বন্ধুসকলে ‘ডিজিটেল লেনদেন’ৰ বাবদ বছৰি ১২০০ টকালৈকে ‘কেছবেক’ লাভ কৰে। অৰ্থাৎ, আপোনালোকে এক প্ৰকাৰৰ পুৰস্কাৰ লাভ কৰিছে, পৰিচিতি লাভ কৰিছে।

বন্ধুসকল,

আপোনালোকৰ দৰে লাখ লাখ পৰিয়াল যিয়ে পথৰ দাঁতিত বেহা কৰে, তেওঁলোকে চহৰবোৰত অতি কঠিন পৰিস্থিতিত বাস কৰি আহিছে। আপোনালোকৰ বেছিভাগেই গাঁৱৰ পৰা আহি চহৰবোৰত এই কাম কৰেহি। এই ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ কেৱল বেংকৰ সৈতে সংযোগ স্থাপনৰেই কাৰ্যসূচী নহয়। ইয়াৰ হিতাধিকাৰীসকলে চৰকাৰৰ অন্যান্য আঁচনিসমূহৰ প্ৰত্যক্ষ লাভো পাই আহিছে। আপোনালোকৰ দৰে সকলো বন্ধুৱে বিনামূলীয়া ৰেচন, বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া গেছৰ সংযোগ লাভ কৰিছে। আপোনালোক সকলোৱে জানে যে কৰ্মৰত সহকৰ্মীসকলৰ বাবে চহৰসমূহত নতুন ৰেচন কাৰ্ড বনোৱাটো কিমান ডাঙৰ প্ৰত্যাহ্বান আছিল। মোদীয়ে এই সমস্যাটো দূৰ কৰিবলৈ এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। সেয়েহে, ‘ওৱান নেশ্যন, ওৱান ৰেচন কাৰ্ড’, ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’-ৰ পৰিকল্পনা কৰা হৈছে। এতিয়া একেখন ৰেচন কাৰ্ডত দেশৰ যিকোনো ঠাইতে ৰেচন উপলব্ধ হৈছে।

বন্ধুসকল,

পথৰ দাঁতিৰ বেছিভাগ বিক্ৰেতাই বস্তি অঞ্চলত বাস কৰে। মোদীয়ে এই বিষয়েও চিন্তা কৰিছে। দেশত নিৰ্মাণ কৰা ৪ কোটিতকৈয়ো অধিক ঘৰৰ ভিতৰত চহৰীয়া দৰিদ্ৰ লোকসকলক প্ৰায় এক কোটি ঘৰ প্ৰদান কৰা হৈছে। দেশৰ বিভিন্ন চহৰত ইয়াৰ যথেষ্ট লাভ দৰিদ্ৰসকলে পাবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰে ৰাজধানী দিল্লীত বস্তিঅঞ্চলতো পকীঘৰ প্ৰদান কৰাৰ বাবে এটা ডাঙৰ অভিযান চলাই আছে। দিল্লীত ৩ হাজাৰতকৈয়ো অধিক ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, আৰু অতি ৩.৫ হাজাৰৰো অধিক ঘৰ অচিৰেই সম্পূৰ্ণ হ'ব। দিল্লীত অননুমোদিত কলনীসমূহৰ নিয়মীয়াকৰণৰ কামো দ্ৰুত গতিত সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ, ভাৰত চৰকাৰে ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ-বিনামূলীয়া বিদ্যুৎ আঁচনি’ও আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, কেন্দ্ৰীয় চৰকাৰে ঘৰৰ মুধচত সৌৰপাত সংস্থাপনৰ বাবে সম্পূৰ্ণ সহায় আগবঢ়াব। ই ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব। অতিৰিক্ত বিদ্যুত চৰকাৰক বিক্ৰী কৰিও উপাৰ্জন কৰাৰ সুযোগ পাব। চৰকাৰে এই আঁচনিখনত ৭৫ হাজাৰ কোটি টকা ব্যয় কৰিবলৈ প্ৰস্তুতি সম্পৰ্ণ কৰিছে।

বন্ধুসকল,

কেন্দ্ৰৰ বিজেপি চৰকাৰে দিল্লীত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আছে। এফালে, আমি চহৰীয়া দৰিদ্ৰ লোকসকলৰ বাবে পকী ঘৰ নিৰ্মাণ কৰিছো, আৰু আনফালে আমি মধ্যবিত্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণত সহায় কৰি আছো। সমগ্ৰ দেশৰ প্ৰায় ২০ লাখ মধ্যবিত্ত পৰিয়ালক ঘৰ নিৰ্মাণৰ বাবে প্ৰায় ৫০,০০০কোটি টকাৰ ৰাজসাহায্য দিয়া হৈছে। আমি দেশৰ চহৰসমূহত যান-বাহন আৰু প্ৰদূষণৰ সমস্যাৰ সৈতে আন্তৰিকতাৰে মোকাবিলা কৰিবলৈ নিয়োজিত হৈ আছো। ইয়াৰ বাবে, দেশৰ বহু সংখ্যক চহৰত মেট্ৰ' সুবিধা সম্প্ৰসাৰণৰ বাবে কাম কৰা হৈছে, বৈদ্যুতিক বাছ চলোৱা হৈছে। ‘দিল্লী মেট্ৰ'ৰ পৰিসৰ যোৱা ১০টা বছৰত প্ৰায় দুগুণ হৈছে। পৃথিৱীৰ কেৱল কেইখনমান দেশৰহে দিল্লীৰ দৰে ডাঙৰ মেট্ৰ' নেটৱৰ্ক আছে। দৰাচলতে, ‘দিল্লী-এনচিআৰ’কো ‘নমো ভাৰত’ৰ দৰে দ্ৰুত ৰে'ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে। আমাৰ চৰকাৰে দিল্লীত যান-বাহনৰ প্ৰদূষণ হ্ৰাস কৰিবলৈও নিৰন্তৰ কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰে দিল্লীত এক হাজাৰতকৈয়ো অধিক বৈদ্যুতিক বাছ চলাইছে। আমি দিল্লীৰ চাৰিওফালে নিৰ্মাণ কৰা এক্সপ্ৰেছৱে’বোৰেও যান-বাহন আৰু প্ৰদূষণৰ সমস্যা হ্ৰাস কৰিছে। কেইদিনমান আগতে মাত্ৰ ‘দ্বাৰকা এক্সপ্ৰেছৱে’’ উদ্বোধন কৰা হৈছে। এইটোৱে দিল্লীৰ এক বৃহৎ সংখ্য নাগৰিকৰ জীৱন সহজসাধ্য কৰি তুলিব।

বন্ধুসকল,

বিজেপি চৰকাৰখনে নিৰন্তৰ প্ৰয়াস কৰি আহিছে যে দৰিদ্ৰ আৰু মধ্যবিত্ত যুৱক-যুৱতীসকল ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওক। ইয়াৰ বাবে, যোৱা ১০টা বছৰত আমি প্ৰতিটো স্তৰত এক পৰিৱেশ সৃষ্টি কৰিছোঁ। ‘খেলো ইণ্ডিয়া আঁচনি’ৰ জৰিয়তে সাধাৰণ পৰিয়ালৰ পুত্ৰ আৰু কন্যাও সমগ্ৰ দেশতে আগবাঢ়ি আহিছে, যিসকলে আগতে সুযোগ পোৱাটোৱেই অসম্ভৱ আছিল। আজি তেওঁলোকৰ ঘৰৰ কাষতে ভাল ক্ৰীড়া সুবিধা নিৰ্মাণ কৰা হৈছে, চৰকাৰে তেওঁলোকক প্ৰশিক্ষণৰ বাবে সহায় কৰি আছে। সেয়েহে, মোৰ দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈসকলেও ত্ৰিৰংগাৰ গৌৰৱ বৃদ্ধি কৰি আছে।

বন্ধুসকল,

দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাত মোদী নিয়োজিত হৈ আহিছে। আনহাতে, ‘ইণ্ডি মিত্ৰজোঁট’, যিয়ে দিল্লীত মোদীক দিন-ৰাতি গালি দিয়াৰ ‘ইস্তাহাৰ’ লৈ একত্ৰিত হৈছে। এই ‘ইণ্ডি মিত্ৰতা’ৰ আদৰ্শ কি? তেওঁলোকৰ আদৰ্শ হৈছে অপশাসন, দুৰ্নীতি আৰু দেশবিৰোধী কাৰ্যসূচীত ইন্ধন যোগোৱা। আৰু মোদীৰ আদৰ্শ হৈছে জনসাধাৰণৰ কল্যাণৰ জৰিয়তে ৰাষ্ট্ৰক লাভান্বিত কৰা, দুৰ্নীতি আৰু তোষণক সমূলে নিৰ্মূল কৰা, আৰু ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলা। তেওঁলোকে কয় যে মোদীৰ কোনো পৰিয়াল নাই। মোদীৰ বাবে দেশৰ প্ৰতিটো পৰিয়ালেই তেওঁৰ নিজৰ পৰিয়াল। আৰু সেয়েহে আজি সমগ্ৰ দেশেও কৈছে – ‘আমি হৈছো মোদীৰ পৰিয়াল’!

বন্ধুসকল,

দেশৰ সাধাৰণ মানুহৰ সপোন আৰু মোদীৰ সংকল্প, এই অংশীদাৰিত্বই হৈছে এক গৌৰৱময় ভৱিষ্যতৰ ‘গেৰাণ্টী’। আকৌ এবাৰ দিল্লীৰ বাসিন্দাসকলক, সমগ্ৰ দেশৰ ‘স্বনিধি হিতাধিকাৰী’সকলক বহুত বহুত অভিনন্দন জনাইছোঁ। বহুত বহুত অভিনন্দন, ধন্যবাদ।

*****

DS/ST/DK/AK/KB



(Release ID: 2014944) Visitor Counter : 30