প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

পৰ্যটকসকলক চাহ বাগিচা পৰিদৰ্শন কৰিবলৈ জনায় আহ্বান

प्रविष्टि तिथि: 09 MAR 2024 2:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে। তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"অসম ইয়াৰ সুন্দৰ চাহ বাগিচাসমূহৰ বাবে জনাজাত, আৰু অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে।

মই চাহ বাগিচাৰ অসাধাৰণ সম্প্ৰদায়টোক প্ৰশংসা কৰিব বিচাৰিছোঁ, যিসকলে কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সমগ্ৰ বিশ্বতে অসমৰ সন্মান বৃদ্ধি কৰি আহিছে।

মই পৰ্যটকসকলক ৰাজ্যখন ভ্ৰমণৰ সময়ত এই চাহ বাগিচাসমূহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছোঁ।"

 

***

DS/KB


(रिलीज़ आईडी: 2013000) आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam