প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ আদৰ্শক প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
05 MAR 2024 9:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৪ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে বেংককত ভগৱান বুদ্ধ আৰু তেওঁৰ শিষ্য অৰহন্ত সৰিপুত্তা আৰু অৰহন্ত মহা মোগ্গল্লানাৰ পবিত্ৰ স্মৃতিক থাইলেণ্ডৰ লাখ লাখ ভক্তই প্ৰণাম জনোৱাৰ সময়ত ভগৱান বুদ্ধৰ আদৰ্শক প্ৰশংসা কৰে।
তেওঁ ভক্তসকলক চিয়াং মাই, উবন ৰাটচাথানি আৰু ক্ৰাবিত প্ৰণাম জনাবলৈ আহ্বান জনায়, য’ত অনাগত দিনত এই স্মৃতিথলীবোৰ সন্নিবিষ্ট কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে এক্সত কয় :
"ভগৱান বুদ্ধৰ আদৰ্শই ভাৰত আৰু থাইলেণ্ডৰ মাজত থকা গভীৰ সংযোগ প্ৰতিফলিত কৰা এক আধ্যাত্মিক সেতু হিচাপে কাম কৰে। ভক্তসকলে আধ্যাত্মিকভাৱে সমৃদ্ধ অভিজ্ঞতা লাভ কৰাত মই আনন্দিত আৰু মই ভক্তসকলক চিয়াং মাই, উবন ৰটচাথানি আৰু ক্ৰাবিত প্ৰণাম কৰিবলৈ আহ্বান জনাইছো, য'ত অনাগত দিনত স্মৃতিস্থলবোৰ সন্নিৱিষ্ট কৰা হ'ব।"
***
DS/RT/KD
(ৰিলিজ আই ডি : 2011485)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam