প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ভাৰতীয় ন্যায্য সংহিতা, ২০২৩ আৰু ভাৰতীয সাক্ষ্য সংহিতা অধিনিয়ম ২০২৩ গহীত হোৱাটো আমাৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্তঃ প্ৰধানমন্ত্ৰী

ৰাজহুৱা সেৱা আৰু কল্যানকেন্দ্ৰিক আইনসমূহে নতুন যুগৰ সূচনা কৰিলেঃ প্ৰধানমন্ত্ৰী

Posted On: 21 DEC 2023 9:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ সংসদ গৃহীত হোৱাক প্ৰশংসা কৰি ভাৰতৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। তেওঁ আলোকপাত কৰে যে এই বিধেয়কসমূহে সমাজৰ দৰিদ্ৰ, প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ বাবে বৰ্ধিত সুৰক্ষা নিশ্চিত কৰাৰ লগতে সংগঠিত অপৰা, সন্ত্ৰাসবাদ আৰু এনেধৰণৰ অন্যান্য অপৰাধৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আইনী সংস্কাৰসমূহে ভাৰতৰ আইনী কাঠামোক অমৃত কালত অধিক প্ৰাসংগিক আৰু সহানুভূতিশীল হবলৈ পুনৰ সংজ্ঞায়িত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত তিনিখন বিধেয়ক সন্দৰ্ভত আলোচনা কৰা ভিডিঅও শ্বেয়াৰ কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ গৃহীত হোৱাটো আমাৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্ত। এই বিধেয়কসমূহে ঔপনিৱেশিক যুগৰ আইনসমূহৰ অন্ত পেলায়। ৰাজহুৱা সেৱা আৰু কল্যানকেন্দ্ৰিক আইনসমূহে নতুন যুগৰ সূচনা কৰিলে

এই পৰিৱৰ্তনশীল বিধেয়কসমূহ সংস্কাৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰমাণ। এইবোৰে প্ৰযুক্তি আৰু ফৰেনছিক বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ আইনী, পুলিচিং আৰু তদন্ত ব্যৱস্থাক আধুনিক যুগলৈ ধাবিত কৰে। এই বিধেয়কসমূহে আমাৰ সমাজৰ দৰিদ্ৰ, প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ সুৰক্ষা নিশ্চিত কৰে।

একে সময়তে এই বিধেয়কসমূহে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদ আৰু এনে অপৰাধৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে যিয়ে আমাৰ প্ৰগতিৰ শান্তিপূৰ্ণ যাত্ৰাৰ মূলতে আঘাত হানে। তেওঁলোকৰ জৰিয়তে আমি দেশদ্ৰোহৰ ওপৰত থকা আওপুৰণি শিতানবোৰকো আঁতৰ কৰিছো।

আমাৰ অমৃত কালত এই আইনী সংস্কাৰসমূহে আমাৰ আইনী কাঠামোক অধিক প্ৰাসংগিক আৰু সহানুভূতিশীল হবলৈ পুনৰ সংজ্ঞায়িত কৰে। গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীয়ে ভাষণ এই বিধেয়কসমূহৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰিছে।

***

DS/TS/DB



(Release ID: 1990098) Visitor Counter : 159