প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দূৰদৰ্শী চকু বিশেষজ্ঞ তথা শংকৰ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ এছ এছ বদ্ৰীনাথৰ বিয়োগত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 21 NOV 2023 1:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী চকু বিশেষজ্ঞ তথা শংকৰ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ এছ এছ বদ্ৰীনাথৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এগৰাকী দুৰদৰ্শী, চকু বিশেষজ্ঞ তথা শংকৰ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ এছ এছ বদ্ৰীনাথৰ বিয়োগত মৰ্মাহত হৈছো৷ চকু চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু সমাজৰ প্ৰতি তেওঁ আগবঢ়োৱা নিৰৱচ্ছিন্ন সেৱা অবিস্মৰণীয়৷ তেওঁ কাম-কাজে প্ৰতিটো প্ৰজন্মক প্ৰেৰণা যোগাব৷ তেওঁৰ পৰিয়ালৰ আৰু শুভাকাংক্ষীসকলৰ প্ৰতি সমবেদনা জনালোঁ৷ ঔম শান্তি৷”

***

DS/TS/DB



(Release ID: 1978445) Visitor Counter : 68