প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পেৰা বেডমিণ্টনৰ মহিলা ডাবলছৰ SH6 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে নিত্যা শ্ৰী শিৱন আৰু ৰাচানা পেটেলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 26 OCT 2023 9:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পেৰা বেডমিণ্টন মহিলা ডাবলছ SH6 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা নিত্যা শ্রী শিৱন আৰু ৰচনা পেটেলক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটত কয়, “এছিয়ান পেৰা গেমছৰ পেৰা বেডমিণ্টন মহিলা ডাবলছ SH6 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা নিত্যা শ্রী শিৱন আৰু ৰচনা পেটেলক অভিনন্দন। এই কৃতিত্ব তেওঁলোকৰ দক্ষতা আৰু দলীয় কামৰ শক্তিৰ বাবেই সম্ভৱ হৈছে। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা থাকিল।"

***

DS/MS



(Release ID: 1972517) Visitor Counter : 79