প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ, ২০২২ত টেবুল টেনিছ পুৰুষৰ একক - ক্লাছ ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সন্দীপ ডাংগীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 25 OCT 2023 4:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছ, ২০২২ত টেবুল টেনিছ পুৰুষৰ একক – ক্লাছ ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সন্দীপ ডাংগীক অভিনন্দন জ্ঞাপন কৰিছে। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“টেবুল টেনিছ পুৰুষৰ একক – ক্লাছ ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে সন্দীপ ডাংগীক অভিনন্দন জনালোঁ। তেওঁ ব্যতিক্ৰমী দক্ষতা আৰু নিষ্ঠাৰে আমাৰ ৰাষ্ট্ৰখনলৈ সন্মান কঢ়িয়াই আনিছে। এই সফলতাত ভাৰত আনন্দিত হৈছে।”

***

DS/TS/SB



(Release ID: 1972294) Visitor Counter : 77