প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই G20 New Delhi Leader’s Declaration ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

সম্প্ৰসাৰণ আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে মুখ্য বিষয়বস্তুৰ আধাৰত সাতখন ৱেবিনাৰ অনুষ্ঠিত হ’ব

এখন আলোচনাচক্ৰত সমগ্ৰ দেশৰ চিন্তাবিদসকলক (থিংকটেংক)অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে

জি-২০ ভাৰ্চুৱেল সন্মিলন আৰু ভইচ অফ গ্লোবেল ছাউথ ছামিট ২.০ ৰ প্ৰস্তুতিৰো পৰ্যালোচনা সম্পন্ন

Posted On: 18 OCT 2023 7:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই আজি G20 New Delhi Leader’s Declaration ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ, জি-২০ শ্বেৰ্পা, জি-২০ৰ মুখ্য সমন্বয়কৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু নীতি আয়োগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এই সন্দৰ্ভত চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে, সাতখন ৱেবিনাৰৰ এটা শৃংখলা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এইটো সংশ্লিষ্ট মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হ’ব আৰু সকলো সংশ্লিষ্ট বিভাগ ইয়াত জড়িত থাকিব। ৱেবিনাৰৰ বিষয়বস্তু হ’ব (১) শক্তিশালী, বহনক্ষম, সুষম আৰু সৰ্বাংগীন বিকাশ, (২) বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ৰ ওপৰত অগ্ৰগতি ত্বৰান্বিত কৰা, (৩) বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ উন্নয়ন চুক্তি, (৪) একবিংশ শতিকাৰ বাবে বহুপক্ষীয় প্ৰতিষ্ঠান, (৫) প্ৰযুক্তিগত পৰিৱৰ্তন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, (৬) মহিলা নেতৃত্বাধীন উন্নয়ন আৰু (৭) সন্ত্ৰাসবাদ আৰু ধনৰ অবৈধ লেনদেন ৰোধ।

ইয়াৰ উপৰিও, New Delhi Leader’s Declaration ৰ কাৰ্যকৰী ৰূপায়ণৰ বিষয়ে সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব। ইয়াৰ বাবে, সমগ্ৰ দেশৰ বহুতো চিন্তাবিদক (থিংকটেংক)অন্তৰ্ভুক্ত কৰি এখন আলোচনাচক্ৰৰ পৰিকল্পনা কৰা হৈছে।

প্ৰধান সচিবে কয় যে ইস্তাহাৰৰ কাৰ্যকৰীকৰণ নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ বাবে এক উচ্চ-পৰ্যায়ৰ নিৰীক্ষণ প্ৰণালী স্থাপন কৰা হ'ব।

তেওঁলোকে আজিৰ বৈঠকত আগন্তুক জি-২০ ভাৰ্চুৱেল সন্মিলনৰ বিষয়েও আলোচনা কৰে। উল্লেখ্য যে নতুন দিল্লী সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণতে এই উদ্যোগৰ প্ৰস্তাৱ দিছিল। যিহেতু মুখ্য সন্মিলনৰ পিছত এখন দেশে প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ভাৰ্চুৱেল সন্মিলন আয়োজন কৰিব, গতিকে, প্ৰধান সচিবে সকলো সদস্য-দেশ আৰু অতিথি দেশলৈ তথ্যৰ দ্ৰুত প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত বৈদেশিক সচিব শ্ৰী বিনয় কোৱাট্ৰাই ২০২৩ চনৰ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ভইচ অৱ গ্লোবেল ছাউথ সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে প্ৰধান সচিবক অৱগত কৰে।

বৈঠকত Leader’s Declaration ৰ সফল ৰূপায়ণ নিশ্চিত কৰা আৰু উন্নয়ন আৰু কল্যাণৰ ক্ষেত্ৰত বিশ্বব্যাপী সহযোগিতা বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰা হয়।

***



(Release ID: 1969248) Visitor Counter : 78