প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত কেইবাদশকৰ পাছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ টীমৰ দ্বাৰা ঐতিহাসিক স্বৰ্ণ পদক জয়ৰ প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
26 SEP 2023 4:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝাউত এছিয়ান গেমছ ২০২২ত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ টীমে প্ৰতিযোগিতাত ৪১ বছৰৰ পাছত স্বৰ্ণ পদক জয় কৰা বাবে হৃদয় ছেদা, অনুষ আগৰৱালা, সুদীপ্তি হাজেলা আৰু দিব্যকৃত সিংহক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"এয়া অত্যন্ত গৌৰৱৰ কথা যে কেইবাদশকৰ পাছত, আমাৰ ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ টীমে এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰিছে!
হৃদয় ছেদা, অনুষ আগৰৱালা, সুদীপ্তি হাজেলা আৰু দিব্যকৃত সিংহই অদ্বিতীয় কৌশল, টীম ৱৰ্ক প্ৰদৰ্শন কৰিলে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমাৰ দেশক সন্মানিত কৰিলে।
মই এই ঐতিহাসিক প্ৰাপ্তিৰ বাবে টীমক আন্তৰিক অভিনন্দন জনাইছোঁ।"
**********
(ৰিলিজ আই ডি : 1961117)
অতিথি কক্ষ : 128
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam