কেবিনেট

বিএছএনএললৈ ৪জি/৫জি স্পেকট্ৰাম আৱণ্টনৰ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে

‘তৃতীয় পুনৰুজ্জীৱিতকৰণ পেকেজ’ৰ আৱণ্টিত পৰিমান হৈছে ৮৯,০৪৭ কোটি টকা

‘বিএছএনএল’ৰ ‘কৰ্তৃত্বপ্ৰাপ্ত মূলধন’ৰ পৰিমান ১,৫০,০০০ কোটি টকাৰ পৰা ২,১০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ'ব

Posted On: 07 JUN 2023 2:56PM by PIB Guwahati

পুনৰুজ্জীৱিতকৰণ ৰণনীতিৰ অংশ হিচাপে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি বিএছএনএলৰ বাবে মুঠ ৮৯,০৪৭ কোটি টকাৰ আৱণ্টনৰে তৃতীয়টো পুনৰুজ্জীৱিতকৰণ পেকেজলৈ অনুমোদন জনায়। ইকুইটি ইনফিউজনৰ জৰিয়তে বিএছএনএলৰ বাবে ৪জি/৫জি স্পেকট্ৰামৰ আৱণ্টনকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

বিএছএনএলৰ কৰ্তৃত্বপ্ৰাপ্ত মূলধনৰ পৰিমাণ ১,৫০,০০০ কোটি টকাৰ পৰা ২,১০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ'ব।

এই পুনৰুজ্জীৱিতকৰণ পেকেজৰ সৈতে, বিএছএনএল-য়ে ভাৰতৰ দূৰণিবটীয়া অঞ্চলসমূহলৈ সংযোগ প্ৰদানত গুৰুত্ব দি এক সুস্থিৰ টেলিকম সেৱা প্ৰদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিব।

স্পেকট্ৰামৰ বিৱৰণ নিম্নলিখিত ধৰণৰ:

 

 

 

বেণ্ড

আৱণ্টিত স্পেকট্ৰাম

বাজেট সহযোগিতা

700 MHz

10 MHz paired in 22 LSAs

Rs. 46,338.60 কোটি

3300 MHz

70 MHz in 22 LSAs

Rs. 26,184.20 কোটি

26 GHz

800 MHz in 21 LSAs আৰু 650 MHz in 1 LSA

  1. 6,564.93 কোটি

2500 MHz

20 MHz in 6 LSAs আৰু 10 MHz in 2 LSAs

  1. 9,428.20 কোটি

 

আনুষংগিক সা-সামগ্ৰী

  1. 531.89 কোটি

মুঠ

Rs. 89,047.82 কোটি

 

এই স্পেকট্ৰাম আৱণ্টনৰ সুবাদত ‘বিএছএনএল’-য়ে নিম্নোল্লিখিত কাম-কাজসমূহ কৰিবলৈ সক্ষম হ'ব:

1.

a. সমগ্ৰ ভাৰততে ৪জি আৰু ৫জি সেৱা প্ৰদান কৰা।

b. বিভিন্ন সংযোগ প্ৰকল্পৰ অধীনত গ্ৰাম্য আৰু এতিয়াও সামৰি নোলোৱা গাঁওসমূহত ৪জি সেৱা প্ৰদান কৰা।

গ. উচ্চ-গতিৰ ইণ্টাৰনেটৰ বাবে স্থিৰ ৱায়াৰলেছ এক্সেছ (এফডব্লিউএ) সেৱা প্ৰদান কৰা।

ঘ. ‘কেপটিভ নন-পাব্লিক নেটৱৰ্ক’ (চিএনপিএন)ৰ বাবে সেৱা/স্পেকট্ৰাম প্ৰদান কৰা।

 

বিএছএনএল/এমটিএনএল-ৰ পুনৰুজ্জীৱিতকৰণ:

• চৰকাৰে ২০১৯ চনত বিএছএনএল/এমটিএনএলৰ বাবে প্ৰথম পুনৰুজ্জীৱিতকৰণ পেকেজ অনুমোদন জনাইছিল। ইয়াৰ পৰিমাণ আছিল ৬৯,০০০ কোটি টকা আৰু ইয়ে বিএছএনএল/এমটিএনএললৈ স্থিৰতা আনিছিল।

• ২০২২ চনত, চৰকাৰে বিএছএনএল/এমটিএনএলৰ বাবে ১.৬৪ লাখ কোটি টকাৰ দ্বিতীয়টো পুনৰুজ্জীৱিতকৰণ পেকেজ অনুমোদন জনাইছিল। ই ‘কেপেক্স’ৰ বাবে বিত্তীয় সমৰ্থন, গ্ৰামাঞ্চলৰ ‘লেণ্ডলাইন’ৰ বাবে ব্যৱহাৰযোগ্যতাৰ ব্যৱধানপুঁজি, ‘বেলেন্স শ্বীট’ৰ ওপৰত চাপ মুক্ত কৰাৰ বাবে বিত্তীয় সমৰ্থন, আৰু ‘এজিআৰ’-ৰ বকেয়াৰ নিষ্পত্তি, ‘বিএছএনএল’ৰ সৈতে ‘বিবিএনএল’ৰ একত্ৰীকৰণ ইত্যাদিৰ সুবিধা প্ৰদান কৰে।

• এই দুটা পেকেজৰ ফলস্বৰূপে, ‘বিএছএনএল’-য়ে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ‘অপাৰেটিং লাভ’ অৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। ‘বিএছএনএল’ৰ মুঠ ঋণ ৩২,৯৪৪ কোটি টকাৰ পৰা ২২,২৮৯ কোটি টকালৈ হ্ৰাস পাইছে।

• ‘বিএছএনএল’ৰ মুখ্য বিত্তীয় তথ্যাৱলী নিম্নলিখিত ধৰণৰ:

 

 

বিত্তীয় বৰ্ষ ২০২০-২১

বিত্তীয় বৰ্ষ ২০২১-২২

বিত্তীয় বৰ্ষ ২০২২-২৩

ৰাজহ

18,595 কোটি

19,053 কোটি

20,699 কোটি

অপাৰেটিং লাভ

1,177 কোটি

944 কোটি

1,559 কোটি

 

  1. • ‘বিএছএনএল’-য়ে ঘৰুৱা ফাইবাৰ শাখাত শক্তিশালী বিকাশ অৰ্জন কৰিছে। ই প্ৰতি মাহে ১ লাখতকৈয়ো অধিক নতুন সংযোগ প্ৰদান কৰি আছে। ২০২৩ চনৰ মে মাহত ‘বিএছএনএল’ৰ মুঠ ‘গৃহ ফাইবাৰ’ গ্ৰাহকৰ সংখ্যা হৈছে ৩০.৮৮ লাখ। যোৱা বছৰ ঘৰুৱা ফাইবাৰৰ পৰা সংগৃহীত ৰাজহ আছিল ২,০৭১ কোটি টকা।

থলুৱা ৪জি/৫জি প্ৰযুক্তি

• বিশ্বত সীমিত সংখ্যক ‘এণ্ড-টু-এণ্ড’ প্ৰযুক্তি প্ৰদানকাৰী থকা ‘টেলিকম প্ৰযুক্তি’ হৈছে এক কৌশলগত প্ৰযুক্তি।

• মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মানিৰ্ভৰ দৃষ্টিভংগীৰ অধীনত ভাৰতৰ নিজা ৪জি/৫জি প্ৰযুক্তিৰ স্তূপ সফলতাৰে বিকশিত কৰা হৈছে।

• নিয়োজন আৰম্ভ হৈছে। কেইমাহমানৰ ক্ষেত্ৰ নিয়োজনৰ পিছত ইয়াক ‘বিএছএনএল নেটৱৰ্ক’ত সমগ্ৰ দেশতে দ্ৰুতগতিত আৰম্ভ কৰা হ'ব।

 

*******



(Release ID: 1930586) Visitor Counter : 96