প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৯২৮টা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ লাইন ৰিপ্লেচমেণ্ট ইউনিট/ছাব-চিষ্টেম/স্পেয়াৰ আৰু কম্পোনেণ্টৰ চতুৰ্থ পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট (পি আই এল)ত অনুমোদন জনায়

প্ৰধানমন্ত্ৰীয়ে ইয়াক প্ৰতিৰক্ষা খণ্ডৰ বাবে এক ইতিবাচক উন্নয়ন বুলি অভিহিত কৰিছে

Posted On: 16 MAY 2023 9:39AM by PIB Guwahati

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এক টুইটযোগে জনাইছে যে ৯২৮ টা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ লাইন ৰিপ্লেচমেণ্ট ইউনিট (এল আৰ ইউ)/ছাব-চিষ্টেম/স্পেয়াৰ এণ্ড কম্পোনেণ্টৰ চতুৰ্থ পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট (পি আই এল) অনুমোদন কৰা হৈছে। তালিকাখনত হাই-এণ্ড মেটেৰিয়েলছ এণ্ড স্পেয়াৰছ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ আমদানি প্ৰতিস্থাপনৰ মূল্য ৭১৫ কোটি টকা।

শ্ৰী ৰাজনাথ সিঙে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়; “প্ৰতিৰক্ষা খণ্ডৰ বাবে এক ইতিবাচক খবৰ। ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি আমাৰ সংকল্প অধিক শক্তিশালী হ’ব আৰু স্থানীয় উদ্যোগী প্ৰতিভাক উৎসাহিত কৰা হ’ব।”

এই বিষয়ে অধিক বিৱৰণ ইয়াত পোৱা যাব;

https://pib.gov.in/PressReleasePage.aspx?PRID=1923971

****



(Release ID: 1924932) Visitor Counter : 92