প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰবীণ তেলেগু অভিনেতা কৈকালা সত্যনাৰায়ণৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 23 DEC 2022 1:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ তেলেগু অভিনেতা কৈকালা সত্যনাৰায়ণৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"চলচ্চিত্ৰ জগতখনৰ বিশিষ্ট ব্যক্তিত্ব কৈকালা সত্যনাৰায়ণৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে। তেওঁ উল্লেখযোগ্য অভিনয় দক্ষতা আৰু বৈচিত্ৰময় চৰিত্ৰ ৰূপায়ণৰ বাবে সকলো প্ৰজন্মৰ মাজতে জনপ্ৰিয় আছিল। মই তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি।"

***

DS/ST/SB


(ৰিলিজ আই ডি : 1886648) অতিথি কক্ষ : 131