প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১২ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেশ্যনৰ বিশ্ব দুগ্ধ সন্মিলন, ২০২২ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 10 SEP 2022 9:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা প্ৰায় ১০:৩০ বজাত গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ চেণ্টাৰ এণ্ড মাৰ্টত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচন বিশ্ব দুগ্ধ সন্মিলন (আইডিএফ ডব্লিউডিএছ) ২০২২ উদ্বোধন কৰিব।

১২ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া চাৰিদিনীয়া আইডিএফ ডব্লিউডিএছ, ২০২২ হৈছে ঔদ্যোগিক নেতা, বিশেষজ্ঞ, কৃষক আৰু নীতি পৰিকল্পনাকাৰীকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় দুগ্ধ অংশীদাৰসকলৰ এক মণ্ডলী যিয়ে ‘পুষ্টি আৰু জীৱিকাৰ বাবে দুগ্ধজাত সামগ্ৰী’ বিষয়বস্তুক কেন্দ্ৰ কৰি গঢ়ি তুলিছে। আইডিএফ ডব্লিউডিএছ, ২০২২ত ৫০খন দেশৰ প্ৰায় ১৫০০ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।১৯৭৪ চনত প্ৰায় আধা শতিকাৰ পূৰ্বে ভাৰতত অন্তিমবাৰলৈ এনে শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল।

ভাৰতীয় দুগ্ধ উদ্যোগটো এই অৰ্থত অনন্য যে ই এক সমবায় আৰ্হিৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ আৰু প্ৰান্তীয় দুগ্ধ পালকসকলক, বিশেষকৈ মহিলাসকলক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে দুগ্ধ খণ্ডৰ উন্নতিৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে যাৰ ফলত বিগত আঠ বছৰত গাখীৰ উৎপাদন ৪৪%তকৈ অধিক বৃদ্ধি পাইছে। বিশ্বৰ প্ৰায় ২৩% গাখীৰ উৎপাদন কৰা, বছৰি প্ৰায় ২১ কোটি টন গাখীৰ উৎপাদন কৰা আৰু ৮ কোটিতকৈ অধিক দুগ্ধ পালকক শক্তিশালী কৰা ভাৰতীয় দুগ্ধ উদ্যোগৰ সফলতাৰ কাহিনী আইডিএফ ডব্লিউডিএছ,২০২২ত প্ৰদৰ্শন কৰা হ’ব।এই সন্মিলনে ভাৰতীয় দুগ্ধপামৰ সৈতে জড়িত কৃষকসকলক বিশ্বৰ উত্তম পদ্ধতিসমূহৰ সৈতে চিনাকী হোৱাৰ সুবিধা প্ৰদান কৰিব।

***


DS/DB


(रिलीज़ आईडी: 1858508) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam