প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লক্ষ্ণৌত ‘উত্তৰপ্ৰদেশ ইনভেষ্টৰ্ছ ছামিট’ৰ ‘ভূমিপূজন সমাৰোহ@৩.০’-ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ


৮০,০০০কোটিৰো অধিক টকা বিনিয়োগযুক্ত ১৪০৬টা প্ৰকল্পৰ আধাৰশিলা স্থাপন

“আজি পৃথিৱীয়ে আশা কৰি ৰোৱা এক বিশ্বাসযোগ্য সহযোগীৰ যোগ্যতা অৰ্জনৰ সামৰ্থ্য কেৱল গণতান্ত্ৰিক প্ৰমূল্যবোধ সম্পন্ন ভাৰতৰহে আছে”
“আজি পৃথিৱীয়ে ভাৰতৰ সম্ভাৱনাসমূহৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰাৰ লগতে প্ৰদৰ্শনৰ শলাগ লৈছে”

“যোৱা ৮টা বছৰত আমি ‘সুস্থিৰতা’, ‘সমন্বয়’ আৰু ‘স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা’ৰ পৰিৱেশ গঢ়াত মনোনিৱেশ কৰিছো”

“উত্তৰ প্ৰদেশৰ দ্ৰুত প্ৰগতিৰ বাবে আমাৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে ‘আন্তঃগাঁথনি নিৰ্মাণ’, ‘বিনিয়োগ’ আৰু ‘উত্পাদনশীলতা’ৰ ক্ষেত্ৰত একত্ৰিত ভাবে কাম কৰিছে”

“ৰাজ্যখনৰ এগৰাকী সাংসদ হিচাপে মই দেশে বিচৰা ধৰণেই ৰাজ্যৰ প্ৰশাসন আৰু চৰকাৰে সামৰ্থ্য আৰু সম্ভাৱনীয়তা বহণ কৰিছে বুলি অনুভৱ কৰিছো”

“নীতি’, ‘সিদ্ধান্ত’ আৰু ‘অভিপ্ৰায়’ৰে আমি উন্নয়ণৰ সৈতে আছো”

Posted On: 03 JUN 2022 1:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘উত্তৰ প্ৰদেশ ইনভেষ্টৰ্ছ ছামিট’ৰ ‘ভূমিপূজন সমাৰোহ@৩.০’-ত অংশগ্ৰহণ কৰে। সমাৰোহত তেওঁ ৮০,০০০কোটিৰো অধিক টকা বিনিয়োগযুক্ত ১৪০৬টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কৃষি আৰু আনুষংগিক খণ্ড, তথ্য প্ৰযুক্তি তথা ইলেক্ট্ৰনিক্স, এমএছএমই, উত্পাদন, নৱীকৰণযোগ্য শক্তি, ঔষধ, পৰ্যটন, প্ৰতিৰক্ষা তথা এৰ’স্পেচ, হস্ত তাঁত আৰু বস্ত্ৰশিল্পকে ধৰি বিভিন্ন খণ্ডৰ প্ৰকল্প ইয়াত সামৰি লোৱা হৈছে। দেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতিসকলে এই সমাৰোহত অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত অন্যান্য সকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে।

সমাৰোহত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ যুৱ-প্ৰজন্মৰ সামৰ্থ্য, উচৰ্গিত মনোভাৱ, কঠোৰ পৰিশ্ৰমৰ প্ৰতি প্ৰকাশ কৰা আস্থা আৰু বিশ্বাসৰ বাবে বিনিয়োগকাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উদ্যোগপতিসকলক কাশী ভ্ৰমণৰ বাবেও আহ্বান জনায়। “কাশীৰ এগৰাকী জন-প্ৰতিনিধি হিচাপে মই আপোনালোকক কাশী ভ্ৰমণৰ বাবে আহ্বান জনাইছো। কথাটো হৈছে, কাশীয়ে পুৰাতন ঐতিহ্যৰ সৈতে নতুন সংস্কৰণৰ ৰূপত নিজকে প্ৰকাশি তুলিব পৰাটো দৰাচলতে উত্তৰ প্ৰদেশৰ সামৰ্থ্যৰ জীৱন্ত নিদৰ্শনেই হয়” বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে “আজি উত্থাপিত হোৱা প্ৰস্তাৱসমূহেই উত্তৰ প্ৰদেশৰ বাবে নতুন সম্ভাৱনীয়তাৰ সৃষ্টি কৰিব আৰু ইয়েই উত্তৰ প্ৰদেশৰ প্ৰগতিৰ গাঁথাৰ প্ৰতি ক্ৰমাগত ভাবে বৃদ্ধি পোৱা অস্থাকে প্ৰতিফলিত কৰিছে। আজি পৃথিৱীয়ে আশা কৰি ৰোৱা এক বিশ্বাসযোগ্য সহযোগীৰ যোগ্যতা অৰ্জনৰ সামৰ্থ্য কেৱল গণতান্ত্ৰিক প্ৰমূল্যবোধ সম্পন্ন ভাৰতৰহে আছে”। “আজি পৃথিৱীয়ে ভাৰতৰ সম্ভাৱনাসমূহৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰাৰ লগতে প্ৰদৰ্শনৰ শলাগ লৈছে” বুলি মন্তব্য কৰে। তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘জি-২০’ দেশসমূহৰ ভিতৰতে ভাৰত হৈছে সবাতোকৈ দ্ৰুতগতিত আগবঢ়া অৰ্থনীতিৰ দেশ। ‘গ্লোবেল ৰিটেইল ইডেক্স’ৰ প্ৰসংগত ভাৰতৰ স্থান দ্বিতীয় হোৱাৰ লগতে ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে তৃতীয় সৰ্বাধিক শক্তি ব্যৱহাৰকাৰী দেশ। যোৱাটো বৰ্ষত পৃথিৱীৰ ১০০খনৰো অধিক দেশৰ পৰা ভাৰতলৈ হোৱা ৮৪ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগ(এফডিআই)য়ে অভিলেখ ৰচনা কৰিছিল। সেইদৰে, ভাৰতে ৪১৭ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাত্ ৩০ লাখ কোটি টকা পৰিমাণৰ সামগ্ৰী ৰপ্টানী কৰিও যোৱাটো বছৰত নতুন অভিলেখ গঢ়িছিল।

‘এনডিএ’ চৰকাৰৰ আঠোটা বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে, “যোৱা সময়খিনিত আমি ‘ৰিফৰ্ম’, ‘পাৰ্ফৰ্ম’ আৰু ‘ট্ৰেন্সফৰ্ম’ৰ মন্ত্ৰ আওৰাই আগবাঢ়িছো। এই ৮টা বছৰত আমি ‘সুস্থিৰতা’, ‘সমন্বয়’ আৰু ‘স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা’ৰ পৰিৱেশ গঢ়াত মনোনিৱেশ কৰিছো”।

উত্তৰ প্ৰদেশৰ দ্ৰুত প্ৰগতিৰ বাবে “আমাৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে ‘আন্তঃগাঁথনি নিৰ্মাণ’, ‘বিনিয়োগ’ আৰু ‘উত্পাদনশীলতা’ৰ ক্ষেত্ৰত একত্ৰিত ভাবে কাম কৰিছে” বুলিও তেওঁ প্ৰসংক্ৰমে মন্তব্য কৰে। তেওঁ কয়, “ৰাজ্যখনৰ এগৰাকী সাংসদ হিচাপে মই দেশে বিচৰা ধৰণেই ৰাজ্যৰ প্ৰশাসন আৰু চৰকাৰে সামৰ্থ্য আৰু সম্ভাৱনীয়তা বহণ কৰিছে বুলি অনুভৱ কৰিছো। নীতি, সিদ্ধান্ত আৰু অভিপ্ৰায়ৰে আমি উন্নয়ণৰ সৈতে আছো”।

স্মৰ্তব্য যে, ২০১৮ চনৰ ২১ আৰু ২২ ফেব্ৰুৱাৰীত ‘উত্তৰ প্ৰদেশ বিনিয়োগকৰ্তা শীৰ্ষ সন্মিলন’ অনুষ্ঠিত হৈছিল। সেই বছৰৰে ২৯ জুলাই আৰু ২০১৯ চনৰ ২৮ জুলাইত ক্ৰমে প্ৰথম আৰু দ্বিতীয় ‘ভূমি পূজন সমাৰোহ’ অনুষ্ঠিত হৈছিল। প্ৰথম ভূমি পূজন সমাৰোহত ৬৫,০০০ কোটি টকা বিনিয়োগযুক্ত ৮১টা আৰু দ্বিতীয় ভূমি পূজন সমাৰোহত ৬৭,০০০ কোটি টকা বিনিয়োগযুক্ত ২৯০টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

 

***

DS/KB


(Release ID: 1831000)