প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চেন্নাইত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 26 MAY 2022 8:58PM by PIB Guwahati

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মন্ত্ৰীবৰ্গ, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, তামিলনাডু বিধায়কসকল, তামিলনাডুৰ ভাই-ভনীসকল, ৱানককম! তামিলনাডুলৈ অহাটো সদায়য়েই আচৰিত কথা! এয়া বিশেষ ভূমি। ৰাজ্যখনৰ জনসাধাৰণ, সংস্কৃতি আৰু ভাষা অসাধাৰণ। বিখ্যাত ভাৰতীয়াৰে সেয়েহে সুন্দৰকৈ লিখিছিল যেঃ-

सेंतमिल नाडु एन्नुम पोथीनीले इन्बा तेन वन्तु पायुतु कादिनीले |

বন্ধুসকল,

প্ৰতিটো ক্ষেত্ৰতে তামিলনাডুৰ যিকোনো এজন ব্যক্তিয়ে সদায় পাৰদৰ্শিতা দেখুৱাই আহিছে। শেহতীয়াকৈ মই মোৰ বাসগৃহত ইণ্ডিয়ান ডিফ্লিম্পিকছৰ দলটোৰ অভ্যৰ্থনা জনাইছিলো৷ আপোনালোক সকলোৱে জানে এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন সৰ্বশ্ৰেষ্ঠ আছিল। কিন্তু, আপুনি জানেনে যে আমি লাভ কৰা ১৬টা পদকৰ ভিতৰত ৬টাই তামিলনাডুৰ যুৱক-যুৱতীসকলৰ অৱদান আছিল! দলটোলৈ আগবঢ়োৱা শ্ৰেষ্ঠ অৱদানসমূহৰ ভিতৰত এয়া অন্যতম। তামিল ভাষা চিৰন্তন আৰু তামিল সংস্কৃতি গ্ল’বেল। চেন্নাইৰ পৰা কানাডালৈকে, মাদুৰাইৰ পৰা মালয়েছিয়ালৈকে, নামক্কালৰ পৰা নিউয়ৰ্কলৈকে, চেলেমৰ পৰা দক্ষিণ আফ্ৰিকালৈকে পংগাল আৰু পুথাণ্ডুৰ উপলক্ষে অতি উত্সাহেৰে পালন কৰা হয়। ফ্ৰান্সৰ কানত এখন চলচ্চিত্ৰ মহোৎসৱ চলি আছে৷ তাত তামিলনাডুৰ এই মহান ভূমিৰ পুত্ৰ থিৰু এল মুৰুগানে পৰম্পৰাগত তামিল সাজ-পোছাকত ৰেড কাৰ্পেটত খোজ কাঢ়িছিল। ই সমগ্ৰ বিশ্বৰ তামিলসকলক অতি গৌৰৱান্বিত কৰি তুলিছিল।

বন্ধুসকল,

আমি ইয়াত একত্ৰিত হৈ তামিলনাডুৰ উন্নয়ন যাত্ৰাৰ আন এক গৌৰৱময় অধ্যায় উদযাপন কৰিছো৷ একত্ৰিশ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আমি মাত্ৰ এই প্ৰকল্পসমূহৰ সবিশেষ দেখিলো, কিন্তু মই কেইটামান কথা ক’ব বিচাৰিছো। পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াটো স্পষ্টকৈ দেখা গৈছে। আমি এনে কৰিছো কাৰণ ই অৰ্থনৈতিক সমৃদ্ধিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। বাংগালুৰু চেন্নাই এক্সপ্ৰেছৱেই বিকাশৰ দুটা মূল কেন্দ্ৰক সংযোগ কৰিব। চেন্নাই বন্দৰ আৰু মাদুৰাভয়াল সংযোগ কৰা ফ’ৰলেন উচ্চ পথটোৱে চেন্নাই বন্দৰক অধিক কাৰ্যক্ষম কৰি তুলিব আৰু চহৰৰ যান-জঁটমুক্ত কৰিব। নেৰালুৰুৰ পৰা ধৰ্মপুৰী অংশ আৰু মীনসুৰুট্টিৰ পৰা চিদাম্বৰম অংশলৈ সম্প্ৰসাৰণ কৰিলে ইয়াৰ জনতাৰ যথেষ্ট সুবিধা হ’ব। বিশেষকৈ ৫টা ৰে’লৱে ষ্টেচন পুনৰ উন্নয়নৰ কাম চলি থকাৰ বাবে মই আনন্দিত হৈছো। ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই আধুনিকীকৰণ আৰু উন্নয়ন কৰা হৈছে। একে সময়তে ই স্থানীয় কলা-সংস্কৃতিৰ সৈতে মিলি যাব। মাদুৰাই আৰু থেনিৰ মাজত গজ পৰিৱৰ্তনে মোৰ কৃষক ভাই-ভনীসকলক সহায় কৰিব, তেওঁলোকক অধিক বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঐতিহাসিক চেন্নাই লাইট হাউচ প্ৰকল্পৰ অংশ হিচাপে যিসকল লোকে ঘৰ লাভ কৰিব মই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলো৷ আমাৰ বাবে এইটো এটা অতি সন্তুষ্টিদায়ক প্ৰকল্প হৈ পৰিছে। আমি এনে ঘৰবোৰ সুলভ, স্থায়ী আৰু পৰিৱেশ অনুকূল কৰি তোলাৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহ জড়িত কৰাৰ বাবে এক বিশ্বজোৰা প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলো। অভিলেখ সময়ত এনে প্ৰথমটো লাইট হাউছ প্ৰকল্প বাস্তৱায়িত হৈছে আৰু চেন্নাইত এইটো হোৱাৰ বাবে মই আনন্দিত৷ তিৰুভাল্লুৰৰ পৰা বাংগালুৰু আৰু এনোৰেৰ পৰা চেংগালপাট্টুলৈকে প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধনৰ লগে লগে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ লোকসকলে এলএনজি সহজে লাভ কৰিব৷ দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে আৰু চেন্নাই বন্দৰক অৰ্থনৈতিক উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে আজি চেন্নাইত মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তত এনে মাল্টি মডেল লজিষ্টিক পাৰ্ক গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই মাল্টি মডেল লজিষ্টিক পাৰ্কসমূহ আমাৰ দেশৰ মালবাহী পৰিৱেশতন্ত্ৰৰ এক আদৰ্শ হ’ব। বিভিন্ন খণ্ডত এই প্ৰতিটো প্ৰকল্পই চাকৰি সৃষ্টি আৰু আমাৰ আত্মনিৰ্ভৰ হোৱাৰ সংকল্পক বৃদ্ধি কৰিব।

বন্ধুসকল,

মই নিশ্চিত যে আপোনালোকৰ প্ৰত্যেকেই বিচাৰে যে আপোনালোকৰ সন্তানে আপোনালোকতকৈ উন্নত মানদণ্ডৰ জীৱন যাপন কৰক। আপোনালোকৰ প্ৰত্যেকেই আপোনালোকৰ সন্তানৰ বাবে এক গৌৰৱময় ভৱিষ্যত বিচাৰে। তাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পূৰ্বচৰ্তসমূহৰ ভিতৰত আছে উন্নত মানৰ আন্তঃগাঁথনি। ইতিহাসে আমাক শিকাইছে যে যিবোৰ দেশে আন্তঃগাঁথনিক সৰ্বোচ্চ গুৰুত্ব দিছিল, সেইবোৰে উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ পৰিৱৰ্তন হৈছিল। ভাৰত চৰকাৰে উন্নত মানৰ আৰু বহনক্ষম আন্তঃগাঁথনি গঢ়ি তোলাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছে। আন্তঃগাঁথনিৰ কথা কওঁতে মই সামাজিক আৰু ভৌতিক দুয়োটা আন্তঃগাঁথনিৰ কথা কৈছো। সামাজিক আন্তঃগাঁথনি উন্নীত কৰি আমি দুখীয়া কল্যাণ সাধন কৰাৰ লক্ষ্য ৰাখিছো। সামাজিক আন্তঃগাঁথনিৰ ওপৰত আমাৰ গুৰুত্বই ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ৰ নীতিৰ প্ৰতি আমাৰ দায়বদ্ধতাক সূচায়। আমাৰ চৰকাৰে মূল আঁচনিসমূহৰ জৰিয়তে ১০০শতাংশ লোকক সামৰি লোৱাৰ বাবে কাম কৰি আছো। শৌচাগাৰ, গৃহ নিৰ্মাণ, বিত্তীয় অন্তৰ্ভুক্তি আদি যিখণ্ডই নহওক কিয় আমি সম্পূৰ্ণ কভাৰেজৰ দিশত কাম কৰি আছো। আমি প্ৰতিটো ঘৰলৈ খোৱাপানী সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছো-নলৰ জৰিয়তে পানী৷ আমি যেতিয়া সেই কাম কৰো, তেতিয়া বাদ পেলাই থোৱা বা বৈষম্যৰ কোনো পৰিসৰ বাকী নাথাকে। আৰু ভৌতিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিছো, যাতে ভাৰতৰ যুৱক-যুৱতীসকলে সৰ্বাধিক লাভৱান হ’ব৷ ই যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পূৰণত সহায় কৰিব আৰু যুৱক-যুৱতীসকলে সম্পদ আৰু মূল্য সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব।

বন্ধুসকল,

আমাৰ চৰকাৰে গতানুগতিকভাৱে আন্তঃগাঁথনিৰ পৰা আঁতৰত থাকে৷ কেইবছৰমান আগলৈকে আন্তঃগাঁথনি মানে কেৱল পথ, বিদ্যুৎ আৰু পানীক বুজাইছিল। বৰ্তমান আমি ভাৰতৰ গেছ পাইপলাইন নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে কাম কৰি আছো৷ আই-ৱেজৰ ওপৰত কাম চলি আছে। প্ৰতিখন গাঁৱলৈ হাইস্পীড ইণ্টাৰনেট লৈ যোৱাটো আমাৰ দৃষ্টিভংগী। ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ কথা কল্পনা কৰক। কেইমাহমান আগতে আমি পিএম-গতিশক্তি কাৰ্যসূচী আৰম্ভ কৰিছিলো। এই কাৰ্যসূচীয়ে আগন্তুক বছৰসমূহত ভাৰতত শীৰ্ষ মানৰ আন্তঃগাঁথনি থকাটো নিশ্চিত কৰাৰ লক্ষ্যৰে সকলো অংশীদাৰ আৰু মন্ত্ৰালয়ক একত্ৰিত কৰিব। লালকিল্লাৰ পৰা মই এটা নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইনৰ কথা কৈছিলো৷ এশ লাখ কোটি টকাতকৈও অধিক মূল্যৰ এই প্ৰকল্প। এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ বাবে কাম চলি আছে। চলিত বৰ্ষৰ বাজেটৰ সময়ছোৱাত মূলধনী ব্যয়ৰ বাবে ৭.৫ লাখ কোটি টকা আবণ্টন দিয়া হৈছিল যিটো ঐতিহাসিক বৃদ্ধি। আন্তঃগাঁথনি সৃষ্টি কৰাৰ সমান্তৰালভাৱে আমি এইটোও নিশ্চিত কৰিছো যাতে এই প্ৰকল্পসমূহ সময়মতে আৰু স্বচ্ছভাৱে সম্পূৰ্ণ হয়।

বন্ধুসকল,

তামিল ভাষা আৰু সংস্কৃতিক অধিক জনপ্ৰিয় কৰাৰ বাবে ভাৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। চলিত বৰ্ষৰ জানুৱাৰী মাহত চেন্নাইত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিলৰ নতুন কেম্পাছ উদ্বোধন কৰা হয়। নতুন কেম্পাছটো সম্পূৰ্ণ পুঁজিৰে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে। ইয়াত এটা বিশাল পুথিভঁৰাল, এটা ই-লাইব্ৰেৰী, চেমিনাৰ হল আৰু এটা মাল্টিমিডিয়া হল আছে। শেহতীয়াকৈ বানাৰস হিন্দু বিশ্ববিদ্যালয়ত তামিল অধ্যয়নৰ ওপৰত এখন ‘সুব্ৰমনিয়া ভাৰতী চকী’ ঘোষণা কৰা হৈছে। যিহেতু ‘ভূ’ মোৰ সমষ্টিত অৱস্থিত, সেইবাবে বিশেষ আনন্দ পাইছো৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতীয় ভাষাৰ প্ৰচাৰক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে কাৰিকৰী আৰু চিকিৎসা পাঠ্যক্ৰম স্থানীয় ভাষাত কৰিব পৰা যায়। ইয়াৰ দ্বাৰা তামিলনাডুৰ যুৱক-যুৱতীসকল উপকৃত হ’ব।

বন্ধুসকল,

শ্ৰীলংকাই জটিলতাৰ মাজেৰে পাৰ দিন অতিবাহিত কৰিছে৷ মই নিশ্চিত তাৰ ঘটনাবোৰক লৈ আপোনালোক চিন্তিত৷ এক ঘনিষ্ঠ বন্ধু তথা চুবুৰীয়া দেশ হিচাপে ভাৰতে শ্ৰীলংকাক সকলো ধৰণৰ সহায় আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে আৰ্থিক, ইন্ধন, খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সহায় উল্লেখযোগ্য। উত্তৰ, পূব আৰু উন্নত দেশৰ তামিলসকলকে ধৰি বহু ভাৰতীয় সংগঠন আৰু ব্যক্তিয়ে শ্ৰীলংকাৰ নিজৰ ভাই-ভনীসকলৰ বাবে সহায় আগবঢ়াইছে। শ্ৰীলংকালৈ অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতে শক্তিশালীভাৱে উত্থাপন কৰিছে। ভাৰতে শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে থিয় দি শ্ৰীলংকাৰ গণতন্ত্ৰ, স্থিতিশীলতা আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সমৰ্থন আগবঢ়াই যাব।

 

বন্ধুসকল,

কেইবছৰমান পূৰ্বে জাফনালৈ যোৱাটো মই কেতিয়াও নাপাহৰো। মই জাফনা ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী আছিলো৷ শ্ৰীলংকাত তামিল জনসাধাৰণক সহায় কৰাৰ বাবে ভাৰত চৰকাৰে অসংখ্য প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পসমূহে স্বাস্থ্যসেৱা, পৰিবহণ, গৃহ নিৰ্মাণ আৰু সংস্কৃতিক সামৰি লয়।

বন্ধুসকল,

বৰ্তমান আমি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছো। ৭৫বছৰ পূৰ্বে আমি এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিলো। আমাৰ দেশৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ বহু সপোন আছিল। সেইবোৰ পূৰণ কৰাটো আমাৰ কৰ্তব্য আৰু মই নিশ্চিত যে আমি সেই উপলক্ষে উঠিপৰি কাম কৰিম। আমি একেলগে ভাৰতক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰিম। আকৌ এবাৰ আজি আৰম্ভ হোৱা উন্নয়নমূলক কামবোৰৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰিলো৷

ৱানক্কম!

ধন্যবাদ!

***

DS/TS/AK/DB



(Release ID: 1829318) Visitor Counter : 115