প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড০ দেৱেন্দ্ৰ পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 05 APR 2022 2:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত অনকো-ছাৰ্জন ড০ দেৱেন্দ্ৰ পেটেলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আন্তঃগাথনি আৰু কৰ্কট সেৱাৰ উদগণি যোগোৱাৰ ক্ষেত্ৰত ড০ পেটেলৰ অৰিহণাক স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"ড০ দেৱেন্দ্ৰ পেটেলে স্বাস্থ্য আন্তঃগাথনি আৰু কৰ্কট সেৱাৰ উদগণি যোগোৱাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপেৰে অগণন লোকৰ সন্মান আৰু শুভকামনা লাভ কৰিছে। দৰৱক লৈ গভীৰ জ্ঞান আৰু দয়ালু প্ৰকৃতিৰ বাবে তেওঁক আমি সদায় স্মৰণ কৰিম। তেওঁৰ মৃত্যুত মই মৰ্মাহত। তেওঁৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনাইছো। ওঁম শান্তি।"

***

DS/MS


(ৰিলিজ আই ডি : 1814373) অতিথি কক্ষ : 152