প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ১৮ মাৰ্চ, ২০২২ত 'মাতৃভূমি'ৰ শতবৰ্ষৰ ক্ৰমত বছৰজুৰি চলিবলগীয়া সমাৰোহৰ উদ্ঘাটন কৰিব

Posted On: 17 MAR 2022 11:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ১৮ মাৰ্চ, ২০২২ৰ দিনৰ ১১ বজাত মালয়ালম দৈনিক 'মাতৃভূমি'ৰ শতবৰ্ষৰ ক্ৰমত বছৰজুৰি চলিবলগীয়া সমাৰোহৰ উদ্ঘাটন কৰিব।

 

'মাতৃভূমি'ৰ প্ৰকাশ ১৮ মাৰ্চ, ১৯২৩ৰ পৰা আৰম্ভ হৈছিল। কাকতখনে সামাজিক সংস্কাৰ তথা বিকাশ সম্পৰ্কীয় বিষয়সমূহ আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। লগতে ৰাষ্ট্ৰীয় মংগলৰ বিষয়সমূহো তুলি ধৰি আহিছে। 'মাতৃভূমি'ৰ ১৫টা সংস্কৰণ আৰু ১১খন পত্ৰ-পত্ৰিকা আছে। ইয়াৰ উপৰিও 'মাতৃভূমি বুকছ'য়ে বিস্তৃত সামাজিক বিষয়ৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰিছে। 

 

*********

 

DS/SH


(Release ID: 1807279) Visitor Counter : 179