প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হায়দৰাবাদত ভক্তি সন্ত শ্ৰী ৰামানুজাচাৰ্যৰ স্মৰণত 'ষ্টেচু অফ ইকুৱেলিটি' উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 05 FEB 2022 10:17PM by PIB Guwahati

ঔম অসমদ্ গুৰুভ্যো নমঃ!

 

ঔম শ্ৰীমতে ৰামানুজায় নমঃ!

 

কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত তেলেংগানাৰ ৰাজ্যপাল ডাক্তৰ তমিলসাই সৌন্দৰৰাজন জী, পূজ্য শ্ৰী জীয়ৰ স্বামী জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী জি কৃষ্ণ ৰেড্ডী জী, আদৰণীয় শ্ৰীমান ডাক্তৰ ৰামেশ্বৰ ৰাও জী, ভাগৱদ্ বিভূতিৰে সম্পন্ন সকলো পূজ্য সন্তগণ, দেৱী আৰু সুধীসমাজ,

 

আজি মা সৰস্বতীৰ আৰাধনাৰ পৱিত্ৰ পৰ্ব, বসন্ত পঞ্চমীৰ শুভ অৱসৰ। মা শাৰদাৰ বিশেষ কৃপা অৱতাৰ শ্ৰী ৰামানুজাচাৰ্য জীৰ প্ৰতিমা এই অৱসৰত স্থাপিত হৈ আছে। মই আপোনালোক সকলোকে বসন্ত পঞ্চমীৰো শুভকামনা জনাইছো। মই মা সৰস্বতীক এই প্ৰাৰ্থনা কৰিছো যে জগত গুৰু ৰামানুজাচাৰ্যৰ জ্ঞানে বিশ্বৰ পথ প্ৰদৰ্শন কৰক।

 

বন্ধুসকল,

 

আমাৰ ইয়াত কোৱা হৈছে- 'ধ্যান মূলম্ গুৰু মূৰ্তি'! অৰ্থাৎ, আমাৰ গুৰুৰ মূৰ্তিয়েই আমাৰ ধ্যানৰ কেন্দ্ৰ। কিয়নো, গুৰুৰ মাধ্যমতে আমাৰ বাবে জ্ঞান প্ৰকট হয়। যি অবোধ, আমাৰ তাৰ বোধ হয়। অপ্ৰকটক প্ৰকট কৰাৰ এই প্ৰেৰণা, সূক্ষ্মকো সাকাৰ কৰাৰ এই সংকল্প, এয়াই ভাৰতৰ পৰম্পৰা। আমি সদায় সেই মূল্য আৰু বিচাৰক আকাৰ দিছো, যি যুগ যুগ ধৰি মানৱতাক দিশ দেখুৱাব পাৰে। আজি আকৌ এবাৰ, জগত গুৰু শ্ৰী ৰামানুজাচাৰ্য জীৰ এই ভব্য বিশাল মূৰ্তিৰ জৰিয়তে ভাৰতে মানৱীয় শক্তি আৰু প্ৰেৰণাক মূৰ্ত ৰূপ দি আছে। ৰামানুজাচাৰ্য জীৰ এই প্ৰতিমা তেওঁৰ জ্ঞান, বৈৰাগ্য আৰু আদৰ্শৰ প্ৰতীক। মোৰ বিশ্বাস আছে, এই প্ৰতিমাই কেৱল অহা প্ৰজন্মকেই প্ৰেৰণা নিদিয়ে, বৰং ভাৰতৰ প্ৰাচীন পৰিচয়কো শক্তিশালী কৰিব। মই আপোনালোক সকলোকে, সকলো দেশবাসীক, আৰু সমগ্ৰ বিশ্বত সিঁচৰতি হৈ থকা ৰামানুজাচাৰ্য জীৰ সকলো অনুগামীক এই শুভ অৱসৰত বহুত বহুত অভিনন্দন জনাইছো। 

 

বন্ধুসকল,

 

এতিয়া মই ১০৮টা দিব্য দেশম্ মন্দিৰৰ দৰ্শন কৰি আহিছো। আলৱাৰ সন্তসকলে যি ১০৮টা দিব্য দেশম্ মন্দিৰৰ দৰ্শন সমগ্ৰ ভাৰতত ভ্ৰমণ কৰি কৰিছিল, কিছু তেনেকুৱাই সৌভাগ্য মই আজি শ্ৰী ৰামানুজাচাৰ্য জীৰ কৃপাত ইয়াত পাইছো। মানৱতাৰ কল্যাণৰ যি যজ্ঞ তেওঁলোকে ১১শ শতাব্দীত আৰম্ভ কৰিছিল, সেই সংকল্প ইয়াত ১২ দিনলৈ বিভিন্ন অনুষ্ঠানত দোহৰা হৈছে। পূজ্য শ্ৰী জীয়ৰ স্বামী জীৰ স্নেহেৰে আজি 'বিশ্বক্ সেন ঈষ্টি যজ্ঞ'ৰ পূৰ্ণাহুতিত অন্তৰ্ভুক্ত হোৱাৰ সৌভাগ্যও মই পাইছো। মই ইয়াৰ বাবে জীয়ৰ স্বামী জীৰ বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁ মোক কৈছে যে 'বিশ্বক্ সেন ঈষ্টি যজ্ঞ' সংকল্প আৰু লক্ষ্য পূৰণৰ যজ্ঞ। মই এই যজ্ঞৰ সংকল্পক, দেশৰ অমৃত সংকল্পৰ সিদ্ধিৰ বাবে নতমস্তক হৈ সমৰ্পিত কৰিছো। এই যজ্ঞৰ ফল মই নিজৰ ১৩০ কোটি দেশবাসীৰ সপোন পূৰণৰ বাবে অৰ্পিত কৰিছো।

 

বন্ধুসকল,

পৃথিৱীৰ অধিকাংশ সভ্যতাত, অধিকাংশ দৰ্শনত, কোনো বিচাৰক হয় স্বীকাৰ কৰা হৈছে, বা তাক খণ্ডন কৰা হৈছে। কিন্তু ভাৰত এখন এনেকুৱা দেশ, যাৰ মনিষীসকলে জ্ঞানক খণ্ডন-মণ্ডন, স্বীকৃতি-অস্বীকৃতি ইয়াৰ পৰা ওপৰলৈ তুলি চাইছে। স্বয়ং তাতকৈ ওপৰলৈ উঠিছে। দিব্য দৃষ্টিৰে সেই বিবাদক চাইছে। আমাৰ ইয়াত অদ্বৈতও আছে, দ্বৈতও আছে। আৰু এই দ্বৈত-অদ্বৈতক সমাহিত কৰি শ্ৰী ৰামানুজাচার্য জীৰ বিশিষ্ট-দ্বৈতও আমাৰ বাবে প্ৰেৰণা। ৰামানুজাচার্য জীৰ জ্ঞানৰ এক পৃথক ভব্যতা আছে। সাধাৰণ দৃষ্টিত যি বিচাৰক পৰস্পৰ বিৰোধাভাষী যেন লাগে, ৰামানুজাচার্য জীয়ে তাক বৰ সহজতাৰে এটা সূত্ৰত গাঁথি দিয়ে। তেওঁৰ জ্ঞানৰ সৈতে, তেওঁৰ ব্যাখ্যাৰ সৈতে সামান্যতকৈও সামান্য মানৱো সংযুক্ত হৈ পৰে। আপুনি চাওক, এফালে ৰামানুজাচার্য জীৰ ভাষ্যত জ্ঞানৰ পৰাকাষ্ঠা আছে, আৰু আনফালে সেয়া ভক্তিমাৰ্গৰ জনকো। এফালে তেওঁ তেওঁ সমৃদ্ধ সন্ন্যাস পৰম্পৰাৰ সন্তও, আৰু আনফালে গীতা ভাষ্যত কৰ্মৰ মহত্বকো অত্যন্ত উত্তম ৰূপত প্ৰস্তুত কৰে। তেওঁ নিজেও নিজৰ সমগ্ৰ জীৱন কৰ্মৰ বাবে সমৰ্পিত কৰি থাকিল। ৰামানুজাচার্য জীয়ে সংস্কৃত গ্ৰন্থসমূহো ৰচনা কৰিছে, আৰু তামিল ভাষাকো ভক্তিমাৰ্গত সিমানেই মহত্ব দিছে। আজিও ৰামানুজ পৰম্পৰাৰ মন্দিৰসমূহত থিৰুপ্পাৱাইৰ পাঠৰ অবিহনে কোনো অনুষ্ঠান সম্পূৰ্ণ নহয়।

 

বন্ধুসকল,

 

আজি যেতিয়া পৃথিৱীত সামাজিক সংস্কাৰৰ কথা হয়, প্ৰগতিশীলতাৰ কথা হয়, তেতিয়া ধাৰণা কৰা হয় যে সংস্কাৰ শিপাৰ পৰা আঁতৰলৈ গৈ হ'ব। কিন্তু, যেতিয়া আমি ৰামানুজাচার্য জীলৈ চাওঁ, তেতিয়া আমাৰ অনুভৱ হয় যে প্ৰগতিশীলতা আৰু প্ৰাচীনতাত কোনো বিৰোধ নাই। এইটো জৰুৰী নহয় যে সংস্কাৰৰ বাবে নিজৰ মূলৰ পৰা আঁতৰি যাব লাগিব। বৰং, জৰুৰী এইটো হে যে আমি নিজৰ আচল শিপাৰ সৈতে সংযুক্ত হওঁ, নিজৰ বাস্তৱিক শক্তিৰ সৈতে পৰিচিত হওঁ! আজিৰ পৰা এহেজাৰ বছৰৰ আগতে তো ভুল ধাৰণাৰ হেঁচা, অন্ধবিশ্বাসৰ হেঁচা, কল্পনাৰ বাহিৰত, কিমান বেছি আছিল চাগৈ! কিন্তু ৰামানুজাচার্য জীয়ে সমাজত সংস্কাৰৰ বাবে সমাজক ভাৰতৰ আচল বিচাৰৰ সৈতে পৰিচিত কৰালে। তেওঁ দলিত-পিছপৰাসকলক সাৱতি ল'লে, সেই সময়ত যিবোৰ জাতিক লৈ কিছু বেলেগ ভাবনা আছিল, সেই জাতিসমূহক তেওঁ বিশেষ সন্মান দিলে। যাদবগিৰিৰ ওপৰত তেওঁ নাৰায়ণ মন্দিৰ বনোৱালে, য'ত দলিতসকলক দৰ্শন পূজনৰ অধিকাৰ দিলে। ৰামানুজাচার্য জীয়ে ক'লে যে ধৰ্মই কৈছে- "ন জাতিঃ কাৰণং লোকে গুণাঃ কল্যাণ হেতৱঃ" অৰ্থাৎ, সংসাৰত জাতিৰ জৰিয়তে নহয়, গুণেৰে কল্যাণ হয়।  ৰামানুজাচার্য জীৰ গুৰু শ্ৰী মহাপূৰ্ণ জীয়ে এবাৰ অন্য জাতিৰ নিজৰ এজন মিত্ৰৰ অন্তিম সংস্কাৰ কৰিছিল। সেই সময়ত ৰামানুজাচার্য জীয়ে মানুহক ভগৱান শ্ৰীৰামৰ স্মৰণ কৰাইছিল। তেওঁ কয় যে যদি ভগৱান ৰামে নিজ হাতেৰে জটায়ুৰ অন্তিম সংস্কাৰ কৰিব পাৰে, তেন্তে ভেদভাবযুক্ত ধাৰণাৰ আধাৰ ধৰ্ম কেনেকৈ হ'ব পাৰে? এয়া সঁচাই এক ডাঙৰ বাৰ্তা।

 

বন্ধুসকল,

 

আমাৰ সংস্কৃতিৰ এইটো বিশেষত্ব আছে যে, সংস্কাৰৰ বাবে, আমাৰ সমাজৰ ভিতৰৰ পৰাই মানুহ ওলায়। যুগ যুগৰ পৰা চাই আহক, সমাজত যেতিয়াই কিবা বেয়াৰ তত্ত্ব বিয়পিবলৈ ধৰে, কোনো নহয় কোনো মহাপুৰুষৰ আমাৰ মাজৰ পৰাই জন্ম হয়। আৰু এয়া হাজাৰ হাজাৰ বছৰৰ অনুভৱ যে এনেকুৱা সংস্কাৰকে সদায়েই তেওঁলোকৰ কালখণ্ডত স্বীকৃতি পাওক বা নাপাওক, প্ৰত্যাহ্বান থাকক বা নাথাকক, সংকটৰ সন্মুখীন হ'বলগীয়া হওক বা নহওক, বিৰোধো যদি সহিবলগীয়া হয়, কিন্তু সেই বিচাৰত, সেই তত্ত্বত ইমানেই শক্তি আছিল, তেওঁলোকৰ conviction ইমানেই শক্তিশালী হৈছিল যে তেওঁলোকে সমাজৰ বেয়াবিলাকৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ শক্তি লগাই দিছিল। কিন্তু সমাজে যেতিয়া ইয়াক বুজিব পাৰে, তেতিয়া যাৰ এসময়ত বিৰোধ হৈছিল, তেওঁ স্বীকৃতিও সিমানেই দ্ৰুতগতিত লাভ কৰে। সন্মান আৰু আদৰো সিমানেই পায়। এইটো এই কথাৰ প্ৰমাণ যে বেয়াৰ পক্ষত, কু ৰীতিৰ পক্ষত, অন্ধবিশ্বাসৰ পক্ষত সাধাৰণতে আমাৰ সমাজত ছোচিয়েল ছেংচন নহয়। যি বেয়াৰ সৈতে যুঁজ দিয়ে, যি সমাজক সংস্কাৰ কৰে, আমাৰ ইয়াত তেওঁৱেই মান আৰু সন্মান লাভ কৰে।

 

ভাতৃ ভগ্নীসকল,

 

আপোনালোক সকলোৱে ৰামানুজাচাৰ্য জীৰ জীৱনৰ বিভিন্ন দিশৰ সৈতে পৰিচিত। তেওঁ সমাজক সঠিক দিশ দিবলৈ আধ্যাত্মৰ বাৰ্তাও প্ৰয়োগ কৰিছিল, আৰু ব্যৱহাৰিক জীৱনৰো! জাতিৰ নামত যাৰ সৈতে ভেদভাব হৈছিল, ৰামানুজাচাৰ্য জীয়ে তেওঁলোকক নাম দিছিল থিৰুকুলথাৰ। অৰ্থাৎ, লক্ষ্মী জীৰ কুলত জন্ম লওঁতা, শ্ৰীকুল, বা দৈৱীয় জন! তেওঁ স্নান কৰি অহাৰ সময়ত নিজৰ শিষ্য 'ধনুৰ্দাস'ৰ কান্ধত হাত থৈ আহিছিল। এনে কৰি ৰামানুজাচাৰ্য জীয়ে অস্পৃশ্যতাৰ বেয়াক নোহোৱা কৰাৰ সংকেত দিছিল। আৰু সেয়ে আজি ৰামানুজাচাৰ্য জীয়ে বিশাল মূৰ্তি ষ্টেচু অফ ইকুৱেলিটিৰ ৰূপত সমতাৰ বাৰ্তা দি আছে। এই বাৰ্তাকে লৈ আজি দেশে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ মন্ত্ৰেৰে নিজৰ নতুন ভৱিষ্যতৰ ভেটী ৰাখিছে। বিকাশ হওক, সকলোৰে হওক, ভেদভাব নোহোৱাকৈ হওক। সামাজিক ন্যায়, সকলোৱে পাওক, ভেদভাব নোহোৱাকৈ পাওক। যাক শ শ বছৰ ধৰি প্ৰতাড়িত কৰা হ'ল, তেওঁলোক সম্পূৰ্ণ গৰিমাৰে বিকাশৰ ভাগীদাৰ হওক, ইয়াৰ বাবে আজিৰ পৰিৱৰ্তনশীল ভাৰতে একেলগে প্ৰয়াস কৰি আছে। আজি চৰকাৰে যিবোৰ যোজনা চলাই আছে, তাৰ বহুত ডাঙৰ লাভ আমাৰ দলিত-পিছপৰা ভাই-ভনীৰ হৈ আছে। লাগে পকা ঘৰ দিয়াই হওক, বা উজ্জ্বলাৰ বিনামূলীয়া কানেকচনেই হওক, গেছ কানেকচন, লাগে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা হওক, বা বিজুলিৰ বিনামূলীয়া কানেকচন, লাগে জনধন বেংক খাতা খোলা হওক বা স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে কেইবা কোটি শৌচালয়ৰ নিৰ্মাণ কৰাই হওক, এনেকুৱা যোজনাই দলিত-পিছপৰা, দুখীয়া, শোষিত-বঞ্চিত, সকলোৰে মংগল কৰিছে, ভেদভাব নৰখাকৈ, সকলোকে সবল কৰিছে।

 

বন্ধুসকল,

 

ৰামানুজাচার্য জীয়ে কৈছিল- "উইৰগলুক্কুল বেডম ইল্লে"। অৰ্থাৎ, সকলো জীৱ সমান। তেওঁ ব্ৰহ্ম আৰু জীৱৰ একতাৰ কথা কৈয়েই ৰৈ যোৱা নাছিল, তেওঁ বেদান্তৰ এই সূত্ৰক নিজেও জীছিল। তেওঁৰ বাবে নিজত আৰু আনত কোনো পাৰ্থক্য নাছিল।  ইমানলৈকে যে তেওঁ নিজৰ কল্যাণতকৈ বেছি জীৱৰ কল্যাণৰ চিন্তা আছিল। ৰামানুজাচার্য জীয়ে কৈছে-পতিষ্যে এক এৱাহ, নৰকে গুৰু পাতকাত্। সৰ্বে গচ্ছন্তু ভৱন্তা, কৃপয়া পৰমং পদম্। অৰ্থাৎ, মই অকলেই যদি নৰকলৈ যাওঁ তেতিয়াও কোনো কথা নাই, কিন্তু বাকী সকলোৰে কল্যাণ হোৱা উচিত। সমানতাৰ এনেকুৱা অমৃত ৰামানুজাচাৰ্য জীৰ দৰে কোনো মহাপুৰুষেহে উলিয়াব পাৰে, যি বেদ বেদান্তৰ বাস্তৱিক দৰ্শন কৰিছে।

 

বন্ধুসকল,

 

ৰামানুজাচাৰ্য জী ভাৰতৰ একতা আৰু অখণ্ডতাৰো এক প্ৰদীপ্ত প্ৰেৰণা। তেওঁৰ জন্ম দক্ষিণত হ'ল, কিন্তু তেওঁৰ প্ৰভাৱ দক্ষিণৰ পৰা উত্তৰ আৰু পশ্চিমৰ পৰা পূবলৈকে সমগ্ৰ ভাৰতত আছে। অন্নামাচাৰ্য জীয়ে তেলেগুত তেওঁৰ প্ৰশংসা কৰিছে, কনকদাস জীয়ে কন্নড় ভাষাত ৰামানুজাচাৰ্য জীৰ মহিমা গাইছে, গুজৰাট আৰু ৰাজস্থানলৈ যদি আপুনি যায়, তেন্তে তাতো অনেক সন্তৰ উপদেশত ৰামানুজাচাৰ্য জীৰ বিচাৰৰ সুগন্ধ অনুভৱ হয়। আৰু, উত্তৰত ৰামানন্দীয় পৰম্পৰাৰ গোস্বামী তুলসীদাস জীৰ পৰা আৰম্ভ কৰি কবীৰদাসলৈকে, প্ৰতিজন মহান সন্তৰ বাবে ৰামানুজাচাৰ্য পৰম গুৰু। এজন সন্তই কেনেকৈ নিজৰ আধ্যাত্মিক শক্তিৰে সমগ্ৰ ভাৰতক একতাৰ সূত্ৰত বান্ধি দিয়ে, ৰামানুজাচাৰ্য জীৰ জীৱনত এয়া চাব পাৰি। এই আধ্যাত্মিক চেতনাই দাসত্বৰ শ শ বছৰৰ কালখণ্ডত, ভাৰতৰ চেতনাক জাগ্ৰত কৰি ৰাখিছিল।

 

বন্ধুসকল,

 

এয়াও এক আনন্দদায়ক সংযোগ যে শ্ৰী ৰামানুজাচাৰ্য জীৰ ওপৰত এই সমাৰোহ সেই সময়ত হৈ আছে, যিসময়ত দেশে নিজৰ স্বাধীনতাৰ ৭৫ বছৰ পালন কৰি আছে। আজাদীৰ অমৃত মহোৎসৱত আমি স্বাধীনতা সংগ্ৰামৰ ইতিহাস মনত পেলাই আছো। এই যুদ্ধত এফালে 'ঔপনিবেশিক মানসিকতা' আছিল, আনফালে 'জিও ঔৰ জিনে দো'ৰ বিচাৰ আছিল। ইয়াত এফালে এই সংকীৰ্ণ শ্ৰেষ্ঠতা আৰু ভৌতিকতাবাদৰ উন্মাদ আছিল, তেন্তে আনফালে মানৱতা আৰু আধ্যাত্মত আস্থা আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত সমানতা, মানৱতা আৰু আধ্যাত্মৰ সেই শক্তিও লাগিছিল, যি ভাৰতক ৰামানুজাচার্যৰ দৰে সন্তসকলৰ পৰা পাইছিল।

 

আমি গান্ধীজীৰ অবিহনে নিজৰ স্বাধীনতা সংগ্ৰামৰ কল্পনা কৰিব পাৰিমনে? আৰু আমি অহিংসা আৰু সত্যৰ দৰে আদৰ্শৰ অবিহনে গান্ধীজীৰ কল্পনা কৰিব পাৰোনে? আজিও গান্ধীজীৰ নাম আহিলেই 'বৈষ্ণৱ জন তো তেনে কহিয়ে', এই ধুন আমাৰ অন্তৰ মনত বাজিবলৈ ধৰে। ইয়াৰ ৰচয়িতা নৰসী মেহতা জী, ৰামানুজাচার্য জীৰ ভক্তি পৰম্পৰাৰেই মহান সন্ত আছিল। সেয়ে, আমাৰ স্বাধীনতাৰ সংগ্ৰামে যেনেদৰে আমাৰ আধ্যাত্মিক চেতনাক শক্তি দি আছিল, সেই শক্তিয়েই স্বাধীনতাৰ ৭৫ বছৰত আমাৰ অমৃত সংকল্পয়ো পোৱা উচিত। আৰু আজি যিসময়ত মই ভাগ্যনগৰত আছো, হায়দৰাবাদত আছো, সেয়ে চৰ্দাৰ পেটেল জীৰ জৰুৰ উল্লেখ কৰিম। কৃষ্ণ ৰেড্ডী জীয়ে নিজৰ বক্তব্যত বহুত বিস্তাৰিত ভাৱে তেওঁৰ বিষয়ে কৈছে। ভাগ্যনগৰৰ কোন এনেকুৱা ভাগ্যশালী হ'ব? কোন এনেকুৱা হায়দৰাবাদী হ'ব যি চৰ্দাৰ পেটেলৰ দিব্য দৃষ্টি, চৰ্দাৰ পেটেলৰ সামৰ্থ্য আৰু হায়দৰাবাদতৰ শৌৰ্য-বীৰ্যৰ বাবে চৰ্দাৰ চাহেবৰ কুটনীতিক নাজানে? আজি দেশত আৰু এফালে চৰ্দাৰ চাহেবৰ 'ষ্টেচু অফ ইউনিটী'য়ে একতাৰ শপত দোহাৰি আছে, সিফালে ৰামানুজাচাৰ্য জীৰ 'ষ্টেচু অফ ইকুৱেলিটি'য়ে সমানতাৰ বাৰ্তা দি আছে। আমাৰ একতা সত্তা বা শক্তিৰ ভেটিত থিয় নহয়, আমাৰ একতা সমানতা আৰু সমাদৰ এই সূত্ৰৰে সৃষ্ট।

 

আৰু বন্ধুসকল,

 

আজি যি সময়ত মই তেলেংগানাত আছো, সেয়ে এই কথাৰ প্ৰশংসা নিশ্চয় কৰিম যে কেনেকৈ তেলেগু সংস্কৃতিয়ে ভাৰতৰ বিবিধতাক শক্তিশালী কৰিছে। যোৱা বছৰ তেলেংগানাত থকা ১৩শ শতিকাৰ কাকাতীয়া ৰুদ্ৰেশ্বৰ-ৰামাপ্পা মন্দিৰক ইউনেস্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষিত কৰা হৈছে। ৱৰ্ল্ড টুৰিজম অৰগেনাইজেশ্যনে পোচমপল্লিকো ভাৰতৰ সবাতোকৈ ভাল টুৰিজম ভিলেজৰ আখ্যা দিছে। ই সেই সংস্কৃতি যি আমাক সদায়েই সদ্ভাব, ভাতৃত্ব আৰু নাৰী শক্তিৰ সন্মান কৰিবলৈ শিকাইছে।

 

তেলেগু সংস্কৃতিৰ এই গৌৰৱশালী পৰম্পৰাক আজি তেলেগু ফিল্ম ইণ্ডাষ্টিয়েও সম্পূৰ্ণ শৌৰ্য-বীৰ্যৰে আগবঢ়াই আছে। ছিলভাৰ ষ্ক্ৰীণৰ পৰা আৰম্ভ কৰি অ'টিটি প্লেটফৰ্মলৈকে এই ক্ৰিয়েটিভিটিৰ চৰ্চা বিয়পি আছে। তেলেগুভাষী লোকৰ নিজৰ কলা আৰু নিজৰ সংস্কৃতিৰ প্ৰতি এই সমৰ্পণ, সকলোৰে বাবে প্ৰেৰণা স্বৰূপ।

 

বন্ধুসকল,

 

স্বাধীনতাৰ ৭৫তম বৰ্ষত, এই অমৃত কালত, শ্ৰী ৰামানুজাচাৰ্য জীৰ এই প্ৰতিমাই প্ৰত্যেক দেশবাসীক নিৰন্তৰ অনুপ্ৰাণিত কৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, স্বাধীনতাৰ অমৃত কালত আমি সেই কুৰীতিবিলাককো সম্পূৰ্ণ ৰূপে সমাপ্ত কৰিব পাৰিম, যাক শেষ কৰিবলৈ শ্ৰী ৰামানুজাচাৰ্য জীয়ে সমাজক জাগ্ৰত কৰিছিল। এই ভাবনাৰেই, পূজ্য স্বামী জীৰ সাদৰেৰে ধন্যবাদ কৰি, এই পৱিত্ৰ অৱসৰত ভাগীদাৰ হোৱাৰ বাবে আপোনালোকে মোক সুযোগ দিলে, মই আপোনালোকৰ বহুত কৃতজ্ঞ! বিশ্বজুৰি বিয়পি থকা প্ৰভু ৰামানুজাচাৰ্য জীৰ বিচাৰৰ দ্বাৰা প্ৰভাৱিত, অনুপ্ৰাণিত প্ৰত্যেককে মই বহুত বহুত শুভকামনা জনাইছো! মোৰ বক্তব্য সামৰিছো।

 

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!

 

***

 

DS/VJ/AK/AV



(Release ID: 1796335) Visitor Counter : 140