বিত্ত মন্ত্ৰালয়

পথ, ৰেলপথ, বিমান বন্দৰ, বন্দৰ, গণ পৰিবহন, জলপথ আৰু পণ্য পৰিবহনৰ আন্তঃগাঁথনি- এই ৭টা চালিকাশক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন-এ অৰ্থনীতিৰ সংস্কাৰ, বহুস্তৰীয় যোগাযোগ ব্যৱস্থা আৰু পণ্য পৰিবহনত আৰ্থিক সংস্কাৰৰ সূচনা কৰিব


২০২২-২৩ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ২৫০০ কিলোমিটাৰ সম্প্ৰসাৰণ কৰা হ’ব

সকলো অংশীদাৰক বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰাৰ বাবে এপ্লিকেচন প্ৰগ্ৰেমিং ইণ্টাৰফেচ (এপিআই)ৰ বাবে ইউনিফাইড লজিষ্টিক ইণ্টাৰফেচ প্লেটফৰ্ম (ইউএলআইপি) সৃষ্টি কৰা হৈছে

২০২২-২৩ বৰ্ষত পিপিপি মোডৰ জৰিয়তে চাৰি স্থানত মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা হ’ব

স্থানীয় ব্যৱসায় আৰু যোগান শৃংখলাত সহায় কৰিবলৈ ‘এক ষ্টেচন-এক সামগ্ৰী’ ধাৰণাক জনপ্ৰিয় কৰি তোলা হ’ব

কৱচৰ অধীনত ২হাজাৰ কিলোমিটাৰ ৰেলৱে নেটৱৰ্ক সৃষ্টি কৰা হ’ব, ৪০০ খন অত্যাধুনিক বন্দে ভাৰত ৰেল বিকশিত নিৰ্মাণ কৰা হ’ব

আগন্তুক তিনি বছৰত মাল্টিমডেল লজিষ্টিক সুবিধাৰ বাবে ১০০টা প্ৰধানমন্ত্ৰী গতিশক্তি কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব

পিপিপি মোডত ৰাষ্ট্ৰীয় ৰোপৱেজ উন্নয়ন কাৰ্যসূচী বাস্তৱায়িত হ’ব

২০২২-২৩ বৰ্ষত ৬০ কিলোমিটাৰ পথৰ বাবে ৮টা ৰোপৱে প্ৰকল্প ৰূপায়িত হ’ব

Posted On: 01 FEB 2022 12:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী গতিশক্তি হৈছে অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম বিকাশৰ বাবে এক পৰিৱৰ্তনশীল দৃষ্টিভংগী।এই পদ্ধতিটো সাতটা চালিকা শক্তি-পথ, ৰেলপথ, বিমানবন্দৰ, বন্দৰ, গণ পৰিবহন, জলপথ পৰিবহন আৰু পণ্য পৰিবহনৰ আন্তঃগাঁথনিৰ দ্বাৰা পৰিচালিত হ’ব। আজি সংসদত ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেট উথ্থাপন কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে সাতটা চালিকা শক্তিয়ে একেলগে অৰ্থনীতিক আগুৱাই লৈ যাব। এই চালিকা শক্তিসমূহক পৰিবহন, তথ্য প্ৰযুক্তি যোগাযোগ, বিপুল পৰিমাণৰ জল সংগ্ৰহ আৰু পয়ঃ নিষ্কাষণ আৰু সামাজিক আন্তঃগাঁথনি গঢ়াৰ কামত ব্যৱহাৰ কৰা হ’ব। তেওঁ কয় যে ইয়াৰ ফলত সকলোৰে বাবে, বিশেষকৈ যুৱসকলৰ বাবে চাকৰি আৰু ঔদ্যোগিক সুযোগ সৃষ্টি হ’ব।

 

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে ২০২২-২৩ চনৰ ভিতৰত দেশত ৰাষ্ট্ৰীয় পথৰ পৰিমাণ ২৫ হাজাৰ কিলমিটাৰ বৃদ্ধি পাব। সংশ্লিষ্ট সকলো পক্ষৰ ওচৰত এই সংক্ৰান্তীয় শেহতীয়া তথ্য প্ৰেৰণৰ বাবে এটা এপ্লিকেশ্যন প্ৰগ্ৰেম প্ৰস্তুত কৰা হৈছে। দেশৰ চাৰিটা স্থানত বহুতৰপীয়া লজিষ্টিক পাৰ্ক গঢ়ি তোলা হ’ব। আঞ্চলিক ব্যৱসায়ক লাভজনক কৰি তুলিবৰ বাবে আৰু সৰবৰাহ শৃংখল অটুত ৰাখিবলৈ এক ষ্টেশ্যন,এক পণ্য ধাৰণাক জনপ্ৰিয় কৰি তোলা হ’ব।

 

কৱচ প্ৰকল্পৰ অধীনত দেশজুৰি ২হাজাৰ কিলমিটাৰ ৰেল পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ লগতে ৪০০খন অত্যাধুনিক বন্দে ভাৰত ট্ৰেইন আগন্ত্ক ৩বছৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ব।বিত্তমন্ত্ৰীয়ে মেট্ৰ’ৰ দৰে অত্যাধুনিক পৰিবহন ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়ে। পণ্য পৰিবহনৰ ক্ষেত্ৰত বহুস্তৰীয় ১০০টা কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব। আগন্তুক তিনি বছৰৰ ভিতৰত এই টাৰ্মিনেলত সামগ্ৰী উঠোৱা-নমোৱাৰ কাম আৰম্ভ হব।চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বত ৰাষ্ট্ৰীয় ৰোপৱে উন্নয়ন কাৰ্যসূচী বাস্তৱায়িত হব। ২০২২-২৩ বিত্ত বৰ্ষত ৬০ কিলমিটাৰ পথত ৰোপৱেৰ বাবে ৮টা প্ৰকল্প ৰূপায়িত হ’ব। ২০২২-২৩ বৰ্ষত এই কাম আৰম্ভ হ’ব।

 

***

RM/MJPS/AK/VKS/KG



(Release ID: 1795277) Visitor Counter : 350