বিত্ত মন্ত্ৰালয়

‘হৰ ঘৰ, নল চে জল' আঁচনিৰ বাবে ৬০,০০০ কোটি টকা আবন্টন; ৩.৮ কোটি গৃহস্থীক সামৰি লোৱা হ’ব


প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ৪৮,০০০ কোটি টকা ব্যয় সাপেক্ষে ৮০ লাখ ঘৰ সম্পূৰ্ণ কৰা হ'ব

ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত উত্তৰ সীমান্তৰ গাওঁসমূহ বিকশিত কৰা হ’ব

পিছ পৰি ৰোৱা খণ্ডসমূহ আকাংক্ষী জিলা কাৰ্য্যক্ৰমৰ কেন্দ্ৰবিন্দু হ'ব

Posted On: 01 FEB 2022 1:13PM by PIB Guwahati

২০২২-২৩ ত হৰ ঘৰ, নল চে জল আঁচনিৰ অধীনত ৩.৮ কোটি গৃহস্থীক সামৰি ল'বলৈ ৬০,০০০ কোটি টকা আৱন্টন জনোৱা হৈছে। ২০২২-২৩ ৰ বাবে কেন্দ্ৰীয় বাজেট আগবঢ়াই কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে ২০১৪ ৰপৰা, চৰকাৰখনে নাগৰিক, বিশেষকৈ দৰিদ্ৰ আৰু উপান্ত লোকসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আবাস, বিদ্যুৎ, ৰন্ধন গেছ আৰু পানীৰ ব্যৱস্থা আগবঢ়োৱা পদক্ষেপসমূহক কাৰ্য্যক্ৰমণিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। সবিশেষ ব্যক্ত কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে হৰ ঘৰ, নল চে জলৰ বৰ্তমানৰ ক’ভাৰেজ হৈছে ৮.৭ কোটি, ইয়াৰ ভিতৰত ৫.৫ কোটি গৃহস্থীক যোৱা ২ বছৰত টেপৰ পানী প্ৰদান কৰা হৈছিল।

ধান মন্ত্ৰী আবাস যোজনা

 

শ্ৰীমতী নিৰ্মলা সীতাৰমণে তদুপৰি ২০২২-২৩ ত গ্ৰামীণ আৰু নগৰীয়া উভয় প্ৰধানমন্ত্ৰী আবাস যোজনাৰ চিনাক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে ৮০ লাখ ঘৰ সম্পূৰ্ণৰ অৰ্থে ৪৮,০০০ কোটি টকা আৱন্টনৰ কথা ঘোষণা কৰে।

 

ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰম

 

বিত্ত মন্ত্ৰীগৰাকীয়ে নতুন ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত উত্তৰ সীমান্তৰ গাওঁসমূহ ক’ভাৰ কৰাৰ প্ৰস্তাৱ জনায়। "কম জনসংখ্যা, সীমিত সংযোগ আৰু আন্তঃগাঁথনি থকা সীমান্তৱৰ্তী গাওঁসমূহ প্ৰায়েই উন্নয়নৰ লাভৰ পৰা বাদ পৰে।  উত্তৰ সীমান্তৰ এনে গাওঁসমূহক নতুন ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত সামৰি লোৱা হ'ব। এই কাৰ্যকলাপসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ, গৃহ নিৰ্মাণ, পৰ্যটন কেন্দ্ৰ, পথ সংযোগ, বিকেন্দ্ৰীকৃত নবীকৰণযোগ্য শক্তিৰ ব্যৱস্থা, দূৰদৰ্শন আৰু শৈক্ষিক চেনেলসমূহৰ পোনপটীয়া ঘৰুৱা প্ৰৱেশাধিকাৰ আৰু জীৱিকা সৃষ্টিৰ বাবে সমৰ্থন। এই কাৰ্য্যকলাপৰ বাবে অতিৰিক্ত পুঁজি আগবঢ়োৱা হ'ব। বিদ্যমান আঁচনিসমূহ একত্ৰিত কৰা হ'ব। আমি ইয়াৰ ফলাফল নিৰ্ধাৰণ কৰিম আৰু নিৰন্তৰ ভিত্তিত সেইসমূহ নিৰীক্ষণ কৰিম", শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়।

 

আকাংক্ষী খণ্ড কাৰ্য্যক্ৰম

 

বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ বাজেট ভাষণত কয় যে ২০২২-২৩ ত উচ্চাকাংক্ষী জিলা কাৰ্য্যক্ৰমৰ গুৰুত্ব গুৰুত্বপূৰ্ণ খণ্ডসমূহত পৰ্য্যাপ্ত প্ৰগতি প্ৰদৰ্শন নকৰা খণ্ড (Block) সমূহৰ ওপৰত প্ৰদান কৰা হ’ব।

***

RM/NB/UD/SB



(Release ID: 1794628) Visitor Counter : 231