প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২১ জানুৱাৰীত সোমনাথত নতুন চাৰ্কিট হাউচ উদ্বোধন কৰিব

प्रविष्टि तिथि: 20 JAN 2022 12:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২১ জানুৱাৰীত পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সোমনাথত নতুন চাৰ্কিট হাউচ উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছতে ইয়াক উদ্বোধন কৰা হ'ব।
 

সোমনাথ মন্দিৰ প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ লাখ লাখ ভক্তই দৰ্শন কৰে। সেই উদ্দেশ্যে নতুন চাৰ্কিট হাউচৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল কিয়নো বৰ্তমানৰ চৰকাৰী সুবিধা মন্দিৰৰ পৰা বহু দূৰৈত অৱস্থিত আছিল। নতুন চাৰ্কিট হাউচটো ৩০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে আৰু ই সোমনাথ মন্দিৰৰ ওচৰত অৱস্থিত। ইয়াত চুইট, ভিআইপি আৰু ডিলাক্স কোঠা, কনফাৰেন্স কোঠা, প্ৰেক্ষাগৃহ আদিকে ধৰি শীৰ্ষ শ্ৰেণীৰ সুবিধা আছে। লেণ্ডস্কেপিং এনেদৰে কৰা হৈছে যে প্ৰতিটো কোঠাৰ পৰা সাগৰীয় দৃশ্য উপলব্ধ হ’ব।

 

****

DS/SH/MANN


(रिलीज़ आईडी: 1791823) आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam