প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হেল্থগিৰি বঁটা ২১ ৰ বিজয়ীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 02 OCT 2021 6:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হেল্থগিৰি বঁটা ২১ৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰিছে।

কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

মই #HealthgiriAwards21 বিজয়ীসকলক অভিনন্দন জনাইছোঁ। প্ৰতি বছৰে অক্টোবৰত পৰিষ্কাৰ পৰিচ্ছন্নতাই হওঁক বা এতিয়া স্বাস্থ্যসেৱাতেই হওঁক যিসকলে তৃণমূল পৰ্যায়ত নানা কাম কৰি পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে তেওঁলোকক নিয়মিতভাৱে সন্মান জনোৱাৰ বাবে @IndiaToday গোষ্ঠীৰ উদ্যোগক স্বাগতম জনাইছোঁ।

বিশ্বজুৰি ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তিসকল আৰু সংগঠনসমূহে ভূমিকা গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, এনেধৰণৰ উৎকৃষ্ট প্ৰচেষ্টাক সন্মান জনোৱা আৰু তেওঁলোকৰ কামৰ ওপৰত আলোকপাত কৰাৰ বাবে @IndiaToday HealthgiriAwards21 বঁটা এক প্ৰশংসনীয় প্ৰচেষ্টা।

 

****

DS/SH/KG



(Release ID: 1768450) Visitor Counter : 118