প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৫ ছেপ্টেম্বৰত ‘গ্ল’বেল চিটিজেন লাইভ’ ত ভিডিঅ’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
24 SEP 2021 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰ, ২০২১ ৰ সন্ধিয়া ‘গ্ল’বেল চিটিজেন লাইভ’ কাৰ্য্যসূচীত ভিডিঅ’ সম্বোধন কৰিব।
‘গ্ল’বেল চিটিজেন’ হৈছে এটি বৈশ্বিক এডভ’কেচি সংস্থা যিয়ে চৰম দৰিদ্ৰতাৰ অৱসানৰ অৰ্থে কাম কৰি আছে। ‘গ্ল’বেল চিটিজেন লাইভ’ হৈছে এটি ২৪-ঘন্টীয়া কাৰ্য্যসূচী যি ২৫ আৰু ২৬ ছেপ্টেম্বৰ ধৰি অনুষ্ঠিত হ’ব আৰু মুম্বাই, নিউ ইয়ৰ্ক, পেৰিছ, ৰিঅ’ দি জেনেৰিঅ’, চিডনী, লছ এঞ্জেলছ, লাগোচ আৰু চিউলকে ধৰি মূল মহানগৰসমূহৰ লাইভ কাৰ্য্যসূচীৰে জড়িত কৰিব। এই কাৰ্য্যসূচী ১২০ খন দেশ আৰু বহু ছ’চিয়েল মিডিয়া চেনেলত সম্প্ৰচাৰ কৰা হ’ব।
****
DS/AKJ/SB
(ৰিলিজ আই ডি : 1760782)
অতিথি কক্ষ : 216
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada