প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটৰ পথাৰত টীম ইণ্ডিয়াৰ জয় আৰু টিকাকৰণ অভিযানত ভাৰতে লাভ কৰা সাফল্যৰ শলাগ লয়

পোষ্ট কৰা হৈছে: 06 SEP 2021 10:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰিকেটৰ পথাৰত টীম ইণ্ডিয়াৰ জয় আৰু টিকাকৰণ অভিযানত ভাৰতে লাভ কৰা সাফল্যক ভূয়সী প্ৰশংসা কৰিছে।
আজি ভাৰতে পুনৰ ১কোটি টিকাকৰণ সম্পূৰ্ণ কৰিছে। যোৱা ১১ দিনত তৃতীয়বাৰৰ বাবে এদিনত ১ কোটি টিকাকৰণ সম্পূৰ্ণ হৈছে।

ইফালে, ক্ৰিকেটৰ পথাৰত ভাৰতে আজি অভেলত ঐতিহাসিক জয় সাব্যস্ত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
ক্ৰিকেটৰ পথাৰ আৰু টিকাকৰণৰ ক্ষেত্ৰত ভাৰতৰ বাবে আন এক সাফল্যৰ দিন। পূৰ্বৰ দৰে টীম ইণ্ডিয়াই আজিও জয় সাব্যস্ত কৰিলে।


 

****

DS/AK/MS


(ৰিলিজ আই ডি : 1754274) অতিথি কক্ষ : 186