যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

স্বাধীনতাৰ ৭৫ বছৰ উদযাপনাৰ্থে ৰাষ্ট্ৰজোৰা ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ ৰ শুভাৰম্ভ কৰিলে যুৱ পৰিক্ৰমা ও ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে

এটা যুৱপ্ৰাণ মন, দেহ আৰু আত্মা হৈছে এখনি সুস্থ আৰু ফিট ভাৰতৰ মূল চালিকাশক্তিঃ শ্ৰী অনুৰাগ ঠাকুৰ

সমগ্ৰ দেশখনৰ প্ৰায় ৭৫০ জিলাৰ প্ৰতিখন জিলাৰে ৭৫ খন গাঁৱত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণৰ আয়োজন কৰা হ’বঃ ক্ৰীড়া মন্ত্ৰী

Posted On: 13 AUG 2021 3:13PM by PIB Guwahati

মূল উদ্ধৃতিঃ

  • আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণৰ আয়োজন কৰা হৈছে
  • নব্য ভাৰতক এখনি ফিট ভাৰত কৰি তুলিবলৈ ফিটনেছ সংকল্প পাঠ কৰালে শ্ৰী অনুৰাগ সিং ঠাকুৰে
  • এখনি ফিট ইণ্ডিয়াই এখনি হিট ইণ্ডিয়া গঢ়ি তুলিবঃ শ্ৰী অনুৰাগ ঠাকুৰ
  • ঐতিহ্য স্থানসমূহত অংশগ্ৰহণকাৰীসকলৰ সৈতে যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (MoS) শ্ৰী নিশীথ প্রামাণিকৰো মত-বিনিময়

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা ও ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (MoS) শ্ৰী নিশীথ প্রামাণিকে ১৩ আগষ্টত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন আজাদী কা অমৃত মহোৎসৱৰ অংশ ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ ৰ ৰাষ্ট্ৰজোৰা কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্য্যসূচীত উপস্থিত থাকে ক্ৰীড়া বিভাগৰ সচিব শ্ৰী ৰবি মিট্টাল আৰু যুৱ পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী ঊষা শৰ্মা।

কেন্দ্ৰীয় মন্ত্ৰীজনে দিল্লীৰ মেজৰ ধ্যান চাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰপৰা এই ফ্ৰীডম ৰাণৰ ফ্লেগ অফ আৰু ষ্টেডিয়ামখনিত ফ্ৰীডম ৰাণত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে, প’ৰ্ট ব্লেয়াৰৰ চেলুলাৰ জেল; লাহুল স্পিতিৰ কাজা প’ষ্ট; মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া আৰু পঞ্জাৱৰ আট্টেৰী সীমান্তৰ দৰে ঐতিহ্য স্থানসমূহকে ধৰি সমগ্ৰ দেশখনৰ আন ৭৫ স্থানটো এই কাৰ্য্যসূচী অনুষ্ঠিত হয়।

শ্ৰী অনুৰাগ সিং ঠাকুৰে ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণৰ অংশগ্ৰহণকাৰীসকলক নব্য ভাৰতক এখনি ফিট ভাৰত হিচাপে গঢ়ি তুলিবলৈ ফিটনেছ সংকল্প পাঠ কৰায়। আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ ৰ শুভাৰম্ভণিত ক্ৰীড়া মন্ত্ৰীকে প্ৰমুখ্য কৰি অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।

আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সাহসিকতাক সুঁৱৰি সাংস্কৃতিক মন্ত্ৰালয়ে পৰিবেশন কৰা মাৰ্শাল নৃত্যৰে এই কাৰ্য্যসূচীৰ আৰম্ভ হয় আৰু ইয়াৰ ঠিক পাছতেই মন্ত্ৰীদ্বয়ে সমগ্ৰ দেশখনৰ সশস্ত্ৰ আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু নেহৰু যুৱ কেন্দ্ৰ সংগঠন (NYKS) ৰ স্বেচ্ছাসেৱকসকলৰ সৈতে ভাৰ্চুৱেলী মত-বিনিময় কৰে আৰু কেৱল দেশখনক সুৰক্ষিত কৰি ৰখাই নহয় বৰঞ্চ যুৱ সমাজক ফিটনেছক তেওঁলোকৰ জীৱন যাত্ৰাৰ অভিন্ন অংশ কৰি ল’বলৈ উৎসাহিত কৰাৰ বাবে তেওঁলোকৰ শলাগ লয়।

সমগ্ৰ দেশখনৰ ভিন্ন ঐতিহ্য স্থানসমূহৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰি, ক্ৰীড়া মন্ত্ৰীজনে কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ পৰিপ্ৰেক্ষিতত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ অভিযানৰ আয়োজন কৰা হৈছে। তেওঁ লগতে কয় যে এই ফ্ৰীডম ৰাণ কাৰ্য্যসূচীয়ে তদুপৰি ভাৰতক স্বাধীন কৰা ৰাষ্ট্ৰীয় নেতাসকলৰ সৈতে দেশখনৰ সংযোগ স্থাপন কৰিব। অহা ২৫ বছৰত আমাৰ ৰাষ্ট্ৰই কেনে ৰূপ ধাৰণ কৰিব আৰু কোন পথেৰে অগ্ৰসৰ হ’ব সেয়া আমি কিমান ফিট তাৰ ওপৰত নিৰ্ভৰ কৰিছে। মন্ত্ৰীজনে এইবুলি দোহাৰে, “এটা যুৱপ্ৰাণ মন, দেহ আৰু আত্মা হৈছে এখনি সুস্থ আৰু ফিট ভাৰতৰ মূল চালিকাশক্তি। মাথো এখনি ফিট ইণ্ডিয়াই এখনি হিট ইণ্ডিয়া গঢ়ি তুলিব, মন্ত্ৰীজনে লগতে কয়। শ্ৰী অনুৰাগ ঠাকুৰে প্ৰতিজন নাগৰিককে এই আন্দোলনৰ অংশ হ’বলৈ আহ্বান জনাই কয়, “প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে ফিট ইণ্ডিয়াক এটি জন আন্দোলন কৰি তুলিবলৈ আহ্বান জনাইছে যি মাথো জনতাৰ অংশগ্ৰহণৰ জৰিয়তেহে সম্ভৱ। মই আটাইকে এডোখৰ স্থান বাছি ল’বলৈ আৰু তেওঁলোকৰ অভিৰুচি ত্বৰান্বিতকৰণেৰে এই ঐতিহাসিক আন্দোলনৰ অংশ হ’বলৈ আহ্বান জনাইছো।”

অসমৰ এছএছবিৰ জোৱানৰ সৈতে মত-বিনিময় কৰি, মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে কয় যে ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি থকাৰ পৰিপ্ৰেক্ষিতত, ৭৫ টা স্থানৰ লোকে এই আন্দোলনত অংশগ্ৰহণ কৰিব আৰু ই প্ৰতিজন লোককে স্পৰ্শ কৰিবগৈ। আট্টেৰী সীমান্তৰপৰা বিএছএফৰ জোৱানে অংশগ্ৰহণ কৰে আৰু মত-বিনিময়ৰ সময়ত মন্ত্ৰীজনে বিএছএফৰ জোৱানজনক ভাৰতে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ পৰিপ্ৰেক্ষিতত ফিট ইণ্ডিয়া আন্দোলনটোক প্ৰতিখন গাঁৱলৈ লৈ যাবলৈ কয়। এলাহাবাদৰ আজাদ পাৰ্কৰপৰা চিআৰপিএফৰ জোৱানে অংশগ্ৰহণ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্রামাণিকে মত-বিনিময় কৰি ফিট ইণ্ডিয়া আন্দোলনটোত যোগদান কৰাৰ বাবে জোৱানজনক ধন্যবাদ জ্ঞাপন কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ নব্য ভাৰত এখনি ফিট ইণ্ডিয়াৰ সপোন বাস্তৱায়িতকৰণৰ আহ্বান জনায়।

পৰৱৰ্তী সময়ত সংবাদ মাধ্যমেৰে বাৰ্তালাপ কৰি শ্ৰী অনুৰাগ ঠাকুৰে কয়, “আজি আমি আজাদী কা অমৃত মহোৎসৱৰ উদযাপনাৰ্থে আৰু ৰাষ্ট্ৰখনৰ যুৱ সমাজক ফিটনেছৰ প্ৰতি উৎসাহিত কৰিবলৈ ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ ৰ শুভাৰম্ভ কৰো। এই ৰাণ সমগ্ৰ দেশখনৰ ৭৫ ঐতিহ্য স্থানত আয়োজন কৰা হৈছে, যিয়ে পৰৱৰ্তী সময়ত ইয়াক ৰাষ্ট্ৰখনৰ প্ৰায় ৭৫০ খন জিলাৰ ৭৫ খনকৈ গাঁৱলৈ লৈ যাব আৰু ফিটনেছ কি ড’জ, আধা ঘন্টা ৰ’জ অভিযানক প্ৰোৎসাহিত কৰিব। ইয়াৰ জৰিয়তে, আমি প্ৰধানমন্ত্ৰীগৰাকীৰ ফিটনেছ আন্দোলনক দেশখনৰ প্ৰতিটো অংশলৈ লৈ যোৱা আৰু ইয়াক এটি গণ ফিটনেছ আন্দোলন কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। ১৫ আগষ্টত এই ফ্ৰীডম ৰাণৰ আৰম্ভ হ’ব আৰু ই ২ অক্টোবৰ, ২০২১ লৈকে অব্যাহত থাকিব। ইয়াৰদ্বাৰা, আমি সমগ্ৰ দেশখনৰ ৭.৫০ কোটিৰোধিক যুৱক-যুৱতী আৰু নাগৰিকক ইয়াৰে সংযোজিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছো।”

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি শ্ৰী নিশীথ প্রামাণিকে ইয়াত ভাগ লোৱা প্ৰতিজন অংশগ্ৰহণকাৰীকে ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন হৈছে নব্য ভাৰতক ফিট ইণ্ডিয়া হিচাপে গঢ়ি তোলা আৰু এই ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ এ এই সপোনটো বাস্তৱায়িতকৰণত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ক্ৰীড়া সচিব শ্ৰী ৰবি মিট্টালে কয় যে ২ অক্টোবৰ, ২০২১ লৈকে প্ৰতি সপ্তাহতে ৭৫ খনকৈ জিলা আৰু প্ৰতিখন জিলাৰে ৭৫ খনকৈ গাঁৱত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ অনুষ্ঠিত কৰা হ’ব। এই অভিযানৰ লক্ষ্য হৈছে জনসাধাৰণক দৌৰা আৰু খেলা-ধূলাৰ দৰে ফিটনেছ ক্ৰিয়া-কলাপসমূহক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ কৰি ল’বলৈ উৎসাহিত কৰা।

ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ ২.০ ৰ মূল কাৰ্য্যসূচীসমূহৰ ভিতৰত আছে সংকল্প গ্ৰহণ, ৰাষ্ট্ৰীয় সংগীত পৰিবেশন, ফ্ৰীডম ৰাণ, অনুষ্ঠিত স্থানত সাংস্কৃতিক কাৰ্য্যক্ৰম, অংশগ্ৰহণৰ অৰ্থে যুৱ স্বেচ্ছাসেৱকসকলৰ মাজত সজাগতা সৃষ্টি আৰু তদুপৰি তেওঁলোকৰ গাঁওসমূহত একে ফ্ৰীডম ৰাণৰ আয়োজন কৰা। জনসাধাৰণে ফিট ইণ্ডিয়া পৰ্টেল https://fitindia.gov.in ত পঞ্জীয়ন আৰু তেওঁলোকৰ দৌৰ আপল’ড কৰিব পাৰে আৰু #Run4India আৰু #AzadikaAmritMahotsav ৰে তেওঁলোকৰ ছ’চিয়েল মিডিয়া চেনেলসমূহত ফ্ৰীডম ৰাণক প্ৰোৎসাহিত কৰিব পাৰে।

বিশিষ্ট লোক, জন প্ৰতিনিধি, পিআৰআই নেতা, সমাজ কৰ্মী, ক্ৰীড়াবিদ, সংবাদ মাধ্যমৰ লোক, চিকিৎসক, কৃষক আৰু সেনাৰ লোকসকলক ভিন্ন স্তৰত এই কাৰ্য্যসূচী অনুষ্ঠিতকৰণেৰে জনসাধাৰণক অংশগ্ৰহণ, উৎসাহ প্ৰদান আৰু অনুপ্ৰাণিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই কাৰ্য্যসূচী সমগ্ৰ দেশখনতে ক’ভিড-১৯ ৰ প্ৰট’কল মানি কায়িকভাৱে আৰু ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হৈছে।

 

****

NB/OA/SB



(Release ID: 1746571) Visitor Counter : 241