প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছে আৰু সেয়াই গুৰুত্বপূৰ্ণঃ ফেঞ্চাৰ ভৱানী দেৱীলৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা
পোষ্ট কৰা হৈছে:
26 JUL 2021 9:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ফেন্সিং খেলুৱৈ চি এ ভৱানী দেৱীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। অলিম্পিকৰ ফেন্সিং প্ৰতিযোগিতাত ভাৰতৰ হৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ ভৱানী দেৱীয়ে প্ৰথমখন খেলত বিজয় সাব্যস্ত কৰে যদিও পৰৱৰ্তী ৰাউণ্ডত তেওঁ পৰাজিত হয়।
অলিম্পিয়ানজনৰ এক আৱেগিক টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ
‘আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছে আৰু সেয়াই গুৰুত্বপূৰ্ণ।
জয় আৰু পৰাজয় জীৱনৰ এটা অংশ।
আপোনাৰ অৱদানৰ বাবে ভাৰত যথেষ্ট গৌৰৱান্বিত। আপুনি আমাৰ দেশবাসীৰ বাবে এক অনুপ্ৰেৰণা।’
****
DS/SH/KG
(ৰিলিজ আই ডি : 1741225)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada