প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 JUN 2021 7:37PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়াব৷ পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ে যুটীয়াভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মুল বিষয়বস্তু হৈছে ‘উন্নত পৰিৱেশৰ বাবে জৈৱ ইন্ধন ব্যৱহাৰত উৎসাহ যোগোৱা’।

অনুষ্ঠানত প্রধানমন্ত্রীয়ে ‘ভাৰতত ২০২০-২০২৫ৰ ভিতৰত ইথানলৰ মিশ্রণৰ বাবে বিশেষজ্ঞ কমিটীৰ পৰিকল্পনা সংক্রান্তীয় প্রতিবেদন’ দাখিল কৰিব৷ বিশ্ব পৰিৱেশ দিৱস উদযাপন উপলক্ষে কেন্দ্রই তেল সংস্থাসমূহৰ বাবে ই-২০ বিজ্ঞপ্তি জাৰি কৰিব৷ ২০২৩ চনৰ ১ এপ্রিলৰ পৰা ইথানল মিশ্রিত পেট্র’লৰ বিক্ৰীৰ পৰিমাণ ২০ শতাংশ হ’ব লাগিব৷ তদুপৰি ই-১২ আৰু ই-১৫ বিআইএছ নির্ধাৰিত মানৰ ইথানল মিশ্রিত ইন্ধন বিক্ৰী কৰিব লাগিব। এই উদ্যোগসমূহৰ ফলত ইথানলৰ উৎপাদনৰ ক্ষমতা বৃদ্ধিৰ বাবে অতিৰিক্ত প্লাণ্ট গঢ়ি তোলা হ’ব। যাৰফলত দেশজুৰি মিশ্রিত ইন্ধন পোৱা যাব। ২০২৫ চনৰ পূৰ্বে ইথানলৰ ব্যৱহাৰ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত ইথানল উৎপাদনকাৰী ৰাজ্য আৰু পৰিৱেশৰ উন্নতি হ’ব৷

 

প্রধানমন্ত্রীয়ে পুনেত ই-১০০ মানৰ ইন্ধন বিক্ৰীৰ তিনিটা ষ্টেচনৰ শুভাৰম্ভ কৰিব- এইবোৰ পাইলট প্রজেক্ট হিচাপে গঢ় লৈ উঠিব৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলৰ সৈতে মত বিনিময় কৰিব। ইথানল মিশ্রিত পেট্র’ল আৰু জৈৱ গেছ কাৰ্যসূচীৰ অধীনত কৃষকসকলে তেওঁলোকৰ অভিজ্ঞতাৰ কথা অৱগত কৰিব৷

 

****

DS/AKJ/AK/DB



(Release ID: 1741216) Visitor Counter : 292