প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফাৰ্মা উদ্যোগৰ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

Posted On: 19 APR 2021 8:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাৰ্মাচিউটিকেল উদ্যোগৰ নেতৃত্বৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ফাৰ্মা খণ্ডটোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়।

এনে জটিল সময়তো ফাৰ্মা উদ্যোগটোৱে যি ধৰণেৰে কাম কৰি আছে, তাৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ফাৰ্মা উদ্যোগটোৰ প্ৰচেষ্টাৰ বাবেই আজি ভাৰত ‘বিশ্বৰ ফাৰ্মাচী’ হিচাপে চিহ্নিত হৈছে। তেখেতে কয়, মহামাৰীটোৰ সময়ছোৱাত বিশ্বখনৰ ১৫০ ৰোধিক দেশৰ বাবে অপৰিহাৰ্য্য মেডিচিনসমূহ উপলব্ধ কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সকলোবোৰ প্ৰত্যাহ্বান সত্বেও, যোৱা বছৰত ভাৰতীয় ফাৰ্মা উদ্যোগটোৰ ৰপ্তানি ১৮ শতাংশ বৃদ্ধি হয়, যিয়ে ইয়াৰ সম্ভাৱনাকে প্ৰদৰ্শিত কৰিছে।

ভাইৰাছটোৰ দ্বিতীয় ঢৌ আৰু ঘটনাসমূহৰ বৰ্ধিত সংখ্যাৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে বহুতো প্ৰয়োজনীয় ড্ৰাগৰ উৎপাদন বৃদ্ধিৰ অৰ্থে ফাৰ্মা উদ্যোগটোৱে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। তেখেতে ৰেমডেচিভিৰৰ দৰে ইনজেকশ্যনসমূহৰ মূল্য হ্ৰাস কৰাৰ বাবে তেওঁলোকৰ শলাগ লয়। মেডিচিন আৰু অপৰিহাৰ্য্য মেডিকেল সা-সৰঞ্জামসমূহৰ যোগান নিৰন্তৰ কৰি ৰাখিবলৈ, প্ৰধানমন্ত্ৰী মোদীয়ে ফাৰ্মা উদ্যোগটোক অবিচ্ছিন্ন যোগান শৃংখল নিশ্চিতকৰণৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি লজিষ্টিক আৰু পৰিবহণ সহজতৰ কৰিবলৈ চৰকাৰে আগবঢ়োৱা সহায়ৰ কথা উল্লেখ কৰে।

তেখেতে উদ্যোগটোক ভৱিষ্যতে ক’ভিডৰ সৈতে উৎপত্তি হ’ব পৰা ভীতিসমূহৰ ওপৰত যিমান পাৰি সিমান অধিক গৱেষণা সম্পাদনৰ আহ্বান জনায়। এনে কৰিলে ভাইৰাছটোক প্ৰতিহতকৰণত সহায় হ’ব বুলি তেখেতে কয়।

ফাৰ্মা উদ্যোগটোৰপৰা সহযোগিতা কামনা কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে নিশ্চিতি প্ৰদান কৰে যে চৰকাৰে নতুন ড্ৰাগ আৰু নিয়ামক প্ৰক্ৰিয়াৰ অৰ্থে সংস্কাৰ সাধন কৰিছে।

ফাৰ্মা উদ্যোগটোৰ নেতৃত্বত থকাসকলে চৰকাৰখনৰপৰা লাভ কৰা সক্ৰিয় সহায় ও সমৰ্থনৰ শলাগ লয়। তেওঁলোকে যোৱা এটা বছৰে মেনুফেক্সাৰিং আৰু লজিষ্টিকক কাৰ্যক্ষম কৰি ৰাখি ড্ৰাগৰ উপলব্ধতা নিশ্চিতকৰণত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ উল্লেখ কৰে। মেনুফেক্সাৰিং, পৰিবহণ, লজিষ্টিক আৰু আনুষঙ্গিক সেৱাসমূহৰ বাবে ফাৰ্মা হাবসমূহত কাৰ্যপন্থা সৰ্বোত্তম স্তৰত নিয়ন্ত্ৰণ কৰা হৈছিল। অংশগ্ৰহণকাৰীসকলে তদুপৰি ক’ভিড চিকিৎসা প্ৰট’কলত ব্যৱহৃত কেতবোৰ ড্ৰাগৰ অপ্ৰত্যাশিত চাহিদা বৃদ্ধি সত্বেও দেশখনৰ সামগ্ৰিক মেডিচিনৰ চাহিদাৰে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত জ্ঞাত কৰে।

এই বৈঠকত উপস্থিত থাকেঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য) শ্ৰী অশ্বিনী কুমাৰ চৌবে, কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি.ভি. সদানন্দ গৌড়া, ৰাজ্যিক মন্ত্ৰী (ৰসায়ন আৰু সাৰ) মনসুখ মন্দাভিয়া, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পাল, কেবিনেট সচিব, কেন্দ্ৰীয় স্বাস্থ্য সচিব, কেন্দ্ৰীয় ফাৰ্মাচিউটিকেল সচিব ডাঃ বলৰাম ভাৰ্গৱ, আইচিএমআৰ ৰ সঞ্চালক প্ৰধান তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগসমূহৰ আন বিষয়াসকল।

 

******

DS/AK/SB



(Release ID: 1712818) Visitor Counter : 159