প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইউনিটাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 MAR 2021 10:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (ইউনিটাৰ)ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ অসংক্ৰামক ৰোগৰ ফলত অকাল মৃত্যু কম কৰাৰ দিশত ভাৰতৰ সফলতাৰ প্ৰশংসা কৰিছে ইউনিটাৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু সু-স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীত অগ্ৰণী ভূমিকা পালন কৰিছে৷ ইউনিটাৰে কৰা প্ৰশংসাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ আমি সকলো একেলগ হৈ আমাৰ এই গ্ৰহটো সম্পূৰ্ণৰূপে সুস্থ কৰি ৰাখিব লাগিব৷”

 

**********

 

DS/ VJ/DB



(Release ID: 1707255) Visitor Counter : 145