প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১১ মাৰ্চ ২০২১ তাৰিখে স্বামী চিদানন্দজীৰ ভাগৱত গীতাৰ কিণ্ডল সংস্কৰণ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 MAR 2021 4:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ মাৰ্চ ২০২১ তাৰিখে পুৱা ১০.২৫ বজাত স্বামী চিদানন্দজীৰ ভাগৱত গীতাৰ কিণ্ডল সংস্কৰণ মুকলি কৰিব৷ স্বামী চিদানন্দজীৰ ভাগৱত গীতাৰ ৫ লক্ষাধিক কপী বিক্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে৷

উল্লেখ্য, স্বামী চিদানন্দজী হ’ল তামিলনাডুৰ তিৰুচিৰাপল্লীৰ শ্ৰী ৰামকৃষ্ণ তপোবনম আশ্ৰমৰ প্ৰতিষ্ঠাতা৷ তেখেতে বিভিন্ন বিষয়ত ১৮৬খন গ্ৰন্থ প্ৰণয়ন কৰিছে৷

****

DS/SH/MANN



(Release ID: 1704049) Visitor Counter : 184