পোষ্ট কৰা হৈছে:
28 FEB 2021 1:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভি-চি৫১/আমাজনীয়া-১ মিচনৰ প্ৰথম সমৰ্পিত বাণিজ্যিক উৎক্ষেপণৰ সফলতাৰ বাবে এনএছআইএল আৰু ইছৰোক অভিনন্দন জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “এনএছআইএল আৰু @ইছৰোক পিএছএলভি-চি৫১/এমাজনীয়া-১ মিচনৰ প্ৰথম সমৰ্পিত বাণিজ্যিক উৎক্ষেপণৰ সফলতাৰ বাবে অভিনন্দন জনাইছো৷ ই দেশত মহাকাশ খণ্ডৰ সংস্কাৰৰ এক নতুন যুগৰ শুভাৰম্ভ কৰিলে৷ চাৰিটা সৰু উপগ্ৰহসহ ১৮ সহযাত্ৰীয়ে আমাৰ যুৱ প্ৰজন্মৰ গতিশীলতা আৰু উদ্ভাৱনকে প্ৰতিফলিত কৰিছে৷”
***
DS/SH/DB