প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৬ ফেব্ৰুৱাৰীত দ্বিতীয় খেলো ইণ্ডিয়া নেচনেল উইণ্টাৰ গেমছত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 25 FEB 2021 4:55PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ, ২৬ ফেব্ৰুৱাৰী, ২০২১ৰ পুৱা ১১.৫০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় খেলো ইণ্ডিয়া নেচনেল উইণ্টাৰ গেমছত উদ্বোধনী ভাষণ আগবঢ়াব।

এই ক্রীড়া প্রতিযোগিতা ২৬ ফেব্রুৱাৰীৰ পৰা ২ মার্চলৈকে অনুষ্ঠিত হ’ব। জম্মু আৰু কাশ্মীৰ স্প’র্টছ কাউন্সিল আৰু জম্মু আৰু কাশ্মীৰ শীতকালীন ক্ৰীড়া সংন্থাৰ সহযোগিতাত কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে এই প্রতিযোগিতাৰ আয়োজন কৰিছে। প্রতিযোগিতায় এলপাইন স্কিইং, নৰডিক স্কি, স্নোবোর্ডিং, স্কি মাউণ্টেনিয়াৰিং, আইচ হকী, আইচ স্কেটিং, আইচ ষ্টক ইত্যাদি খেল অনুষ্ঠিত হ’ব। প্রতিযোগিতাত ২৭খন ৰাজ্য, কেন্দ্রীয় শাসিত অঞ্চল আৰু ক্রীড়া পৰিষদৰ দলে অংশগ্ৰহণ কৰিব।

******

DS/SH/DB



(Release ID: 1701004) Visitor Counter : 114