প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমাৰ নতুন উদ্যোগসমূহ আগুৱাই যোৱাৰ ক্ষেত্রত দুটা ডাঙৰ উপাদান হ'ল বিপত্তি আৰু বৈচিত্ৰ্য

प्रविष्टि तिथि: 16 JAN 2021 9:20PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে, নতুন উদ্যোগৰ আগুৱাই যোৱাৰ ক্ষেত্রত সবাতোকৈডাঙৰ উপাদান হ'ল, বিপত্তি ও

আৰু বৈচিত্ৰ্য। তেওঁ আজি “প্রাৰম্ভ” – ষ্টার্টআপ ইণ্ডিয়া ইন্টাৰনেশ্যনেল ছামিটত ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বক্তব্য ৰাখিছিল।

 

নতুন উদ্যোগ বা ষ্টার্টআপবিলাকৰ ক্ষেত্রত বিপত্তিৰ মাধ্যমত নতুন পন্থাত, প্রযুক্তিত আৰু নতুন উপায়েৰে আগুৱাই যোৱাৰ পথ বিচাৰি পোৱা যায়। তেতিয়া সময়তকৈও আগুৱাই নতুনকৈ  চিন্তা-চৰ্চা কৰা আৰম্ভ হয়।

 

বৈচিত্ৰ্যৰ মাধ্যমত বিপুল পৰিমাণে নতুন নতুন ধাৰণাৰ সহায়ত পৰিৱর্তন সূচিত হয়, যাৰ মাজেৰে অভূতপূর্ব পৰিমাণে বিভিন্ন ক্ষেত্রলৈ বৈচিত্ৰ্য আহে। এই ব্যৱস্থাপনাত বাস্তবধর্মী উদ্যোগৰ মাজেৰে নতুন কিবা কৰাৰ উৎসাহ সৃষ্টি হয়। প্রধানমন্ত্রীয়ে কয়, “পাৰিমেই” ধাৰণাটো আজি ভাৰতত যথেষ্ট দেখা গৈছে।

 

শ্রী মোদীয়ে এই প্রসঙ্গত ভীম ইউপিআইৰ কথা উল্লেখ কৰিছে। যোৱা ডিচেম্বৰত এই ব্যৱস্থাৰ মাধ্যমত আর্থিক লেনদেনত বিপ্লব আহিছে। এই সময়ত ভাৰতত ইউপিআইৰ সহায়ত ৪ লক্ষ কোটি লেনদেন হৈছে। দেশে আজি সৌৰশক্তি আৰু কৃত্রিম মেধাত অগ্রণী ভূমিকা পালন কৰিছে।

 

******

                                      

DS


(रिलीज़ आईडी: 1690909) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam