PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 JAN 2021 5:59PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে; বিগত ১২ দিনত দৈনিক মৃত্যুৰ সংখ্যা একেৰাহে ৩০০ৰ কম হৈছে; মুঠ চিকিৎসাধীন লোকৰ সংখ্যা ২.২৭ লাখেৰে ২.১৯%লৈ হ্ৰাস পাইছে; ৭১জন লোকৰ দেহত চিনাক্ত হৈছে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ভাইৰাছ

দেশত মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে৷ বিগত ১২ দিনত দৈনিক মৃত্যুৰ সংখ্যা একেৰাহে ৩০০ৰ কম হৈছে৷ দেশত চিনাক্তকৰণ, আগ্ৰাসী তথা ব্যাপক পৰীক্ষণৰ লগতে উন্নত মানৰ চিকিৎসা ব্যৱস্থাপনাই মৃত লোকৰ সংখ্যা হ্ৰাস কৰিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে আগতীয়া চিনাক্তকৰণ আৰু সেই লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে লোৱা ব্যৱস্থাই এই ক্ষেত্ৰত অৰিহণা যোগাইছে৷ বিগত ৭দিনত ভাৰতত প্ৰতি ১০লাখ লোকৰ বিপৰীতে এজন লোক নতুনকৈ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ এইটোৱে কেন্দ্ৰীয় চৰকাৰৰ ফলপ্ৰসূ ক’ভিড ব্যৱস্থাপনা নীতিকে সূচাইছে৷ আন এক সফলতা এই যে ভাৰতত মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে৷ আজি দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২,২৭,৫৪৬জন৷ বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল ২.১৯% ৰোগীহে চিকিৎসাধীন হৈ আছে৷ দৈনিক আক্ৰান্তৰ বিপৰীতে আৰোগ্য লোকৰ সংখ্যা বৃদ্ধিৰ ধাৰাবাহিকতাই দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ২১,৩১৪জন লোকৰ আৰোগ্য হোৱাৰ বিপৰীতে ১৮,০৮৮জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ অৰ্থাৎ এদিনতে দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৩,৪৯০জন হ্ৰাস পাইছে৷ বিগত ৭দিনত প্ৰতি ১০লাখ লোকৰ বিপৰীতে ৯৬জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ব্ৰাজিল, ৰাছিয়া, ফ্ৰান্স, ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনত এই সংখ্যা অধিক হোৱা পৰিলক্ষিত হৈছে৷ দেশত বৰ্তমানলৈকে আৰোগ্য লোকৰ সংখ্যা ৯৯,৯৭,২৭২জন অৰ্থাৎ প্ৰায় ১কোটি হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.৩৬% হৈছে৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৬.৪৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে কেৰালাৰ সৰ্বাধিক ৪,৯২২জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত ক্ৰমে ২,৮২৮ আৰু ১,৬৫১জন ৰোগী আৰোগ্য হৈছে৷ ইফালে, নতুন আক্ৰান্তৰ ৭৯.০৫% লোক ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাত সৰ্বাধিক ৫,৬১৫ আৰু মহাৰাষ্ট্ৰত ৩,১৬০ আৰু চত্তীশগড়ত ১,০২১জন আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ২৬৪জন ক’ভিড ৰোগীৰ ৭৩.৪৮% ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৪জনৰ বিপৰীতে চত্তীশগড় আৰু কেৰালাত ক্ৰমে ২৫ আৰু ২৪জন ৰোগীৰ মৃত্যু হৈছে৷ ইফালে, ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ন’ভেল ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭১জনলৈ বৃদ্ধি পোৱা বুলি তথ্য পোৱা গৈছে৷

অধিক তথ্যৰ বাবে

বৃটেইনৰ প্ৰধানমন্ত্ৰী মিঃ বৰিছ জনছনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিঃ বৰিছ জনছনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। আসন্ন গণতন্ত্ৰ দিৱসৰ প্ৰধান অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী জনছনে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে যদিও বৃটেইনত ক’ভিড-১৯ ৰ কাৰণে পৰিৱৰ্তিত পৰিস্থিতিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি তেওঁ দুঃখ প্ৰকাশ কৰে। অদূৰ ভৱিষ্যতে তেওঁ ভাৰত ভ্ৰমণৰ বাবে তেওঁৰ আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনায় যে বৃটেইনৰ পৰিৱৰ্তিত এই ব্যতিক্ৰমী পৰিস্থিতিৰ কথা তেওঁ বুজিব পাৰিছে আৰু এই মহামাৰী দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰিূ পৰা যাব বুলি আশা প্ৰকাশ কৰে। শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হ’লে শ্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক ভাৰতলৈ স্বাগতম জনাব পাৰিব বুলিও আশা প্ৰকাশ কৰে। সমগ্ৰ বিশ্বৰ বাবেই ক’ভিড-১৯ টীকাৰ ব্যৱস্থাৰ লগতে অন্যান্য বিভিন্ন বিষয়ত দুই দেশৰ মাজৰ সহযোগিতাৰ প্ৰসঙ্গত উভয় নেতাই মত বিনিময় কৰে। ক’ভিডৰ পৰবৰ্তী সময়ত ব্ৰেক্সিটৰ পিছৰ সময়ছোৱাত তেওঁলোকে ভাৰত আৰু বৃটেইনৰ মাজত অংশীদাৰীত্বৰ বিভিন্ন সম্ভাৱনাৰ বিষয়ে তেওঁৰ বিশ্বাস পুনৰ্ব্যক্ত কৰে আৰু এই সম্ভাৱনাক কামত লগোৱাৰ বাবে এক সৰ্বাঙ্গীণ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ একত্ৰিত হৈ কাম কৰাৰ প্ৰসঙ্গতো সহমত পোষণ কৰে।

অধিক তথ্যৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে ভাৰ্চুৱেল প্লেটফ’ৰ্মযোগে ডিবিটি-টিএইচএছটিআই ফৰিদাবাদত মুকলি কৰিলে চিইপিআই চেণ্ট্ৰেলাইজড নেটৱৰ্ক লেব

বিজ্ঞান আৰু প্ৰযুক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ভূ-বিজ্ঞান মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল প্লেটফ’ৰ্মযোগে ফৰিদাবাদত চিইপিআইৰ নেটৱৰ্ক লেব মুকলি কৰে৷ ডাঃ হৰ্ষ ৱৰ্ধনে এছএণ্ডটি ছলিউচনৰ বাবে ই-বুকো মুকলি কৰে৷

অধিক তথ্যৰ বাবে

 

জনস্বাস্থ্য খণ্ডত ১৬২টা পিএছএ মেডিকেল অক্সিজেন উৎপাদন প্লাণ্ট গঢ়াৰ বাবে ২০১.৫৮ কোটি টকা আৱণ্টন পিএম কেয়াৰ ফাণ্ড ট্রাষ্টৰ

ধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ) ফাণ্ড ট্রাষ্টে দেশৰ বিভিন্ন জনস্বাস্থ্য প্ৰতিষ্ঠানত ১৬২টা প্ৰেছাৰ ছুইং এডছর্পচন (পিএছএ) মেডিকেল অক্সিজেন উৎপাদন প্লাণ্ট গঢ়ি তোলাৰা বাবে ২০১.৫৮ কোটি টকা আৱণ্টন দিছে৷ এই প্লাণ্ট নিৰ্মাণ আৰু সেইবোৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চিকিৎসা সামগ্ৰী যোগান কেন্দ্ৰ (চিএমএছএছ)ৰ বাবে মাছুলৰ বাবদ মুঠ প্রকল্পৰ খৰচ ১৩৭.৩৩ কোটি টকা ধাৰ্য কৰাৰ লগতে এইবোৰৰ সৰ্বাংগীন বার্ষিক মেৰামতিৰ বাবে ৬৪.২৫ কোটি টকা আৱণ্টন কৰা হৈছে। কেন্দ্রীয় জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বায়ত্ত্ব শাসিত সংস্থা চিএমএছএছে এই প্লাণ্ট নিৰ্মাণৰ বাবে সা-সঁজুলি সংগ্রহ কৰিব। ৩২খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত মুঠ ১৬২টা প্লাণ্টৰ পৰা ১৫৪.১৯ মেট্রিক টন অক্সিজেন উৎপাদন হ’ব। সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত আলোচনা মৰ্মে কোন কোন চৰকাৰী হাস্পতালত এই প্লাণ্টসমূহত স্থাপন কৰা হ’ব সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব। প্রতিটো প্লাণ্টৰ প্রথম ৩ বছৰ ৱাৰেণ্টী থাকিব। পৰৱৰ্তী ৭ বছৰ সৰ্বাংগীন বার্ষিক মেৰামতিৰ চুক্তি অনুসৰি প্রকল্পটোৰ চোৱা-চিতা কৰা হ’ব। হাস্পতাল বা ৰাজ্যসমূহে প্লাণ্টৰ নিয়মীয়া চোৱা-চিতাৰ কাম কৰিব। সৰ্বাংগীন বার্ষিক মেৰামতিৰ চুক্তি শেষ হোৱাৰ পাছত সংশ্লিষ্ট হাস্পতাল বা ৰাজ্যসমূহে ৰক্ষণাবেক্ষণৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব। এই ব্যৱস্থাপনাৰ ফলত জনস্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি আৰু অধিক সুদৃঢ় হ’ব। চিকিৎসা খণ্ডত কম মূল্যৰ অক্সিজেনৰ যোগান বৃদ্ধি পাব৷ ক’ভিড-১৯ত যিসকল লোক মজলীয়া বা তীব্রভাবে সংক্রমিত হয় তেওঁলোকৰ উপৰি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে নিৰৱচ্ছিন্ন অক্সিজেন সৰবৰাহ কৰাটো এক অতি গুৰুত্বপূর্ণ বিষয়। জনস্বাস্থ্য ব্যৱস্থাপনাত এই অক্সিজেন কনছেনট্রেটৰ প্লাণ্টসমূহ নিৰ্মাণ সম্পূৰ্ণ হ’লে জনস্বাস্থ্য ব্যৱস্থাত অক্সিজেন সংগ্রহ কৰা আৰু মজুত কৰাৰ ক্ষেত্রত অন্যান্য সংস্থাৰ ওপৰত নির্ভৰশীলতা হ্ৰাস পাব৷ ইয়াৰ ফলত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ অক্সিজেনৰ সহজলভ্যতা বৃদ্ধি পাব আৰু ৰোগীসকলে সঠিক সময়ত অক্সিজেনৰ সুবিধা লাভ কৰিব৷

অধিক তথ্যৰ বাবে

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ শক্তি সমৃদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ বিজ্ঞানীসমাজক প্ৰধানমন্ত্ৰীৰ আহ্বান

বৃহত্ নিৰ্মাণৰ বাবে বিজ্ঞানৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ৰ উত্তৰণত মনোনিৱেশ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞানীসমাজক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে আজি ‘ৰাষ্ট্ৰীয় মাপনবিজ্ঞান সন্মিলন ২০২১’ উপলক্ষে প্ৰদান কৰা ভাষণত এই আহ্বান জনাইছিল। এই সন্মিলনতে তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ৰাষ্ট্ৰীয় আণবিক সময়মাপক’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী’ ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰাৰ লগতে ‘ৰাষ্ট্ৰীয় পৰ্যাৱৰণ মানক প্ৰয়োগশালা’ৰো আধাৰশিলা স্থাপন কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানৰ উত্তৰণৰ প্ৰয়াসৰ সৈতে হাতত হাত ধৰিয়েই যিকোনো একোখন দেশৰ প্ৰগতিয়েও যে অগ্ৰগতি লাভ কৰে সেই সত্য ঐতিহাসিক ভাবেই সিদ্ধ হৈ আহিছে। তেওঁ ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগ ক্ষেত্ৰৰ ‘প্ৰমূল্য-সৃষ্টি চক্ৰ’ বুলি নামাংকিত কৰিছে। এই বিষয়ে ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বিজ্ঞানৰ একোটা আৱিষ্কাৰে প্ৰযুক্তিৰ সৃষ্টি কৰে আৰু প্ৰযুক্তিয়ে উদ্যোগৰ উন্নয়নৰ নেতৃত্ব দান কৰে। ইয়াৰ প্ৰত্যুত্তৰত উদ্যোগে নতুন গৱেষণাৰ লক্ষ্যৰে ভৱিষ্যতৰ বিজ্ঞানৰ ক্ষেত্ৰত বিনিয়োগ কৰে। এই চক্ৰই আমাক নতুন সম্ভাৱনাসমূহৰ দিশে আগুৱাই লৈ গৈ থাকে। ‘চিএছআইআৰ-এনপিএল’য়ে এই প্ৰমূল্য-চক্ৰক  আগুৱাই নিয়াৰ ক্ষেত্ৰত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে।

অধিক তথ্যৰ বাবে

 

 

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনৰ অনুমোদন প্ৰাপ্তিত দেশবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনক ডিচিজিআই-এ অনুমোদন দিয়া কাৰ্যক ক’ৰোনাৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ সিদ্ধান্ত বুলি মন্তব্য কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। কেইবাটাও টুইটযোগে প্রধানমন্ত্রীয়ে কয়, ‘এক উদ্যমী যুঁজ শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত! ডিচিজিআই-এ @SerumInstIndia আৰু @BharatBiotechৰ ভেকচিনক অনুমোদন দিয়াত এক স্বাস্থ্যৱান আৰু কভিডমুক্ত ৰাষ্ট্ৰ গঢ়াৰ পথ মুকলি হৈ পৰিল। ভাৰতক অভিনন্দন। আমাৰ কঠোৰ পৰিশ্রমী বিজ্ঞানী আৰু আৱিস্কাৰকসকলক অভিনন্দন।’ ‘ই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব যে জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিয়া ভেকছিন দুটা ভাৰতত প্ৰস্তুত কৰা হৈছে! যত্ন আৰু সহানুভূতিৰ মনোভাবেৰে আত্মনির্ভৰ ভাৰতৰ সপোন পূৰণৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকল কিমান আগ্ৰহী সেয়া ইয়াৰ জৰিয়তে প্রতিফলিত হৈছে।’ ‘আমি পুনৰবাৰ আমাৰ চিকিৎসক, চিকিৎসাকর্মী, বিজ্ঞানী, আৰক্ষী কৰ্মী, চাফাই কর্মচাৰী সহ সকলো ক’ৰোনা যোদ্ধাক এই প্রতিকূল পৰিস্থিতিৰ মাজতো তেওঁলোকে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহু মানুহৰ প্রাণ ৰক্ষা কৰাৰ বাবে আমি সকলো সময়তে তেওঁলোকৰ প্রতি কৃতজ্ঞ হৈ থাকিম।’

অধিক তথ্যৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এইমছ ৰাজকোটৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ছোৱাত মানৱ জাতিৰ ৰক্ষাৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মী, চাফাই কৰ্মী আৰু অন্যান্য ফ্ৰণ্টলাইন ক’ৰোনা যোদ্ধাসকলৰ নিৰন্তৰ প্ৰচেষ্টাক স্মৰণ কৰে। তেওঁ বিজ্ঞানী আৰু সেইসকল লোকৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰে, যিয়ে দুৰ্যোগৰ সময়ত সম্পূৰ্ণ নিষ্ঠাৰে দৰিদ্ৰক খাদ্য প্ৰদানত ব্যস্ত আছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২০ বছৰটোৱে এই কথা প্ৰতীয়মান কৰিছে যে ভাৰতীয় নাগৰিক ঐক্যবদ্ধ হ’লে, জটিল সংকটৰ মোকাবিলা কৰিব পৰা যায়। সেয়ে, আজি ভাৰত ক’ৰোনা যুদ্ধত বিশ্বৰ আন দেশৰ তুলনাত আগবাঢ়ি আছে। ভাৰতে মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ভাৰতত প্ৰতিষেধক সৃষ্টিৰ সকলো প্ৰয়োজনীয় প্ৰস্তুতি চলি আছে, এই প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু সোনকালে দেশৰ চুকে-কোণে টীকাকৰণ আৰম্ভ হ’ব। শ্ৰী মোদীয়ে কয় যে এইমছ ৰাজকোটে গুজৰাটৰ স্বাস্থ্য আন্তঃগাথনি, চিকিৎসা শিক্ষাক গতি প্ৰদান কৰিব আৰু ৰাজ্যখনত কৰ্মসংস্থাপন সৃষ্টি কৰিব। তেওঁ কয় যে প্ৰায় ৫ হাজাৰ প্ৰত্যক্ষ চাকৰি আৰু বহুতো পৰোক্ষ চাকৰি সৃষ্টি হ’ব। ক’ভিড যুঁজত গুজৰাটৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীৰ বিৰুদ্ধে যুঁজত গুজৰাটে পথ প্ৰদৰ্শন কৰিছে। ইয়াৰ বাবে তেওঁ ৰাজ্যখনৰ শক্তিশালী স্বাস্থ্য আন্তঃগাথনিৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ বহু দশকৰ পিছতো দেশত মাত্ৰ ৬খন এইমছ স্থাপন কৰা হৈছিল। ২০০৩ত অটলজীৰ চৰকাৰৰ দিনত আৰু ৬খন এইমছ স্থাপনৰ সিদ্ধান্ত লোৱা হয়। তেওঁ উল্লেখ কৰে যে যোৱা ৬বছৰত ১০খন নতুন এইমছ স্থাপনৰ কাম আৰম্ভ হৈছে আৰু কেইবাখনো ইতিমধ্যে উদ্বোধন কৰা হৈছে। ইয়াৰ লগতে ২০খন ছুপাৰ স্পেচিয়েলিটী হস্পিতালো নিৰ্মাণ কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ভিতৰুৱা অঞ্চলত প্ৰায় ১.৫ মিলিয়ন হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ স্থাপনৰ কাম চলি আছে আৰু ইয়াৰে প্ৰায় ৫০,০০০ চেণ্টাৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰে অকলে ৫হাজাৰ কেন্দ্ৰ গুজৰাটত আছে। তেওঁ কয় যে প্ৰায় ৭০০০ জন ঔষধি কেন্দ্ৰই ৩.৫লাখ দৰিদ্ৰ ৰোগীক কম মূল্যত ঔষধ আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২০বৰ্ষ যদি স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বানজনক আছিল, তেন্তে ২০২১ স্বাস্থ্য সমাধানৰ বৰ্ষ হিচাপে চিহ্নিত হৈ ৰ’ব। সমগ্ৰ বিশ্বই সজাগতাৰে স্বাস্থ্য সমাধানৰ দিশে আগবাঢ়িছে। ভাৰতে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে যিহেতু বেমাৰসমূহ গোলকীয় স্তৰত হৈছে, গতিকে গোলকীয় স্বাস্থ্য সমাধানৰ বাবে সমগ্ৰ বিশ্বই সমন্বয়েৰে কাম কৰাৰ সময় আহি পৰিছে। ভাৰতে এই ক্ষেত্ৰত বিশ্বৰ সৈতে আগবাঢ়িছে আৰু সমূহীয়া প্ৰচেষ্টাত ভাৰতে উল্লেখনীয় বৰঙণি আগবঢ়াইছে। ২০২১ত ভাৰত গোলকীয় স্বাস্থ্য খণ্ডৰ প্ৰাণকেন্দ্ৰ হৈ উঠিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

অধিক তথ্যৰ বাবে

গুজৰাটৰ ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

অধিক তথ্যৰ বাবে

ভাৰতৰ ক’ভিড প্ৰতিষেধক বিজ্ঞানৰ এক দূৰন্ত জাঁপ, উপ ৰাষ্ট্ৰপতিয়ে এইদৰে কয়

ভাৰতৰ উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম ভেংকয়া নাইডুয়ে ভাৰতে দুটা ক’ভিড প্ৰতিষেধকক জৰুৰীকালীন অনুমোদন প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক বিজ্ঞানৰ এটা দূৰন্ত জাঁপ বুলি অভিহিত কৰিছে৷ ছ’চিয়েল মিডিয়াত সোমবাৰে এইদৰে লিখি শ্ৰী নাইডুয়ে আত্মনিৰ্ভৰ ভাৰতে কেৱল ভাৰতকে নহয় বৰঞ্চ সমগ্ৰ মানৱতাকে উপকৃত কৰিছে বুলি মন্তব্য কৰে৷

অধিক তথ্যৰ বাবে

 

ক’ভিড-১৯ৰ ভেকচিন প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাজু হোৱাৰ আহ্বান কেন্দ্ৰৰ; স্বাস্থ্য সচিবৰ অধ্যক্ষতাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে উচ্চ স্তৰীয় বৈঠক

সমগ্ৰ দেশখনতে ক’ভিড-১৯ৰ ভেকচিন প্ৰদানৰ অৰ্থে সাজু হোৱাৰ উদ্দেশ্যৰে, কেন্দ্ৰীয় চৰকাৰখনে ভেকচিন প্ৰদানৰ বাবে ফলপ্ৰসূ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক আহ্বান জনাইছে। আজি কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেছন চাইটত ক’ভিড-১৯ৰ টিকাদানৰ অৰ্থে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধান সচিব (স্বাস্থ্য), এনএইচএমৰ এমডি আৰু আন স্বাস্থ্য প্ৰশাসকসকলৰ সৈতে এখনি উচ্চ-স্তৰীয় বৈঠকত পৌৰহিত্য কৰে। ২ জানুৱাৰী, ২০২১ (শনিবাৰ) ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰদ্বাৰা অনুশীলন অনুষ্ঠিত কৰা হ’ব। এই কাৰ্যকলাপ অতি কমেও ৩ চেছন চাইটত সকলো ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে; কেতবোৰ ৰাজ্যই তদুপৰি জটিল অঞ্চলত অৱস্থিত/দুৰ্বল লজিষ্টিক চাপ’ৰ্টৰ জিলাসমূহক অন্তৰ্ভুক্ত কৰিব; মহাৰাষ্ট্ৰ আৰু কেৰালাই ইয়াৰ ৰাজধানীৰ বাহিৰে আন মূল চহৰত এই অনুশীলন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। ক’ভিড-১৯ ভেকচিনৰ অৰ্থে অনুশীলন প্ৰৱৰ্তনৰ উদ্দেশ্য হৈছে ক্ষেত্ৰভিত্তিক পৰিবেশত ক’-উইন (Co-WIN) এপ্লিকেশ্যনৰ ব্যৱহাৰত প্ৰয়োগগত সাধ্যতা পৰিমাপ কৰা, পৰিকল্পনা আৰু ৰূপায়ণৰ মাজৰ লিংকেজ পৰীক্ষা কৰা আৰু প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা আৰু প্ৰকৃত ৰূপায়ণৰ পূৰ্বে অগ্ৰগতি সাধান কৰা। তদুপৰি ইয়াৰ জৰিয়তে ভিন্ন স্তৰত কাৰ্যক্ৰম প্ৰৱন্ধকসকলৰ বিশ্বাস বঢ়াই তোলাৰ আশা কৰা হৈছে।

অধিক তথ্যৰ বাবে

 

ক’ভিড-১৯ ভাইৰাছৰ সীমাবদ্ধ জৰুৰী অনুমোদন সন্দৰ্ভত ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)ৰ প্ৰেছ বিজ্ঞপ্তি

২০২১ ৰ ১ আৰু ২ জানুৱাৰীত চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কনট্ৰ’ল অৰ্গেনাইজেশ্যন (CDSCO) ৰ চাবজেক্ট এক্সপাৰ্ট কমিটি মিলিত হয় আৰু মেছাৰ্চ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু মেছাৰ্চ ভাৰত বাঅ’টেক তথা মেছাৰ্চ কেডিলা হেল্থকেয়াৰ লিমিটেডৰ III য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ ক’ভিড-১৯ ভাইৰাছৰ ভেকচিনৰ সীমাবদ্ধ জৰুৰী অনুমোদনৰ অৰ্থে পৰামৰ্শ আগবঢ়ায়।পালম’ন’ল’জি, ইমিউন’ল’জি, মাইক্ৰ’বাঅ’ল’জি, ফাৰ্মাক’ল’জি, পায়েডিয়েট্ৰিকছ, ইন্টাৰনেল মেডিচিন ইত্যাদি ক্ষেত্ৰসমূহৰ ডমেইন নলেজ এক্সপাৰ্টসমূহেৰে এই চাবজেক্ট এক্সপাৰ্ট কমিটি গঠিত। মেছাৰ্চ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনেয়ে এষ্ট্ৰাজেনেকা/অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰপৰা প্ৰযুক্তিৰ হস্তান্তৰেৰে SARS-CoV-2 স্পাইক গ্লাইক’প্ৰ’টিনক এনক’ডিং কৰা ৰিকম্বিনেন্ট চিম্পাঞ্জী এডিন’ভাইৰাছ ভেক্টৰ ভেকচিন (ক’ভিডছিল্ড) আগবঢ়ায়। এই ফাৰ্মখনে বিদেশী ক্লিনিকেল ষ্টাডীসমূহৰপৰা ১৮ বছৰ বা ততোধিক বয়সৰ ২৩,৭৪৫ অংশগ্ৰহণকাৰীৰ ক্ষেত্ৰত সৃষ্টি হোৱা সুৰক্ষা, অনাক্ৰম্যতা আৰু কাৰ্যকাৰিতাৰ তথ্য দাখিল কৰে। লাভ কৰা সামগ্ৰিক ভেকচিন কাৰ্যকাৰিতা হয় ৭০.৪২%। তদুপৰি, মেছাৰ্চ ছেৰাম ইনষ্টিটিউটক দেশখনৰ ভিতৰত ১৬০০ অংশগ্ৰহণকাৰীক লৈ II/III- য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা যায়। তদুপৰি ফাৰ্মখনে এই ট্ৰায়েলৰপৰা সৃষ্ট মধ্যৱৰ্তী সুৰক্ষা আৰু অনাক্ৰম্যতাৰ তথ্য আৰু বিদেশী ক্লিনিকেল ষ্টাডীসমূহৰপৰা তথ্যৰে তুলনামূলক বিবেচিত তথ্য দাখিল কৰে। বিচাৰ-বিবেচনাৰ অন্তত চাবজেক্ট এক্সপাৰ্ট কমিটিয়ে নিৰ্দিষ্ট নিয়ামক চৰ্তসাপেক্ষে জৰুৰী পৰিস্থিতিত সীমাবদ্ধ ব্যৱহাৰৰ অৰ্থে অনুমতি প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়ায়। ফাৰ্মখনৰদ্বাৰা দেশখনৰ ভিতৰত অব্যাহত থকা ক্লিনিকেল ট্ৰায়েল চলি থাকিব।

অধিক তথ্যৰ বাবে

 

২০২০ত থলুৱা চিকিৎসা সামগ্ৰী উদ্যোগসমূহে ক’ভিড-১৯ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ কিদৰে নিজকে উদ্ভাসিত কৰিছিল

 

অধিক তথ্যৰ বাবে

 

তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে অনুমোদিত তথা জাইডাছ কেডিলাৰ দ্বাৰা থলুৱাভাৱে বিকশিত প্ৰতিষেধকক সমৰ্থন জনাইছে ডিবিটি-বিৰাকে

অধিক তথ্যৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ কেৰালাই প্ৰতিষেধক বিতৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে৷ ৰাজ্যখনত বিগত আঠ মাহত ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা হেতুকে তেওঁলোকক প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে বুলি ৰাজ্য চৰকাৰে আহ্বান জনাইছে৷ বৰ্তমানে টেষ্ট পজিটিভিটীৰ হাৰ হ’ল ৯.১৬%৷ এনআইভি-ৰ বাবে মুঠ ৪১টা নমুনা প্ৰেৰণ কৰা হৈছে৷
  • তামিলনাডুঃ আজিৰ তাৰিখ পৰ্যন্ত তামিলনাডুত মুঠ ৰোগীৰ সংখ্যা হৈছে ২২,৩৭০জন, মৃত্যু হৈছে ১২,১৭৭ জনৰ, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৮০৮ জন আৰু মুকলি কৰি দিয়া হৈছে ৮,০২,৩৮৫ জনক৷
  • কৰ্ণাটকঃ স্বাস্থ্য মন্ত্ৰী ডাঃ কে সুধাকৰে কয় যে প্ৰথম পৰ্যায়ত ৩,৫৭,৩১৩ জন স্বাস্থ্য কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হ’ব আৰু ইয়াৰ বাবে ২৮,৪২৭ টা প্ৰতিষেধক কেন্দ্ৰ মুকলি কৰা হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে এক নিৰ্দেশনাৰ জৰিয়তে ক’ভিড পৰীক্ষণৰ বাবে ৰেপিড এণ্টিজেন পৰীক্ষণ কিটৰ মূল্য হ্ৰাস কৰিবলৈ দিছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৮৮,৪১০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯৮২ জন, মৃত্যু হৈছে ১৫৫৬ জনৰ, মুকলি কৰি দিয়া হৈছে ২,৮১,৮৭২ জনক৷ আৰোগ্যৰ হাৰ হ’ল ৯৭.৭৩ শতাংশ৷
  • মহাৰাষ্ট্ৰঃ  মহাৰাষ্ট্ৰত আৰোগ্যৰ হাৰ ৯৪.৮৭% হোৱাৰ জৰিয়তে ১৮,৫০,১৮৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মৃত্যুৰ হাৰ হ’ল ২.৫৫%৷  
  • গুজৰাটঃ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৬৫৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৪ জনৰ মৃত্যু হৈছে৷ আৰোগ্যৰ হাৰ ৯৪.৭১ শতাংশ৷ এই পৰ্যন্ত  মুঠ ৰোগীৰ সংখ্যা হৈছে ২,৪৮,৫৮১ জন৷ ইয়াৰে ২,৩৫,৪২৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৮৬৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ  পজিটিভিটীৰ হাৰ হ’ল ২.৫%৷ ৰাজ্যখনৰ মঙলবাৰে পজিটিভ ৰোগীৰ সংখ্যা হয়গৈ ২,৪৫,৩৬৮ জন৷ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৩৬৬২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৪২৭ জন আৰু আৰোগ্য লাভ কৰিছে ২,৩,২২৯ জনে৷
  • চট্টিশগড়ঃ মঙলবাৰে ১০২১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ মঙলবাৰে ১৪৯২ জন লোকে আৰোগ্য লাভ কৰে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হয় ৯১১১ জন৷
  • ৰাজস্থানঃ ৫ জানুৱাৰী পৰ্যন্ত ৰাজ্যখনত ৩ লাখ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত পাঁচ দিনত ৪১৩৯ জন লোকে আৰোগ্য লাভ কৰিছে, আনহাতে ২৪৩২ জন লোকে এই ৰোগত আক্ৰান্ত হৈছে৷ ডিচেম্বৰত ৪০,১৮০ জন লোকক দেহত ৰোগৰ বীজাণু পোৱাৰ লগতে ৫৮,৮৮৯ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • গোৱাঃ মঙলবাৰে ৮০ জন লোকে  নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫১,৪১৫ জন৷ আনহাতে ৭৪৪ জন লোকৰ মৃত্যু হৈছে৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৬০ জন৷
  • অসমঃ অসমত মুঠ ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ২,১৬,৩৮১ জন৷ ২,১২,২৪৬ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭২৮ জন আৰু মৃত্যু হৈছে ১০৫৭ জনৰ৷
  • ছিক্কিমঃ ছিক্কিমত এই সপ্তাহত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ৫৯৩৮ জন৷ ৫২২১ জনক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪৯৩ জন আৰু মুঠ ১২৯ জন লোকৰ মৃত্যু হৈছে৷

ফেক্ট চেক

Image

Image

****

YB



(Release ID: 1686661) Visitor Counter : 338