প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনৰ অনুমোদন প্ৰাপ্তিত দেশবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
ক’ৰোনা যুদ্ধৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ
পোষ্ট কৰা হৈছে:
03 JAN 2021 11:49AM by PIB Guwahati
ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনক ডিচিজিআই-এ অনুমোদন দিয়া কাৰ্যক ক’ৰোনাৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ সিদ্ধান্ত বুলি মন্তব্য কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।
কেইবাটাও টুইটযোগে প্রধানমন্ত্রীয়ে কয়,
‘এক উদ্যমী যুঁজ শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত!
ডিচিজিআই-এ @SerumInstIndia আৰু @BharatBiotechৰ ভেকচিনক অনুমোদন দিয়াত এক স্বাস্থ্যৱান আৰু কভিডমুক্ত ৰাষ্ট্ৰ গঢ়াৰ পথ মুকলি হৈ পৰিল।
ভাৰতক অভিনন্দন।
আমাৰ কঠোৰ পৰিশ্রমী বিজ্ঞানী আৰু আৱিস্কাৰকসকলক অভিনন্দন।’
‘ই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব যে জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিয়া ভেকছিন দুটা ভাৰতত প্ৰস্তুত কৰা হৈছে! যত্ন আৰু সহানুভূতিৰ মনোভাবেৰে আত্মনির্ভৰ ভাৰতৰ সপোন পূৰণৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকল কিমান আগ্ৰহী সেয়া ইয়াৰ জৰিয়তে প্রতিফলিত হৈছে।’
‘আমি পুনৰবাৰ আমাৰ চিকিৎসক, চিকিৎসাকর্মী, বিজ্ঞানী, আৰক্ষী কৰ্মী, চাফাই কর্মচাৰী সহ সকলো ক’ৰোনা যোদ্ধাক এই প্রতিকূল পৰিস্থিতিৰ মাজতো তেওঁলোকে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহু মানুহৰ প্রাণ ৰক্ষা কৰাৰ বাবে আমি সকলো সময়তে তেওঁলোকৰ প্রতি কৃতজ্ঞ হৈ থাকিম।’
*********
DS/KG
(ৰিলিজ আই ডি : 1685896)
অতিথি কক্ষ : 326
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam