স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ ভেকচিন প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাজু হোৱাৰ আহ্বান কেন্দ্ৰৰ

স্বাস্থ্য সচিবৰ অধ্যক্ষতাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে উচ্চ স্তৰীয় বৈঠক

২ জানুৱাৰী, ২০২১ ত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভেকচিন প্ৰদানৰ অৰ্থে অনুশীলন

Posted On: 31 DEC 2020 2:33PM by PIB Guwahati

সমগ্ৰ দেশখনতে ক’ভিড-১৯ৰ ভেকচিন প্ৰদানৰ অৰ্থে সাজু হোৱাৰ উদ্দেশ্যৰে, কেন্দ্ৰীয় চৰকাৰখনে ভেকচিন প্ৰদানৰ বাবে ফলপ্ৰসূ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক আহ্বান জনাইছে। আজি কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেছন চাইটত ক’ভিড-১৯ৰ টিকাদানৰ অৰ্থে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধান সচিব (স্বাস্থ্য), এনএইচএমৰ এমডি আৰু আন স্বাস্থ্য প্ৰশাসকসকলৰ সৈতে এখনি উচ্চ-স্তৰীয় বৈঠকত পৌৰহিত্য কৰে।

২ জানুৱাৰী, ২০২১ (শনিবাৰ) ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰদ্বাৰা অনুশীলন অনুষ্ঠিত কৰা হ এই কাৰ্যকলাপ অতি কমেও ৩ চেছন চাইটত সকলো ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে; কেতবোৰ ৰাজ্যই তদুপৰি জটিল অঞ্চলত অৱস্থিত/দুৰ্বল লজিষ্টিক চাপ’ৰ্টৰ জিলাসমূহক অন্তৰ্ভুক্ত কৰিব; মহাৰাষ্ট্ৰ আৰু কেৰালাই ইয়াৰ ৰাজধানীৰ বাহিৰে আন মূল চহৰত এই অনুশীলন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

’ভিড-১৯ ভেকচিনৰ অৰ্থে অনুশীলন প্ৰৱৰ্তনৰ উদ্দেশ্য হৈছে ক্ষেত্ৰভিত্তিক পৰিবেশত ক’-উইন (Co-WIN) এপ্লিকেশ্যনৰ ব্যৱহাৰত প্ৰয়োগগত সাধ্যতা পৰিমাপ কৰা, পৰিকল্পনা আৰু ৰূপায়ণৰ মাজৰ লিংকেজ পৰীক্ষা কৰা আৰু প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা আৰু প্ৰকৃত ৰূপায়ণৰ পূৰ্বে অগ্ৰগতি সাধান কৰা। তদুপৰি ইয়াৰ জৰিয়তে ভিন্ন স্তৰত কাৰ্যক্ৰম প্ৰৱন্ধকসকলৰ বিশ্বাস বঢ়াই তোলাৰ আশা কৰা হৈছে।

২০ ডিচেম্বৰ, ২০২০ ত মন্ত্ৰালয়টোৰদ্বাৰা জাৰি কৰা অপাৰেশ্যনেল গাইডলাইন অনুসৰি ভেকচিন প্ৰৱৰ্তনৰ অৰ্থে পৰিকল্পনা সম্পাদন কৰা যাব। তিনি চেছন চাইটৰ প্ৰতিটোৰে অৰ্থে, সংশ্লিষ্ট চিকিৎসা বিষয়া ইন-চাৰ্জজনে ২৫ টেষ্ট হিতাধিকাৰী (হেল্থকেয়াৰ কৰ্মী) চিনাক্ত কৰিব। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ’-উইন ত এই হিতাধিকাৰীসকলৰ তথ্য আপল’ড কৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। তদুপৰি এই হিতাধিকাৰীসকল অনুশীলনৰ অৰ্থে চেছন চাইটত উপস্থিত থাকিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ফেচিলিটিসমূহ সাজু কৰি তুলিব আৰু হেল্থ কেয়াৰ কৰ্মী (HCW) হিতাধিকাৰীসকলৰ তথ্য আপল’ডিঙকে ধৰি ক’উইন এপ্লিকেশ্যনত সৃষ্টি হ’বলগীয়া ইউজাৰসকলক সষ্টম কৰি তুলিব।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক স্থানৰ পৰ্যাপ্ততা, লজিষ্টিকেল ব্যৱস্থাপনা, ইন্টাৰনেট সংযোগ, বিদ্যুৎ, সুৰক্ষা ইত্যাদিৰ অৰ্থে সকলো প্ৰস্তাৱিত চাইটৰ প্ৰত্যক্ষ সত্যাপন; প্ৰদৰ্শনৰ অৰ্থে প্ৰতিখন ৰাজ্য (ৰাজ্যৰ ৰাজধানীত) ত অতি কমেও তিনি আদৰ্শ চেছন চাইট সাজু কৰি তোলা; সজাগতা সৃষ্টি কাৰ্যকলাপৰ অৰ্থে বাহিৰত পৰ্যাপ্ত স্থানৰ সৈতে ‘থ্ৰী-ৰুম চেট-আপ’ত আদৰ্শ চাইটসমূহৰ পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা থকা; এই চাইটসমূহত সকলো আইইচি সা-সামগ্ৰী প্ৰদৰ্শনৰ ব্যৱস্থা; সকলো দৃষ্টিকোণেৰে টিকাদান টীমসমূহক চিনাক্ত আৰু প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া আদৰ্শ বাতাবৰণত চিনাক্ত কৰা চাইটসমূহত সকলো এছঅ’পি আৰু প্ৰট’কল মানি চলাটো নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই অনুশীলনে তদুপৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক শীতল শৃংখল ব্যৱস্থাপনাকে ধৰি ভেকচিনৰ যোগান, মজুতকৰণ আৰু লজিষ্টিকৰ ব্যৱস্থাপনাত সমৃদ্ধ কৰি তুলিব।

টিকাদান প্ৰক্ৰিয়াটোত ভেকচিন পৰিপালকসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আগবঢ়াৰ পৰিপ্ৰেক্ষিতত, ভিন্ন ৰাজ্যত প্ৰশিক্ষক আৰু ভেকচিন প্ৰদান কৰিবলগীয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্যৰ অৰ্থে প্ৰায় ৯৬,০০০ ভেকচিন প্ৰদানকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা যায়। প্ৰশিক্ষকৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণত ২,৩৬০ অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু প্ৰায় ৫৭,০০০ অংশগ্ৰহণকাৰীক ৭১৯ জিলাত অনুষ্ঠিত জিলা পৰ্যায়ৰ প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ভেকচিন/ছফ্টৱেৰ সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ বাবে ৰাজ্যসমূহে ৰাজ্যিক হেল্পলাইন ১০৪ (যাক ১০৭৫ ৰ সংযোজন হিচাপে ব্যৱহাৰ কৰিব পাৰি) ব্যৱহাৰ কৰি আছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কল চেন্টাৰ এক্সিকিউটিভসকলৰ অ’ৰিয়েনটেশ্যন আৰু কেপাচিটি বিল্ডিং অনুষ্ঠিত হৈছে। তদুপৰি এনে যিকোনো প্ৰশ্নৰ অতিশয় সক্ৰিয় নিষ্পত্তিৰ অৰ্থে ৰাজ্যসমূহক স্বাস্থ্য মন্ত্ৰালয়ৰদ্বাৰা জাৰি কৰা এফএকিউ ব্যৱহাৰ কৰিবলৈ উৎসাহ জনোৱা হৈছে।

এই অনুশীলনৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হ’ব যিকোনো সম্ভাৱ্য টিকাদানৰ পাছত বিপৰীত ক্ৰিয়া (AEFI) ৰ ব্যৱস্থাপনা। তদুপৰি, চেছন চাইটত সংক্ৰমণ নিয়ন্ত্ৰণ অনুশীলনৰ অনুপালন আৰু ব্যৱস্থাপনা, ৰোগৰ সংক্ৰমণ প্ৰতিহত কৰা। এই আখৰাই সামৰি ল’ব খণ্ড আৰু জিলা পৰ্যায়ত সমকালীন নিৰীক্ষণ আৰু পৰ্যালোচনা আৰু মতামত প্ৰস্তুতিক। ৰাজ্যিক টাস্ক ফ’ৰ্চে মতামতসমূহ পৰ্যালোচনা কৰিব আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ক অৰ্পণ কৰিব।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তদুপৰি সংশ্লিষ্ট সকলো পক্ষক বিশ্বাসত লৈ আৰু উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে সমাজৰ অংশীদাৰিত্ব ‘জন ভাগিদাৰী’ উদ্দীপনাৰদ্বাৰা যোগাযোগৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আহ্বান জনোৱা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰদ্বাৰা বিস্তৃত চেকলিষ্ট যুগুত কৰা হৈছে আৰু অনুশীলনত দিক-নিৰ্দেশনাৰ অৰ্থে এয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰা হৈছে।

২৮-২৯ ডিচেম্বৰ, ২০২০ত অন্ধ্ৰ প্ৰদেশ, অসম, গুজৰাট, পঞ্জাৱৰ প্ৰত্য়েকৰে দুখন জিলাত প্ৰথম পৰ্যায়ৰ অনুশীলন সম্পন্ন হয় য’ত পাঁচ চেছন চাইটত প্ৰত্যেকতে ২৫ হিতাধিকাৰী চিনাক্ত কৰা হয়। এই অনুশীলনৰ সময়ছোৱাত পৰিচালনাৰ দৃষ্টিকোণেৰে কোনো বিশেষ সমস্যা উদ্ভৱ নহৈছিল। সকলো ৰাজ্যই বৃহৎ পৰিসৰৰ কাৰ্যক্ৰম ৰূপায়ণৰ অৰ্থে অপাৰেশ্যনেল গাইডলাইন আৰু আইটি প্লেটফৰ্মত বিশ্বাস প্ৰদৰ্শন কৰিছে।

এই বৈঠকখনিত এনএইচএম ৰ এএছ ও এমডি শ্ৰী যুতা বন্দনা গুৰনানী, অতিৰিক্ত সচিব (স্বাস্থ্য) ডাঃ মনোহৰ আগনানী, যুটীয়া সচিব শ্ৰী লৱ আগৰৱালা আৰু আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

****

MV/SJ/SB



(Release ID: 1685250) Visitor Counter : 222