স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ভাইৰাছৰ সীমাবদ্ধ জৰুৰী অনুমোদন সন্দৰ্ভত ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)ৰ প্ৰেছ বিজ্ঞপ্তি

Posted On: 03 JAN 2021 11:23AM by PIB Guwahati

২০২১ ৰ ১ আৰু ২ জানুৱাৰীত চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কনট্ৰ’ল অৰ্গেনাইজেশ্যন (CDSCO) ৰ চাবজেক্ট এক্সপাৰ্ট কমিটি মিলিত হয় আৰু মেছাৰ্চ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু মেছাৰ্চ ভাৰত বাঅ’টেক তথা মেছাৰ্চ কেডিলা হেল্থকেয়াৰ লিমিটেডৰ III য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ ক’ভিড-১৯ ভাইৰাছৰ ভেকচিনৰ সীমাবদ্ধ জৰুৰী অনুমোদনৰ অৰ্থে পৰামৰ্শ আগবঢ়ায়।

পালম’ন’ল’জি, ইমিউন’ল’জি, মাইক্ৰ’বাঅ’ল’জি, ফাৰ্মাক’ল’জি, পায়েডিয়েট্ৰিকছ, ইন্টাৰনেল মেডিচিন ইত্যাদি ক্ষেত্ৰসমূহৰ ডমেইন নলেজ এক্সপাৰ্টসমূহেৰে এই চাবজেক্ট এক্সপাৰ্ট কমিটি গঠিত।

মেছাৰ্চ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনেয়ে এষ্ট্ৰাজেনেকা/অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰপৰা প্ৰযুক্তিৰ হস্তান্তৰেৰে SARS-CoV-2 স্পাইক গ্লাইক’প্ৰ’টিনক এনক’ডিং কৰা ৰিকম্বিনেন্ট চিম্পাঞ্জী এডিন’ভাইৰাছ ভেক্টৰ ভেকচিন (ক’ভিডছিল্ড) আগবঢ়ায়। এই ফাৰ্মখনে বিদেশী ক্লিনিকেল ষ্টাডীসমূহৰপৰা ১৮ বছৰ বা ততোধিক বয়সৰ ২৩,৭৪৫ অংশগ্ৰহণকাৰীৰ ক্ষেত্ৰত সৃষ্টি হোৱা সুৰক্ষা, অনাক্ৰম্যতা আৰু কাৰ্যকাৰিতাৰ তথ্য দাখিল কৰে। লাভ কৰা সামগ্ৰিক ভেকচিন কাৰ্যকাৰিতা হয় ৭০.৪২%। তদুপৰি, মেছাৰ্চ ছেৰাম ইনষ্টিটিউটক দেশখনৰ ভিতৰত ১৬০০ অংশগ্ৰহণকাৰীক লৈ II/III- য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা যায়। তদুপৰি ফাৰ্মখনে এই ট্ৰায়েলৰপৰা সৃষ্ট মধ্যৱৰ্তী সুৰক্ষা আৰু অনাক্ৰম্যতাৰ তথ্য আৰু বিদেশী ক্লিনিকেল ষ্টাডীসমূহৰপৰা তথ্যৰে তুলনামূলক বিবেচিত তথ্য দাখিল কৰে। বিচাৰ-বিবেচনাৰ অন্তত চাবজেক্ট এক্সপাৰ্ট কমিটিয়ে নিৰ্দিষ্ট নিয়ামক চৰ্তসাপেক্ষে জৰুৰী পৰিস্থিতিত সীমাবদ্ধ ব্যৱহাৰৰ অৰ্থে অনুমতি প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়ায়। ফাৰ্মখনৰদ্বাৰা দেশখনৰ ভিতৰত অব্যাহত থকা ক্লিনিকেল ট্ৰায়েল চলি থাকিব।

মেছাৰ্চ ভাৰত বাঅ’টেকে আইচিএমআৰ আৰু এনআইভি (পুনে)ৰ সহযোগিতাত হ’ল ভিৰিয়ন ইনেক্টিভেটেড ক’ৰোনা ভাইৰাছ ভেকচিন (ক’ভাক্সিন) ৰ বিকাশ সাধন কৰিছে, ইয়াৰপৰা ফাৰ্মখনে ভাইৰাছ ছীড ষ্ট্ৰেইন লাভ কৰে। ভিৰ’ চেল প্লেটফৰ্মত এই ভেকচিনটোৰ বিকাশ সাধন কৰা হৈছে, যাৰ দেশখনত ও বৈশ্বিকভাৱে সুৰক্ষা আৰু কাৰ্যকাৰিতাৰ সু প্ৰতিষ্ঠিত ট্ৰেক ৰেকৰ্ড আছে।

এই ফাৰ্মখনে এন্দুৰ, নিগনি, শহাৰ দৰে ভিন্ন জীৱৰ প্ৰজাতিৰ সুৰক্ষা আৰু অনাক্ৰম্যতা তথ্য সৃষ্টি কৰে। এই সকলোবোৰ তথ্য ফাৰ্মখনে চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কনট্ৰ’ল অৰ্গেনাইজেশ্যনক অৱগত কৰে। প্ৰায় ৮০০ চাবজেক্টৰ ওপৰত I আৰু II য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল অনুষ্ঠিত কৰা যায় আৰু ফলাফলসমূহে দেখুৱাই যে ভেকচিনটো সুৰক্ষিত আৰু বলিষ্ঠ প্ৰতিৰোধ ক্ষমতা সঁহাৰি আগবঢ়াইছে। ভাৰতত ২৫,৮০০ স্বেচ্ছাসেৱকৰ ওপৰত III পৰ্যায়ৰ কাৰ্যকাৰিতা ট্ৰায়েলৰ সূচনা কৰা হয় আৰু আজিৰ তাৰিখলৈকে, সমগ্ৰ দেশখনৰ ~২২,৫০০ অংশগ্ৰহণকাৰীক ভেকচিন প্ৰদান কৰা হৈছে আৰু আজিৰ তাৰিখলৈকে লাভ কৰা তথ্য অনুসৰি ভেকচিনটো সুৰক্ষিত বুলি প্ৰমাণিত হৈছে।

চাবজেক্ট এক্সপাৰ্ট কমিটি (SEC) এ ভেকচিনটোৰ সুৰক্ষা আৰু অনাক্ৰম্যতা সন্দৰ্ভত তথ্য পৰ্যালোচনা কৰে আৰু প্ৰচুৰ সাৱধানতাৰে ৰাজহুৱা স্বাৰ্থত জৰুৰী পৰিস্থিতিত সীমাবদ্ধ ব্যৱহাৰৰ অৰ্থে অনুমতি প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়ায়।

 

******

MV/SJ/SB



(Release ID: 1685921) Visitor Counter : 267