প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ‘নিউ ভৌপুৰ-নিউ খুৰ্জা ছেকশ্যন’ৰ শুভাৰম্ভ ঘোষণা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
29 DEC 2020 2:03PM by PIB Guwahati
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, মুখ্য মন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল জী, সংসদৰ মোৰ সহযোগীসকল, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, কাৰ্যক্ৰমৰে জড়িত অন্য জ্যেষ্ঠ, বিশিষ্ট ব্যক্তিসকল আৰু প্ৰিয় ভাই-ভনীসকল। আজিৰ দিনটো ভাৰতীয় ৰে’লৰ গৌৰৱশালী অতীতৰ ২১ শতিকাত নতুন পৰিচিতি প্ৰদান কৰা, ভাৰত আৰু ভাৰতীয় ৰে’লৰ সামৰ্থ্য বৃদ্ধি কৰিব পৰা দিন। আজি স্বাধীনতাৰ পিচত সকলোতকৈ বৃহত্ আৰু আধুনিক ৰে’ল আন্তঃগাঁথনিমূলৰ বাস্তৱায়িত হোৱাটো আমি প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছো।
বন্ধুসকল,
আজি যেতিয়া ‘খুৰ্জা-ভৌপুৰ ফ্ৰেইট ক’ৰিডৰ’ত প্ৰথমখন মালবাহী ৰে’লগাড়ীয়ে যাত্ৰা আৰম্ভ কৰিলে, তাত নতুন ভাৰতৰ, ‘আত্মনিৰ্ভৰ ভাৰত’ৰ গুণগুণনি আৰু গৰ্জন নিতান্তই স্পষ্টকৈ শুনিবলৈ পোৱা গৈছিল। প্ৰয়াগৰাজত স্থাপিত ‘অপাৰেশ্যন কণ্ট্ৰোল চেণ্টাৰ’টো নতুন ভাৰতৰ নতুন সামৰ্থ্যৰ প্ৰতীক। এইটো পৃথিৱীৰ ভিতৰতে উত্তম আৰু আধুনিক কণ্ট্ৰোল চেণ্টাৰৰ অন্যতম। আৰু এই কথা শুনি নিশ্চয় যিকোনো ব্যক্তিৰেই ভাল পাব যে ইয়াত প্ৰৱন্ধন আৰু তথ্যৰে জড়িত যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, সেয়া ভাৰততে বিকশিত কৰা আৰু ভাৰতীয়য়েই এই প্ৰযুক্তি বিকশিত কৰিছে।
ভাই-ভনীসকল,
আন্তঃগাঁথনিক যিকোনো ৰাষ্ট্ৰৰে সামৰ্থ্যৰ সকলোতকৈ ডাঙৰ প্ৰতীক বুলি গণ্য কৰা হয়। আন্তঃগাঁথনিৰ ভিতৰত আকৌ যোগাযোগ ৰাষ্ট্ৰৰ স্নায়ুৰ দৰে, নাড়ীৰ দৰে। যিমানেই উত্তম হটব এই স্নায়ু, সিমানেই সুস্থ হটব সেই ৰাষ্ট্ৰৰ স্বাস্থ্য। আজি ভাৰতে পৃথিৱীৰ সকলোতকৈ বৃহত অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশে দ্ৰুতগতিৰে আগবঢ়াৰ মুহূৰ্তত, উত্তম শ্ৰেণীৰ যোগাযোগ ব্যৱস্থা দেশৰ সবাতোকৈ প্ৰথম প্ৰাথমিকতা হৈ উঠিছে। এই ভাবাদৰ্শৰেই বিগত ৬টা বছৰে ভাৰতত আধুনিক যোগাযোগ ব্যৱস্থাৰ সকলো দিশত গুৰুত্ব আৰোপ কৰি কামত অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথেই হওক কিম্বা ৰে’লপথেই হওক, বিমানপথেই হওক নতুবা জলপথেই হওক বা ‘আই-ৱে’ই হওক, অৰ্থনৈতিক প্ৰগতিৰ বাবে প্ৰয়োজনীয় এই পাঁচোটা চকাক শক্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, গতি প্ৰদান কৰা হৈছে। ‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’-ৰ এক বৃহত্ শাখাৰ শুভাৰম্ভও এই দিশত এক বৃহত্ পদক্ষেপ বুলিয়ে অভিহিত কৰিব লাগিব।
বন্ধুসকল,
‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’-ক সাধাৰণ ভাষাত যদি ক’বলৈ যোৱা যায় তেন্তে ক’ব লাগিব মালগাড়ীৰ বাবে নিৰ্মাণ কৰা বিশেষ ট্ৰেক, বিশেষ ব্যৱস্থা। দেশতনো ইয়াৰ প্ৰয়োজন হ’ল কিয়! আমাৰ খেতি আছে, উদ্যোগ আছে অথবা বজাৰ। এই সকলোবোৰেই আদান-প্ৰদানৰ ওপৰত নিৰ্ভৰশীল। ক’ৰবাত ফচলৰ উত্পাদন কৰা হয়, সেই ফচল দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণৰ প্ৰয়োজন হয়। ৰপ্টানীৰ বাবে বন্দৰসমূলৈ প্ৰেৰণৰ প্ৰয়োজন হয়। সেইদৰে উদ্যোগসমূহৰ বাবে কেতিয়াবা কেঁচামাল সামুদ্ৰিক পথেৰে আনিবলগীয়া হয়। উদ্যোগসমূহত উত্পাদিত সামগ্ৰী আকৌ বজাৰসমূহলৈ পঠাব লাগে অথবা ৰপ্টানীৰ বাবে এইবোৰ সামগ্ৰীও বন্দৰসমূলৈ নিয়াৰ প্ৰয়োজন হয়। এইবোৰ কামত সদায়ে ৰে’লেই সকলোতকৈ ডাঙৰ মাধ্যম হৈ আহিছে। জনসংখ্যা বঢ়াৰ লগে লগে, অৰ্থব্যৱস্থাৰ পৰিসৰ বঢ়াৰ লগে লগে, আদান-প্ৰদানৰ এই প্ৰক্ৰিয়াও সম্প্ৰসাৰিত হ’বলৈ ধৰিলে। সমস্যা এয়ে আছিল যে আমাৰ দেশত যাত্ৰীবাহী ৰে’লগাড়ী আৰু মাহবাহী ৰে’লগাড়ীসমূহ একে ৰে’লপথেৰেই অহা-যোৱা কৰিবলগীয়া হৈছিল। মালগাড়ীসমূহৰ গতিবেগ কম হয়। সেয়ে মালগাড়ীক ৰাস্তা উলিয়াই দিয়াৰ বাবে যাত্ৰীবাহী ৰে’লগাড়ীসমূহ ষ্টেশ্যনত ৰখাই থ’বলগীয়া হয়। এনে পৰিস্থিতিত যাত্ৰীবাহী ৰে’লগাড়ীসমূহ নিৰ্দ্ধাৰিত সময়ত লক্ষ্যস্থান পাওতে প্ৰায়েই পলম হয়। একে দশাই মালগাড়ীসমূহৰ ক্ষেত্ৰতো হয়। মালগাড়ীসমূহৰ গতি যিহেতু কম হয়, ঠায়ে ঠায়ে ৰখাবলগীয়া হয়, স্বাভাৱিকতেই এনে পৰিস্থিতিত পৰিবহণ ব্যয় অধিক হয়গৈ। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ খেতি, খনিজ উত্পাদন আৰু ঔদ্যোগীক উত্পাদনৰ মূল্যৰ ওপৰত পৰেগৈ। দাম বৃদ্ধি হোৱাৰ বাবে দেশ আৰু বিদেশৰ বজাত হ’বলগীয়া প্ৰতিযোগিতাত তিষ্ঠি থাকিবগৈ নোৱাৰা হয়, পৰাজয় বৰণ কৰিবলগীয়া হয়।
ভাই-ভনীসকল,
এই পৰিস্থিতিৰ পৰিৱৰ্তন সাধন কৰাৰ বাবেই ‘ফ্ৰেইট ক’ৰিডৰ’ৰ পৰিকল্পনা যুগুতোৱা হৈছিল। আৰম্ভণীতে ২টা উত্সৰ্গিত ‘ফ্ৰেইট ক’ৰিডৰ’ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ পাঞ্জাৱৰ ঔদ্যোগীক চহৰ লুধীয়ানাৰে প্শ্চিম বংগৰ দানকুনীক সংযোজিত কৰিছে। বহু শ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত কয়লা খনি, তাপ-বিদ্যুত্ প্ৰকল্প, ঔদ্যোগীক চহৰৰ লানি আছে। ইয়াৰ বাবে ‘ফীডাৰ ৰুটো’ নিৰ্মাণ কৰি থকা হৈছে। সেইদৰে ‘ৱেষ্টাৰ্ণ ডেডিকেটে ফ্ৰেইট ক’ৰিডৰ’টোৱে আকৌ মহাৰাষ্ট্ৰৰ ‘জেএনপিটি’-ক উত্তৰ প্ৰদেশৰ দাদৰীক সংযোজিত কৰিছে। প্ৰায় ১৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ক’ৰিডৰত গুজৰাটৰ মুন্দ্ৰা, কাণ্ডালা, পিপাৱাব, দহেজ আৰু হাজিৰাত থকা বৃহত্ বন্দৰসমূহৰ বাবে ‘ফীডাৰ ৰুট’ নিৰ্মাণ কৰা হ’ব। এই দুয়োটা ‘ফ্ৰেইট ক’ৰিডৰ’ৰ আশে-পাশে ‘দিল্লী-মুম্বাই ইণ্ডাষ্ট্ৰিয়েল ক’ৰিডৰ’ আৰু ‘অমৃতসৰ-কলকাতা ইণ্ডাষ্ট্ৰিয়েল ক’ৰিডৰ’ও বিকশিত কৰি থকা হৈছে। এইদৰেই উত্তৰক দক্ষিণৰে আৰু পূবক পশ্চিমৰে সংযোজিত কৰিবলগীয়া এই ৰে’ল ক’ৰিডৰৰে জড়িত গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহ পূৰণ কৰাৰ দিহা কৰা হৈছে।
ভাই-ভনীসকল,
মালবাহী ৰে’লৰ বাবে আচুতীয়া পথৰ ব্যৱস্থা হোৱাৰ ফলত যাত্ৰীবাহী ৰে’লৰ ক্ষেত্ৰত হোৱা বিলম্বৰ পৰম্পৰা বহুখিনি কমি যাব। দ্বিতীয়তে ইয়াৰ ফলত মালগাড়ীৰ গতিবেগো তিনিগুণে বৃদ্ধি পাব আৰু মালগাড়ীসমূহেও দুগুণ পৰ্যন্ত সা-সামগ্ৰী বহণ কৰিব পৰা হ’ব। কিয়নো এই ৰে’লসমূহত ‘ডাবল ডে’কাৰ’ অৰ্থাত্ ডবাৰ ওপৰত ডবা থকা ৰে’লগাড়ী চলাব পৰা যাব। মালগাড়ীসমূহ যেতিয়া নিৰ্দ্ধাৰিত সময়ত গন্তব্যস্থানত উপস্থিত হ’বগৈ তেতিয়া আমাৰ ‘লজিষ্টিক নেট-ৱৰ্ক’ সস্তীয়া হ’ব, যিয়ে আমাৰ ৰপ্টানীক প্ৰভাৱিত কৰিব।
বন্ধুসকল,
এই ‘ফ্ৰেইট ক’ৰিডৰ’সমূহ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বহুত ডাঙৰ মাধ্যম হ’বগৈ। উদ্যোগেই হওক, বেপাৰ-বাণিজ্যই হওক, কৃষক অথবা গ্ৰাহকেই হওক সকলোৱেই ইয়াৰ দ্বাৰা লাভৱান হ’ব। লুধীয়ানা আৰু বাৰানসীৰ বস্ত্ৰ নিৰ্মাতাই হওক, অথবা ফিৰোজপুৰৰ কিষাণ, আলীগড়ৰ তলা নিৰ্মাতাই হওক, ৰাজস্থানৰ কাৰবাৰী, মলিহাবাদৰ আম উত্পাদকসকলেই হওক, কানপুৰ আৰু আগ্ৰাৰ ৰৱৰ উদ্যোগেই হওক সকলোৰে বাবে ই সুযোগৰ সৃষ্টি কৰিব।
ভাই-ভনীসকল,
টফ্ৰেইট কটৰিডৰটৰ লাভ ‘কিষাণ ৰে’ল’সমূহৰো হ’ব। কালি মাত্ৰ ১০০সংখ্যক ‘কিষাণ ৰে’লগাড়ী’খনৰ শুভাৰম্ভ কৰা হৈছে। ‘কিষাণ ৰে’ল’সমূহৰে কৃষকসকলে উত্পাদন কৰা ফচলসমূহ কম মূল্যত সুৰক্ষিত ভাবে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। এতিয়া নতুনকৈ মুকলি কৰা ‘ফ্ৰেইট কৰিডৰ’ৰে ‘কিষাণ ৰে’ল’সমূহেও দ্ৰুত গতিৰে গন্তব্যস্থানত উপস্থিত হেৱাৰ সুযোগ লাভ কৰিব পাৰিব।
বন্ধুসকল,
যেতিয়া এনেধৰণৰ আন্তঃগাঁথনিৰ দ্বাৰা দেশৰ ইমানবোৰ লাভ হৈছেই তেন্তে এনে পৰিস্থিতিত, প্ৰশ্নৰ অৱতাৰণা হয়, যদি সেয়াই সত্য আছিল, তেন্তে ইয়াৰ বাবে ইমান বিলম্ব কিয় কৰা হল! এই প্ৰকল্প ২০১৪ চনৰ আগতে যিখন চৰকাৰ আছিল, সেইখন চৰকাৰৰ কৰ্ম-সংস্কৃতিৰ জীৱন্ত উদাহৰণ। ২০০৬চনত এই প্ৰকল্পক মঞ্জুৰী প্ৰদান কৰা হৈছিল। ইয়াৰ পিচত ই কেৱল কাগজ আৰু ফাইলৰ মাজতে বৰ্তী থাকিছিল। ৰাজ্যসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে যি গুৰুত্বৰে কথা-বতৰা হোৱাৰ প্ৰয়োজন আছিল, যিমান তত্পৰতাৰে সংবাদ কৰাৰ প্ৰয়োজন আছিল, সেয়া কৰাই হোৱা নাছিল। পৰণতি এনে হৈছিল যে কামবোৰ স্থবিৰ হৈ পৰিছিল, ওলমি ৰৈছিল, বিপথগামী হৈছিল। পৰিস্থিতি এনে হৈছিল যে ২০১৪ চন পৰ্যন্ত এককিলোমিটাৰ ৰে’লপথো নিৰ্মাণ কৰিব পৰা নাছিল। ইয়াৰ বাবে যি পুঁজি অনুমোদিত হৈছিল, সেই ধন উচিত ভাবে খৰছ কৰিবও পৰা হোৱা নাছিল।
বন্ধুসকল,
২০১৪ চনত পুনৰ এই প্ৰকল্পৰ ফাইল মোকলৱা হল। বিষয়া-বৰ্গক নতুন দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ বাবে নিৰ্দেশ দিয়া হ’ল, পিচে, তেতিয়ালৈ বাজেট ১১গুণ অৰ্থাত্ ৪৫ হাজাৰ কোটি টকাৰে বৃদ্ধি হৈছিল। ‘প্ৰগতি’ৰ সভাত মই নিজেই ইয়াৰ নিৰীক্ষণ কৰিছিলো, ইয়াৰ সৈতে জড়িত সকলো পক্ষৰে কথা-বতৰা পাতিছিলো, আলাপ-আলোচনা কৰিছিলো। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যচৰকাৰসমূহৰ সৈতে আলোচনাৰে সম্পৰ্ক বৃদ্ধি কৰিছিল, তেওঁলোকক উত্সাহিত কৰিছিল। আমি নতুন প্ৰযুক্তিও ব্যৱহাৰ কৰিছিলো। ইয়াৰ পৰিণতিতে প্ৰায় ১১০০ কিলোমিটাৰ পথৰ কাম আগন্তুক মাহচেৰেকতে সম্পূৰ্ণ হৈ উঠিব। ভাবকচোন, ৮ বছৰত এক কিলোমিটাৰো নিৰ্মাণ নোহোৱাৰ বিপৰীতে ৬-৭ বছৰত ১১০০ কিলোমিটাৰৰ নিৰ্মাণ।
ভাই-ভনীসকল,
আন্তগাঁথনিত ৰাজনৈতিক উদাসীনতাই সৃষ্টি কৰা ক্ষতি কেৱল ‘ফ্ৰেইট ক’ৰিডৰে’ই বহণ কৰিবলগীয়া হোৱা নাই, বৰঞ্চ ৰে’লেৰে জড়িত হৈ থকা সমষ্ট প্ৰক্ৰিয়াটোৱেই দৰাচলতে ইয়াৰ ভুক্তভোগী আছিল। প্ৰথমে ৰে’লৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হৈছিল, যাতে নিৰ্বাচনত ইয়াৰ পৰা মুনাফা লুটিব পৰা যায়। পিচে, যি চিৰিত ৰে’লগাড়ীক চলাব লাগিব তাত কিন্ত বিনিয়োগ কৰাৰ কথা ভবা হোৱা নাছিল। ‘ৰে’ল নেটৱৰ্ক’ৰ আধুনিকীকৰণক লৈয়ো তেনে গুৰুত্ব প্ৰদৰ্শন কৰা হোৱা নাছিল। আমাৰ ৰে’লগাড়ীসমূহৰ গতিবেগ বহুত কম আছিল আৰু সমগ্ৰ নেটৱৰ্ক বিপজ্জনক ভাবে ৰখীয়া বিহীন লেভেল ক্ৰছিঙৰে ভৰি আছিল।
বন্ধুসকল,
২০১৪ চনৰ পিচত আমি এই কাৰ্যশৈলীৰ পৰিৱৰ্তন সাধন কৰিলো, এই মানসিকতাকে সলনি কৰিছিলো। পৃথক ‘ৰে’ল বাজেট’ৰ পৰম্পৰাৰো অন্ত পেলাই আমি পাহৰি যোৱা ৰাজনীতিকো সলনি কৰিছিলো। আমি ৰে’লপথত বিনিয়োগ কৰিছিলো। হাজাৰ হাজাৰ ৰখীয়াবিহীন ‘লেভেল ক্ৰছিং’-ৰ পৰা ৰে’লৰ নেটৱৰ্কক মুক্ত কৰিছিলো। ৰে’লপথসমূহক দূৰন্ত গতিৰে চলা ৰে’লগাড়ীৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিছিলো। ৰে’ল নেটৱৰ্কক সৌৰীকৰণ আৰু বৈদ্যুতিকীকৰণৰ দিহা কৰাত গুৰুত্ব দিছিলো। আজি ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ দৰে ‘ছেমী হাইস্পীড’ ৰে’লগাড়ীও চলি আছে আৰু ভাৰতীয় ৰে’ল এতিয়া আগতকৈ অধিক সুৰক্ষিত হৈ উঠিছে।
বন্ধুসকল,
বিগত বছৰচেৰেকত ৰে’লবিভাগৰ ব্যাপক সংস্কাৰ সাধন কৰা হৈছে। ৰেলৰ স্বচ্ছতা, উন্নত খাদ্য-পানী অথবা আন সা-সুবিধাসমূহৰ ক্ষেত্ৰত পাৰ্থক্য আজি বাৰুকৈয়ে অনুভূত হয়। সেইদৰে ৰে’লৰে জড়িত উতপাদনী প্ৰক্ৰিয়াত ভাৰতে আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হৈছে। এতিয়া ভাৰতে নিজৰ বাবেও আধুনিক ৰে’লগাড়ীৰ নিৰ্মাণ কৰি আছে আৰু ৰপ্টানীও কৰি আছে। উত্তৰ প্ৰদেশৰেই যদি কথা কও, তেন্তে বাৰানসীস্থিত লক’মোটিভ ৱৰ্ক্স, ভাৰতত ইলেক্ট্ৰিক ইঞ্জিন নিৰ্মাণ কৰা বৃহত্ কে্ন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে। ৰায়বেৰলীৰ আধুনিক ডবা নিৰ্মাণ কাৰখানাকো ‘ডেণ্টিং-পেইণ্টং’-ৰ দৰে কামতে সীমিত থকাৰ পৰা আমি বিগত ৬টা বছৰত বাহিৰলৈ উলিয়াই অনাৰ ব্যৱস্থা কৰিছো। ইয়াত এতিয়া ৫ হাজাৰৰো অধিক নতুন ডবা নিৰ্মাণ কৰা হৈছে। ইয়াত নিৰ্মাণ কৰা ডবা এতিয়া ৰপ্টানীও কৰা হৈছে।
ভাই-ভনীসকল,
আমাৰ অতীতৰ অভিজ্ঞতাই কয় যে দেশৰ আন্তঃগাঁথনিক ৰাজনীতিৰ পৰা নিলগত ৰখা উচিত। দেশৰ আন্তঃগাঁঠনি কোনো দলবিশেষৰ বিচাৰধাৰাৰ নহয়। বৰং দেশৰ বিকাশৰহে পথ এয়া। এয়া ৫ বছৰৰ ৰাজনীতিৰ নহয় বৰং অনাগত অনেক প্ৰজন্মৰ উপকাৰ সাধন কৰা এক মিছনহে। ৰাজনৈতিক দলসমূহে যদি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বই খোজে তেন্তে সেই প্ৰতিযোগিতা আন্তঃগাঁথনিৰ মানক লৈয়ে হওক, প্ৰতিযোগিতা হওক গতিবেগ কিম্বা প্ৰসাৰ-পৰিসৰৰ ব্যাপকতাক লৈয়ে হওক। মই ইয়াত আৰু এটা মানসিকতাৰ কথা উল্লেখ কৰাটো জৰুৰী বুলি অনুভৱ কৰিছো যাক আমি সততে প্ৰদৰ্শন অথবা আন্দোলনৰ সময়ত দেখিবলৈ পাও। এই মানসিকতাই দেশৰ আন্তঃগাঁথনিক, দেশৰ সম্পত্তিৰ ক্ষতি কৰে। আমি নিশ্চয় মনত ৰাখিব লাগিব যে আন্তঃগাঁথনি, অথবা সম্পত্তি কোনো নেতা, কোনো দল অথবা কোনো চৰকাৰৰৰ নহয়। এয়া দেশৰ সম্পত্তি। ইয়াৰ সৈতে সকলো দৰিদ্ৰৰ, সকলো কৰদাতাৰ, মধ্যবিত্তীয়ৰ, সমাজৰ সকলো শ্ৰেণীৰ তেজ-ঘাম বিজড়িত হৈ আছে। এইবোৰৰ নিৰ্মাণৰ সৈতে দেশৰ শ্ৰম, দেশৰ গৰীব-দুখীয়া, দেশৰ সাধাৰণ জনতাৰ শ্ৰম বিজড়িত হৈ আছে। সেয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আমি কেতিয়াও ৰাষ্ট্ৰীয় দায়িত্ব পাহৰিব নালাগিব।
বন্ধুসকল,
যি ৰে’লক সদায়ে লক্ষ্য কৰি লোৱা হয়, সেয়াই কেনেকৈ সেৱা ভাৱেৰে সংকটময় পৰিস্থিতিৰ মাজতো দেশৰ কামত ব্ৰতী হৈ থাকে সেই কথাৰ উমান ক’ৰোনা-কালত ভালকৈয়ে সকলোৱে দেখিবলৈ পালে। সংকটত পৰা শ্ৰমিকসকলক নিজৰ গাঁৱলৈ ওভতাই নিয়াই হওক কিম্বা ঔষধ আৰু খাদ্য-সামগ্ৰীসমূহক দেশৰ প্ৰান্তে প্ৰান্তে উপলব্ধ কৰোৱাই হওক, নতুবা ক’ৰোনাৰ ভ্ৰাম্যমান চিকিত্সালয়ৰ দৰে সা-সুবিধা প্ৰদান কৰাই হওক, ৰে’লৰ সম্পূৰ্ণ নেটৱৰ্কৰ, সকলো কৰ্মচাৰীৰ এই উত্সৰ্গিত সেৱাৰ কথা দেশবাসীয়ে কেতিয়াও নাপাহৰে। কেৱল এয়াই নহয়, সংকটৰ এই সময়ত ৰে’লে বাহিৰৰ পৰা গাঁৱলৈ ওভতা শ্ৰমিক বন্ধুসকলৰ বাবে ১লাখৰো অধিক দিনৰ বাবে ৰোজগাৰো সৃষ্টি কৰিছে। মোৰ বিশ্বাস যে সেৱা, সদ্ভাৱ আৰু ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে একনিষ্ঠ প্ৰয়াসৰ এই মিছন নিৰন্তৰ ভাবে অব্যাহত থাকিব।
আকৌ এবাৰ উত্তৰ প্ৰদেশকে ধৰি দেশৰ সকলো ৰাজ্যক ‘ফ্ৰেইট ক’ৰিডৰ’ৰ নতুন সুবিধাৰ বহুত বহুত শুভ কামনা জ্ঞাপন কৰিলো আৰু ৰে’ল বিভাগৰ সকলো বন্ধু-বান্ধৱকো শুভকামনা দিয়াৰ লগতে এই ‘ফ্ৰেইট কৰিডৰ’ৰ পৰৱৰ্তি কাম-কাজসমূহকো আমি খৰটকীয়াকৈ সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকৰ সহযোগ নিতান্তই বিচাৰিম। আপোনালোকে চাগৈ মোৰ আশা নিশ্চয় পূৰণ কৰিব। এই কামনাৰে বহুত বহুত অভিনন্দন।
বহুত বহুত ধন্যবাদ!
*****
DS/VJ/BM/NS/KB
(Release ID: 1684575)
Visitor Counter : 189
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam