প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৃটেইনৰ সাংসদ, বিদেশ, কমনৱেলথ আৰু উন্নয়ন উপসচিব মিঃ ডমিনিক ৰেবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 16 DEC 2020 1:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃটেইনৰ সাংসদ তথা বিদেশ, কমনৱেলথ আৰু উন্নয়ন  বিভাগৰ উপসচিব মিঃ ডমিনিক ৰেবৰ সৈতে আলোচনাত মিলিত হয়।

শ্ৰী মোদীয়ে বৃটিছ প্ৰধানমন্ত্ৰী মিঃ বৰিছ জনচনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হোৱাৰ কথাও এই সাক্ষাৎত উল্লেখ কৰে। এই সাক্ষাৎকালত ক’ভিডৰ পৰৱৰ্তী সময়ত ভাৰত আৰু বৃটেইনৰ মাজত অংশীদাৰীত্বৰ গুৰুত্ব সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। দ্বিপাক্ষিক সম্পৰ্কৰ পূৰ্ণ সম্ভাৱনাক ব্যৱসায় বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, গৃহ আৰু যাতায়াত, শিক্ষা, বিদ্যুৎ, জলবায়ু পৰিৱৰ্তন আৰু স্বাস্থ্য ক্ষেত্ৰক কামত লগোৱাৰ ওপৰত শ্ৰী মোদীয়ে গুৰুত্ব দিছে।

বিদেশ সচিবগৰাকীয়ে প্ৰধানমন্ত্ৰী জনচনৰ শুভেচ্ছা বাৰ্তাও প্ৰেৰণ কৰে শ্ৰী মোদীলৈ। জলবায়ু পৰিবৰ্তনেৰ ওপৰত যি উচ্চপৰ্যায়ৰ সন্মিলন সম্প্ৰতি বৃটেইনে আয়োজন কৰিছিল, তাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ ধন্যবাদ জনায়। পাৰস্পৰিক মূল্যবোধ, স্বাৰ্থ তথা অভিন্ন আন্তৰ্জাতিক সমস্যাবোৰ একেলগে সমাধানৰ বাবে বৃটিছ চৰকাৰে ভাৰতৰ সৈতে সম্পৰ্ক উন্নয়নত আগ্ৰহী বুলিও তেওঁ জনায়।

বিদেশ সচিব ৰেব - এ ২০২১ চনত ব্ৰিটেইনৰ সভাপত্বিতত জি-৭ বৈঠকত মিঃ জনচনে প্ৰেৰণ কৰা এক আমন্ত্ৰণমূলক চিঠিও ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়েও এই আমন্ত্ৰণপত্ৰ দিয়াৰ বাবে ধন্যবাদ জনায় আৰু কয় যে তেওঁ এই আমন্ত্ৰণ গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতৰ ৭২ তম গণতন্ত্ৰ দিৱস উদযাপনত অহা মাহত তেওঁ বৃটিছ প্ৰধানমন্ত্ৰীক স্বাগতম জনাবৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।

**********

DS/SH/RD



(Release ID: 1681712) Visitor Counter : 101