প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘পেন আইআইটি গ্লোবেল ছামিট’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণ

Posted On: 04 DEC 2020 10:22PM by PIB Guwahati

শ্ৰী সুন্দৰম শ্ৰীনিবাসন,

সভাপতি

পেন আইআইটি ইউএছএ,

বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থীসকল,

বন্ধুসকল,

আপোনালোকৰ সৈতে মিলিত হবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছো। আইআইটি চেন্নাই, মুম্বাই, গুৱাহটী আৰু অতি সম্প্ৰতি দিল্লীৰ অনুষ্ঠানত সম্বোধন কৰাৰ সুযোগ মই লাভ কৰিছো। আইআইটিসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰে কথা-বতৰা পাতিবলৈ পালে মই সদায়ে উদ্বুদ্ধ হও। তেনে বাৰ্তালাপৰ পৰা অহাৰ সময়ত মই বাৰুকৈয়ে সজীৱ-সতেজ অনুভৱ কৰাৰ লগতে ভাৰত আৰু আমাৰ পৃথিৱীখনৰ সুন্দৰ ভৱিষ্যতক লৈ পুনৰ সুনিশ্চিত হোৱাৰ অৱকাশ অনুভৱ কৰো।

বন্ধুসকল,

আপোনালোক ভাৰতৰ সন্তান, যিয়ে সমগ্ৰ মানৱজাতিৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। উদ্ভাৱনৰ প্ৰতি থকা আপোনালোকৰ অভিপ্ৰায়ে পৃথিৱীখনক বৃহত্ সপোন দেখাৰ বাবে উদ্বুদ্ধ হোৱাৰ অৱকাশ প্ৰদান কৰিছে। আপোনালোকৰ বাবেও এয়া যেন পৰম শক্তি। সম্ভৱতঃ কাৰিকৰী আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত থকা আপোনালোকৰ দক্ষতাৰ বাবেই এয়া সম্ভৱ হৈছে। এইখন ধৰাৰ বাবে আইআইটিসমূহৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে আগবঢ়োৱা অৰিহণাৰ অৰ্থনৈতিক প্ৰমূল্যৰ সমীক্ষা নিশ্চয় কোনোবাই কৰা উচিত। ইয়াক যে এখন দেশৰ মুঠ ঘৰুৱা উত্পাদনৰ দৰে বৃহত্ পৰিসৰৰ প্ৰমূল্যৰহে তুলনা কৰাতো সংগত হব সেই কথা মই ন-দি কব পাৰো।।

বন্ধুসকল,

এটা সময় আছিল, যেতিয়া এনেধৰণৰ সন্মিলনত কেৱল ৫-৬খন মান আইআইটিৰ প্ৰাক্তন শিক্ষাৰ্থীসকলকহে আমন্ত্ৰিত কৰা হৈছিল। পিচে এতিয়ালৈ ইয়াৰ পৰিসৰ বাঢ়িবলৈ লৈছে আৰু এই সংখ্যা এতিয়া দুই ডজনৰ কাষ চাপিছেগৈ। সন্মিলনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। একে সময়তে, আইআইটি-ৰ ভাবমূৰ্তিওযে ক্ৰমাগত ভাবে অধিক উন্নত হবলৈ ধৰিছে সেই কথায়ো আমাক আশ্বস্ত কৰা হৈছে। ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণ সাধন কৰাৰ বাবে আমি নিতান্তই প্ৰতিশ্ৰুতিবদ্ধ। শেহতীয়া সময়ছোৱাত আপোনালোকে চাগৈ মন কৰিছেই যে, আমাৰ ভাৰতত হেকাথনৰ এক পৰম্পৰা গঢ়ি উঠিছে। এনে কেইবাখনো হেকাথনত অংশগ্ৰহণ কৰাৰ সুযোগ ময়ো পাইছো। এনেবোৰ হেকাথনত আমাৰ যুৱ-শক্তিয়ে ৰাষ্ট্ৰ আৰু পৃথিৱীয়ে সন্মুখীন হৈ অহা বহুবোৰ সমস্যাৰ সুন্দৰ সমাধানসূত্ৰ আগবঢ়োৱা মই প্ৰত্যক্ষ কৰিছো।

এই ক্ষেত্ৰত আপোনালোকে দক্ষিণ-পূব এচীয়া আৰু ইউৰোপৰ বহু দেশৰ সৈতে কাম কৰি আছে। আমাৰ যুৱ-প্ৰজন্মই তেওঁলোকৰ দক্ষতা আৰু সামৰ্থ্যৰ সুন্দৰ প্ৰদৰ্শন আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত যাতে কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ লক্ষ্য আমি গ্ৰহণ কৰিছো। আৰু পৃথিৱীৰ উত্তম অনুশিলনীসমূহৰ পৰা শিকাৰ প্ৰয়াস কৰিছো। ২ অক্টোবৰ, গান্ধী জয়ন্তীৰ দিনাৰে পৰা আৰম্ভ হোৱা বৈভৱ শীৰ্ষ সন্মিলন ভাৰতে অনুষ্ঠিত কৰিছে।

প্ৰায় এমাহ জোৰা এই শীৰ্ষ সন্মিলনে বিজ্ঞান আৰু উদ্ভাৱনী খণ্ডৰ অতিকে উন্নত মানৰ মেধাৱীসকলক সমবেত কৰিছে। অংশগ্ৰহণকাৰীসকলৰ সংখ্যা প্ৰায় তেইশ হাজাৰ হৈছেগৈ। এই শীৰ্ষ সন্মিলন নিতান্তই সফল হৈছে আৰু ইয়ে বিজ্ঞান আৰু উদ্ভাৱনী ক্ষেত্ৰৰ ভৱিষ্যতক মহীয়ান কৰি তুলিব।

বন্ধুসকল,

কৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰত ভাৰতে সাগৰ-সদৃশ পৰিৱৰ্তনৰ ধাৰা প্ৰত্যক্ষ কৰিছে। এসময়ত হব বুলি কল্পনাও নকৰা কথাবোৰেই এতিয়া ভাবিব নোৱাৰে দ্ৰুততাৰে সম্ভৱ হবলৈ ধৰিছে। আপোনালোকে ভালকৈয়ে জনা ক্ষেত্ৰখনৰ পৰাই মই এটা উদাহৰণ দাঙি ধৰিব খুজিছো। আগতে যেতিয়া আইআইটিসমূহে এৰো-স্পেচ ইঞ্জিনিয়াৰ গঢ়ি উলিয়াইছিল, তেতিয়া কিন্তু দেশত তেওঁলোকৰ বাবে নিযুক্তিৰ ঘৰুৱা বাতাবৰণ এটা গঢ়ি উঠা নাছিল। কিন্তু, মহাকাশ খণ্ডত আমি সম্পন্ন কৰা ঐতিহাসিক সংস্কাৰৰ সুবাদত মানৱতাৰ অন্তিম সীমান্ত এতিয়া ভাৰতীয় মেধাৰ বাবে মুকলি হৈ উঠিছে।

এনে পৰিপ্ৰেক্ষিততে এতিয়া দিনে দিনে ভাৰতত মহাকাশ প্ৰযুক্তিৰ নতুন ষ্টাৰ্টআপ প্ৰতিষ্ঠানে মূৰ দাঙি উঠা পৰিলক্ষিত হবলৈ ধৰিছে। মই নিশ্চিত যে আপোনালোকৰ মাজৰে কোনোবা কোনোবাই এনে স্থানলৈ সাহসৰে আগবাঢ়ি যাব, যি স্থানলৈ হয়তো এতিয়াও কোনো আগবাঢ়ি যোৱা নাই! ভাৰতত বহু খণ্ডত উদ্ভাৱনৰে ন-দিগন্তৰ সূচনা কৰাৰ নিদৰ্শন প্ৰত্যক্ষ কৰি থকা হৈছে। আমাৰ চৰকাৰেও সংস্কাৰ, সম্পাদন, ৰূপান্তৰণৰ মন্ত্ৰকে সাৰোগত কৰি আগুৱাই যোৱাৰ পণ কৰিছো।

আমাৰ সংস্কাৰ অভিয়ানৰ আওতাৰ পৰা কোনো খণ্ডই বাদ পৰি ৰোৱা নাই। সেয়া লাগিলে কৃষিয়েই হওক কিম্বা আণৱিক শক্তিয়েই হওক, অথবা প্ৰতিৰক্ষা, শিক্ষা, স্বাস্থ্য-সুৰক্ষা, আন্তঃগাঁথনি, বিত্ত, বেংক-ব্যৱস্থা, কৰ-ব্যৱস্থাই হওক। আমি শ্ৰমখণ্ডত ৪৪খন কেন্দ্ৰীয় শ্ৰম আইনৰ সমীক্ষা কৰি ৪খন বিধিত সমন্বিত কৰাৰ জৰিয়তে নতুন পথৰ সন্ধানকাৰী সংস্কাৰ সাধনৰ দিহা কৰিছো। আজিৰ তাৰিখত আমাৰ কৰ্পোৰেট কৰৰ হাৰ পৃথিৱীৰ ভিতৰতে অন্যতম ভাবে কম বুলি চিহ্নিত হৈছে।

কেই সপ্তাহমানৰ আগতে দহটা প্ৰধান খণ্ডৰ সৈতে উত্পাদন সংযোজিত আঁচনি ৰূপায়ণৰ প্ৰস্তাৱলৈ ভাৰতীয় কেবিনেটে অনুমোদন জনাইছে। ৰপ্টানী আৰু উত্পাদন বৃদ্ধিৰ লক্ষ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বেটেৰী, ইলেক্ট্ৰনিক্স, ফাৰ্মা, অটোমোবাইল, দূৰ্-সংযোগ, সৌৰ শক্তি আৰু অন্যান্য খণ্ডক এই সিদ্ধান্তৰ আওতাত ৰখা হৈছে। এই প্ৰতিটো খণ্ডই প্ৰযুক্তিৰে সংযোজিত হৈ আছে। সদ্ব্যৱহাৰৰ বাবে এনেবোৰ সুযোগে অপেক্ষা কৰিছে।

ভিড-১৯ৰ সংকটৰ মাজতো ভাৰতে বিনিয়োগৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। ইয়াৰে সৰহ সংখ্যক বিনিয়োগেই আহিছে প্ৰযুক্তি খণ্ডলৈ। এটা কথা স্পষ্ট যে আজিৰ পৃথিৱীয়ে ভাৰতক বিশ্বাসযোগ্য সহযোগী হিচাপেই গণ্য কৰি আহিছে।

বন্ধুসকল,

পেন আইআইটি আন্দোলনৰ সামূহিক শক্তিয়ে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আমি দেখা সপোনটো সাৰ্থক কৰাৰ বাবে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অধিক গতি প্ৰদান কৰিব পাৰে। স্বাধীনোত্তৰ কালৰ ইতিহাসৰ বহুকেইটা গুৰুত্বপূৰ্ণ মুহূৰ্তত পৃথিৱীৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা প্ৰবাসী ভাৰতীয়সকলে উজ্জীৱিত ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকে দৰাচলতেই এখন নতুন ভাৰতৰ বাৰ্তাবহক হিচাপে ভূমিকা পালন কৰিছে। আৰু ভাৰতৰ দৃষ্টি-ভংগীক পৃথিৱীবাসীৰ মাজত শুদ্ধ ভাবে অনুধাৱন কৰোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মত নিতান্তই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে।

বন্ধুসকল,

দুবছৰৰ পিচত, অৰ্থাত্ ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক জয়ন্তী উদযাপন কৰিব। এই উপলক্ষত ভাৰতক এক উত্তম উপহাৰ দিয়াৰ বাবে মই পেনআইআইটি আন্দোলনক আহ্বান জনাব খুজিছো। মাতৃভূমিৰ প্ৰতি আপোনালোকে কৰা প্ৰয়াসৰ কথা সৰ্বজনবিদিত আৰু নিতান্তই উদ্বুদ্ধকাৰী। কণিষ্ঠসকলক ভৱিষ্যত গঢ়াৰ বাবে শুদ্ধ পথ নিৰ্ণয়ৰ ক্ষেত্ৰত আপোনালোকে অনুপ্ৰাণিত কৰি আহিছে বুলি মই অৱগত। ইয়াৰে বহু সংখ্যকে আজি তেওঁলোকৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠান গঢ়াৰ মন মেলিছে। এইসকল অতিকে মেধাবী আৰু আত্মবিশ্বাসী যুৱক-যুৱতীয়ে তেওঁলোকৰ কঠোৰ শ্ৰম আৰু উদ্ভাৱনী শক্তিৰে নিদৰ্শন দাঙি ধৰিব খুজিছে।

মই তেওঁলোকক মাৰ্গ-দৰ্শন দিয়াৰ বাবে আপোনালোকক আহ্বান জনাব বিচাৰিছো। আপোনালোকে আপোনালোকৰ দিহা-পৰামৰ্শ MyGov. অথবা নৰেন্দ্ৰ মোডী এপ-ৰ জৰিয়তেও প্ৰেৰণ কৰিব পাৰে।

বন্ধুসকল,

আমাৰ কামে আমাৰ ধৰিত্ৰীৰ ভৱিষ্যত গঢ় দিব। কভিড-১৯ উত্তৰ প্ৰেক্ষাপট হ : প্ৰায় সকলো খণ্ডৰে পুনৰ-শিকণ, পুনৰ-চিন্তন, পুনৰ-উদ্ভাৱন আৰু পুনৰ-আৱিষ্কাৰ আৰু অনুসন্ধানৰ। ইয়াৰ সৈতে আমাৰ পৃথিৱীক পুনৰ-শক্তিৱন্ত কৰি তুলিব পৰাকৈ এলানি অৰ্থনৈতিক সংস্কাৰৰো প্ৰয়োজন হব। এনে পেৰেক্ষাপটতে, এক নতুন বিশ্ব প্ৰযুক্তিৰ গতি পথ নিৰ্ণয় কৰিব পৰাকৈ বিতৰ্ক, বিশ্লেষণ, আলোচনা আৰু সমাধানৰ এক বাতাবৰণ গঢ়ি তোলাৰ বাবে মই আপোনালোক আটাইকে আহ্বান জনালো। দায়িত্ব নিশ্চয় গধুৰ, তথাপি এই গধুৰ দায়িত্ব কান্ধ পাতি লোৱাৰ বাবে আপোনালোক যে সামৰ্থ্যবান সেই কথা মই জানো।

এই কামনাৰেই, মই সকলোলৈকে শুভ কামনা জনালো। এইবেলিৰ সন্মিলনৰ মূল বিষয়বস্তু দা ফিউচাৰ ইজ নাও যথাৰ্থ হৈছে বুলি মই অনুভৱ কৰিছো।

সন্মিলনলৈ শুভকামনা যাঁচিলো।

আৰু আপোনালোকলৈ ধন্যবাদ!

 

****

DS/SH/KB



(Release ID: 1678516) Visitor Counter : 232