প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 25 NOV 2020 9:02PM by PIB Guwahati

নমস্কাৰ!

আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ শ্ৰী ৰাজনাথ সিং জী, উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ডঃ দীনেশ শৰ্মা জী, উচ্চশিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নীলিমা কাটিয়াৰ জী, উত্তৰ প্ৰদেশ চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী আলোক কুমাৰ ৰায় জী, বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল, উপস্থিত সুধীবৃন্দ।

লক্ষ্ণৌ বিশ্ববিদ্যালয় পৰিয়ালৰ শতবৰ্ষ উদযাপন উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভকামনা জনাইছো। ১০০ বছৰ সময় নিশ্চয়কৈ এক সাধাৰণ পৰিসংখ্যান নহয়। ইয়াৰ সৈতে অসংখ্য সাফল্যৰ এক জাগ্ৰত ইতিহাস জড়িত হৈ আছে। মই অত্যন্ত আনন্দিত যে এই ১০০ বছৰৰ স্মৃতিৰ এক স্মাৰক ডাকটিকট, এটি স্মাৰক মুদ্ৰা আৰু কভাৰ প্ৰকাশ কৰাৰ সৌভাগ্য হৈছে মোৰ।

বন্ধুসকল,

মোক কোৱা হৈছে যে বাহিৰৰ ১ নম্বৰ গেটৰ কাষত যি অশ্বত্থ গছডাল আছে সেই গছডালেই বিশ্ববিদ্যালয়ৰ ১০০ বছৰৰ অবিৰাম যাত্ৰাপথৰ এক নীৰৱ সাক্ষী। এই বৃক্ষই এই বিশ্ববিদ্যালয়ৰ পৰিসৰত দেশ আৰু বিশ্বৰ অনেক প্ৰতিভাক নিজৰ সমূখতে গঢ় লোৱা দেখিছে, গঢ়ি উঠা দেখিছে। ১০০ বছৰৰ এই যাত্ৰাপথত ইয়াৰ পৰাই উত্তীৰ্ণ হৈ কোনো যদি দেশৰ ৰাষ্ট্ৰপতি হৈছে, কোনো কোনো ৰাজ্যপাল হৈছে। বিজ্ঞান হওঁক কিম্বা আইন, ৰাজনীতি হওঁক কিম্বা প্ৰশাসন, শিক্ষা হওঁক বা সাহিত্য, সংস্কৃতি হওঁক বা ক্ৰীড়া - প্ৰত্যেক ক্ষেত্ৰতে অসংখ্য প্ৰতিভাক লক্ষ্ণৌ বিশ্ববিদ্যালয়ে গঢ়ি তুলিছে, ক্ষুৰধাৰ কৰে তুলিছে। বিশ্ববিদ্যালয়ৰ 'আৰ্টছ কোয়াড্ৰাঙ্গল' নিজেই অসংখ্য ইতিহাসৰ সাক্ষী হৈছে। এই আৰ্টছ কোয়াড্ৰাঙ্গলত এদিন নেতাজী সুভাষ চন্দ্ৰ বসুৰো কন্ঠ গুঞ্জৰিত হৈছিল আৰু ইয়াতেই সেই বীৰপুৰুষে তেওঁৰ ভাষাতে কৈচিল, “ভাৰতৰ জনতাক নিজস্ব সংবিধান ৰচনা কৰিবলৈ দিয়ক, অন্যথা ইয়াৰ পৰিণাম ভুগিব লাগিব।” কাইলৈ যেতিয়া আমি, ভাৰতৰ নাগৰিকসকলে নিজৰ সংবিধান দিৱস পালন কৰিব, তেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ সেই হুংকাৰে আমাক নতুন প্ৰাণশক্তি যোগাব।

বন্ধুসকল,

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ইমান সুনাম, ইমান সফল ছাত্ৰ-ছাত্ৰীৰ নাম, দেখিলেও মই সকলোৰে নাম উচ্চাৰণ কৰিব নোৱাৰিম। মই আজি এই পবিত্ৰ অনুষ্ঠান উপলক্ষে তেওঁলোক সকলোকে প্ৰণাম জনাইছো। ১০০ বছৰৰ যাত্ৰাপথত বহু লোকে এই বিশ্ববিদ্যালয়ৰ বাবে অনেক ধৰণৰ অৱদান আগবঢ়াইছে। তেওঁলোক সকলোৱেই অভিনন্দনৰ অধিকাৰী। মই লক্ষ্ণৌ বিশ্ববিদ্যালয় পৰা উত্তীৰ্ণ হৈ ওলাই অহা বহু ছাত্ৰছাত্ৰীৰ সৈতে, স্বনামধন্য প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সৈতে কথা পতাৰ সুযোগ পাইছো, আৰ তেওঁলোকৰ সৈতে কথা পতাৰ সময়ত যেতিয়াই বিশ্ববিদ্যালয়ৰ প্ৰসঙ্গ উঠিছে, তেতিয়াই তেওঁলোকৰ চকুৱে মুখে একোটা চমক দেখিবলৈ পাইছো। তেওঁলোকৰ বিশ্ববিদ্যালয় জীৱনৰ দিনবোৰ সম্পৰ্কে কথা কৈ কৈ তেওঁলোক ইমানেই উৎসাহিত হৈ উঠে যে মই বহুবাৰ সেয়া অনুভৱ কৰিছো। সেইবাবেই এটা কথা আছে, "লক্ষ্ণৌ হম ফৰ ফিদা, হম- ফিদা- এ লক্ষ্ণৌ"। মই বাৰে বাৰে এই কথাটোৰ অৰ্থ, খুৱ ভালদৰে হৃদয়ঙ্গম কৰিবলৈ পাৰিছো। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ আত্মীয়তা, ইয়াৰ ৰোমাঞ্চ সত্যাৰ্থকে ভিন্ন মাত্ৰাৰ। ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৃদয়ত ঠাকুৰ লাইব্ৰেৰীৰ পৰা আৰম্ভ কৰি ভিন ভিন কেন্টিনৰ চাহ, চিংৰা আৰু বন- মাখন কেতিয়াও কোনোৱেই পাহৰিব নোৱাৰে। এতিয়া পৰিৱৰ্তিত সময়ৰ সৈতে বহু সালসলনি হৈছে। কিন্তু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ মেজাজ এতিয়াও একেই আছে।

বন্ধুসকল,

কাকতালীয়ভাৱে আজি দেৱ প্ৰবোধিনী একাদশীৰ দিন। শাস্ত্ৰ অনুসৰি, চতুৰ্মাসৰ অহা-যোৱাৰ সমস্যাৰ ফলত জীৱন যেন বহু পৰিমাণে স্তিমিত হৈ গৈছে। আনকি, দেৱতাসকলও নিদ্ৰালৈ গুচি গৈছে। আজিৰ দিনটো এক প্ৰকাৰৰ দেৱ জাগৰণৰ দিন। আমাৰ শাস্ত্ৰত কোৱা হৈছে, “ইয়া নিশা সৰ্বভুতানাং তশ্যং জাগৰ্তি সংযমী” অৰ্থাৎ, যেতিয়া সমস্ত প্ৰাণীৰ উত্তীৰ্ণাউত্তীৰ্ণি দেৱতাসকলে শুই থাকে, তেতিয়াও সংযমী মানুহ জনকল্যাণৰ বাবে সাধনাৰত থাকে। আজি আমি দেখিবলৈ পাইছো, দেশৰ নাগৰিকসকল কিমান সংযমেৰে সৈতে ক’ৰোনাৰ বিৰুদ্ধে কঠিন যুদ্ধত প্ৰতিৰোধ গঢ়ি তুলিছিল। দেশক আগুৱাই লৈ গৈছে এইসকল লোকে।

বন্ধুসকল,

দেশক যিসকলে প্ৰেৰণা যোগায়, উৎসাহ যোগায়, সেইসকল নাগৰিকৰ শিক্ষা এই ধৰণৰ প্ৰতিষ্ঠানতেই সম্ভৱ হয়। লক্ষ্ণৌ বিশ্ববিদ্যালয়ে কেবা দশক ধৰি এই কাম খুব ভালদৰে পালন কৰিছে। ক’ৰোনাৰ সময়তো ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে, শিক্ষক-শিক্ষয়িত্ৰীসকলে সমাজক বিভিন্ন ধৰণৰ সমাধান দি আহিছে।

বন্ধুসকল,

মোক কোৱা হৈছে যে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰ অধিকাৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ দ্বাৰা ভালেমান নতুন গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে। কিন্তু আমি সাহস কৰি আৰু কেইটামান কথা ক’বলৈ বিচাৰিছো। মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে সেই বিষয়বোৰক লৈ অৱশ্যেই আলাপ-আলোচনা কৰিব। মোৰ পৰামৰ্শ হ’ল, যিবোৰ জিলা পৰ্যন্ত আপোনালোক শিক্ষাৰ আওতাত আছে, সেই ঠাইৰ স্থানীয় পণ্য, স্থানীয় উৎপাদন ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। সেইবোৰৰ অনুকূল দক্ষতা উন্নয়ন, সেইবোৰক লৈ পুঙ্খানুপুঙ্খ বিশ্লেষণ – এইবোৰ আমাৰ বিশ্ববিদ্যালয়ত কিয় হ’ব নোৱাৰে? সেই শস্য, ফলমূল আৰু পণ্যৰ উৎপাদনক লৈ মূল্য সংযোজনৰ বাবে আধুনিক সমাধান, আধুনিক প্ৰযুক্তিৰে গৱেষণাও আমাৰ বিশ্ববিদ্যালয়বোৰে কৰিব পাৰে। সেইবোৰৰ ব্ৰেণ্ডিং, মাৰ্কেটিং আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত কৌশলো আপোনালোকৰ পাঠক্ৰমৰ অংশ হৈ উঠিব পাৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দৈনন্দিন শিক্ষাৰ আৰু কামৰ অংশ হৈ উঠিব পাৰে। এতিয়া যিদৰে লক্ষ্ণৌৰ চিকনকাৰী, আলিগড়ৰ তালা, মোৰাদাবাদৰ পিতলৰ বাচন, ভদোহীৰ কালীন কাৰ্পেট – এনে অনেক পণ্যক আমি কিদৰে আন্তৰ্জাতিকভাৱে প্ৰতিযোগিতামূলক কৰি তুলিব পাৰো, তাক লৈ গৱেষণা হ’ব পাৰে। এই গৱেষণাৰ মাধ্যমেৰে চৰকাৰৰ নীতি নিৰ্ধাৰণত যথেষ্ট সুবিধা হ’ব। আৰু তেতিয়াই আমাৰ  'এক জিলা এক পণ্য'-ৰ ভাৱনাই সদৰ্থক ৰূপ পাব। তাৰ উপৰিও আমাৰ কলা - সংস্কৃতি, আমাৰ আধ্যাত্মিকতাৰ সৈতে জড়িত বিষয়বোৰক আন্তৰ্জাতিক ক্ষেত্ৰলৈ প্ৰেৰণ কৰিবলৈ আমি নিৰন্তৰ কাম কৰি যাব লাগিব। আমাৰ এই ছফ্ট পাৱাৰে আন্তৰ্জাতিক জগতত ভাৰতৰ প্ৰতিচ্ছবি শক্তিশালী কৰি তোলাত অত্যন্ত সহায়ক হ’ব। আমি দেখিবলৈ পাইছো যে সমগ্ৰ বিশ্বত যোগে শক্তি কিমান। পূৰ্বেও হয়তো অনেকেই যোগ সাধনা কৰিছিল। কোনোৱে ইয়াকে যোগ বুলিছিল, কোনোৱে ইয়াক যোগা বুলিছিল। কিন্তু এতিয়া সমগ্ৰ বিশ্বই যোগক এক প্ৰকাৰেৰে জীৱনৰ অংশ কৰি তুলিছে। এই প্ৰেৰণা তেওঁলোকে ভাৰতৰ পৰা পাইছে।

বন্ধুসকল,

বিশ্ববিদ্যালয় কেৱল এক উচ্চশিক্ষাৰ কেন্দ্ৰ নহয়। বিশ্ববিদ্যালয় হৈছে বহু উচ্চ লক্ষ্য, উচ্চ সংকল্প বাস্তবায়িত কৰাৰ শক্তি অৰ্জনৰো এক বৃহৎ পাৱাৰ হাউছ, এক বৃহৎ প্ৰাণশক্তিৰ কেন্দ্ৰ এই বিশ্ববিদ্যালয়, ই এক প্ৰেৰণাভূমি। বিশ্ববিদ্যালয় আমাৰ চৰিত্ৰ নিৰ্মাণৰ, আমাৰ আন্তৰিক শক্তিক জগাই তোলাৰ প্ৰেৰণাস্থল। বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে বছৰ বছৰ ধৰি তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মেধা, শিক্ষা আৰু শাৰীৰিক উন্নতি সুনিশ্চিত কৰে, ছাত্ৰ-ছাত্ৰীসকলৰ সামৰ্থ্য বৃদ্ধি কৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সামৰ্থ্যক যাতে চিনিব পাৰে সেইক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে।

কিন্তু বন্ধুসকল, দীৰ্ঘ সময় ধৰি আমাৰ দেশত এটাই সমস্যা আছিল যে আমি নিজৰ সামৰ্থ্যক সম্পূৰ্ণৰূপে ব্যৱহাৰেই নকৰিলো। এই সমস্যা পূৰ্বতে আমাৰ চৰকাৰী প্ৰশাসনৰ কৰ্মসংস্কৃতিত, চৰকাৰী আদব-কায়দাৰ মাজেৰেও আছিল। যেতিয়া সামৰ্থ্যৰ সঠিক ব্যৱহাৰ নহয়, তেতিয়া কি পৰিণাম হয় সেই সম্পৰ্কে আজি আপোনালোকক এটি উদাহৰণ দিবলৈ বিচাৰিছো। আৰু ইয়াত উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত সেইটো যথেষ্ট উপযোগীও। আপোনালোকৰ পৰা বৰ বেছি দূৰৈত নহয়, লক্ষ্ণৌৰ কাষতেই ৰায়বৰেলী ৰে’লৱে কোচ ফেক্টৰীৰ কথা কৈছো। বহু বছৰ পূৰ্বে ইয়াত বিনিয়োগ হৈছিল, বহু সম্পত্তি আহিছিল, বহুতো মেছিনো আহিছিল, ডাঙৰ ডাঙৰ ঘোষণা হৈছিল যে ৰে’ল কোচ প্ৰস্তুত হ’ব। কিন্তু বহুবছৰ ধৰি তাত কেৱল ডেন্টিং-পেইন্টিংৰহে কাম চলি থাকিল। কাপুৰথলাৰ পৰা ৰে’লৰ কোচ নিৰ্মাণ হৈ ইয়ালৈ আহে, আৰু ইয়াত সামান্য ৰং কৰি অলপ ইফাল সিফাল কৰি লাইনত চলাৰ উপযোগী কৰি তোলা হয়। যি কাৰখানাত ৰে’লৰ দবা নিৰ্মাণ কৰাৰ সামৰ্থ্য আছিল, তাৰ সম্পূৰ্ণ ক্ষমতা অনুযায়ী কাম কেতিয়াও কৰা হোৱা নাছিল। ২০১৪ চনত আমি ক্ষমতালৈ আহি এইবোৰ দেখি, কাৰখানাৰ শ্ৰমিকৰ পৰা আৰম্ভ কৰি শীৰ্ষ পৰ্যায়ৰ কৰ্মচাৰীলৈ, সকলোৰে ভাৱনালৈ পৰিবৰ্তন আনি, কৰ্মসংস্কৃতি সলনি কৰিলো। ইয়াৰ ফলস্বৰূপে, মাত্ৰ কেইমাহমানৰ ভিতৰতে এই স্থানৰ পৰাই প্ৰথমখন স্বয়ংসম্পূৰ্ণ কোচ নিৰ্মাণ হৈ ৰে’লপথত নামিল। তাৰ পিছৰে পৰা প্ৰত্যেক বছৰে ইয়াৰ পৰা কেৱাশ ৰে’লৰ দবা নিৰ্মাণ হ’বলৈ আৰম্ভ কৰিছে। সামৰ্থ্যৰ সঠিক ব্যৱহাৰ কিদৰে কৰিব লাগে, সেয়া আপোনালোকে জানেই। আৰু সমগ্ৰ বিশ্বই আজি দেখিছে আৰু উত্তৰ প্ৰদেশবাসীয়ে এই বাবে গৰ্ব কৰিব পাৰে, এতিয়াৰ পৰা কিছু সময় পিছতে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰে’লৰ দবা নিৰ্মাণ কাৰখানা কোনটো, এই প্ৰশ্ন কৰিলে আপোনালোকে গৰ্বেৰে ক’ব পাৰিব যে ৰায়বৰেলিৰ ৰে’ল কোচ ফেক্টৰী।

বন্ধুসকল,

সামৰ্থ্যৰ সঠিক ব্যৱহাৰৰ লগে লগে, ইতিবাচক ভাৱনা আৰু ইচ্ছাশক্তিও থকাটো সিমানেই জৰুৰী। ইচ্ছা শক্তি নাথাকিলে আপোনালোকে জীৱনৰ কাঙ্খিত ফল নাপাব। ইচ্ছাশক্তি থাকিলে কিদৰে পৰিৱৰ্তন আহে দেশৰ সমূখত এতিয়া তাৰ অনেক উদাহৰণ আছে। আমি কেৱল আপোনালোকৰ সমূখত এটি উদাহৰণ তুলি ধৰিব বিচাৰিছো। সেয়া হ’ল ইউৰিয়া। এটা সময় আছিল, যেতিয়া দেশত ইউৰিয়া উৎপাদনৰ অনেক কাৰখানা আছিল। কিন্তু তৎসত্ত্বেও ভাৰতে বিদেশৰ পৰা ইউৰিয়া আমদানি কৰিবলগীয়া হৈছিল। ইয়াৰ এটা ডাঙৰ কাৰণ আছিল, দেশৰ অধিকাংশ সাৰ কাৰখানাই সিঁহতৰ সম্পূৰ্ণ ক্ষমতা অনুযায়ী কাম কৰা নাছিল। আমি ক্ষমতালৈ অহাৰ পিছত যেতিয়া বিষয়াসকলৰ সৈতে এই বিষয়ে কথা পাতিলো, তেতিয়া এইবোৰ দেখি অবাক হৈ গৈছিল।

বন্ধুসকল,

আমি এটাৰ পিছত এটা নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিলো। ফলস্বৰূপে, আজি দেশৰ ইউৰিয়া কাৰখানাবোৰে পূৰ্ণ ক্ষমতাৰে কাম কৰিছে। তাৰ উপৰিও, আন এক সমস্যা আছিল, সেয়া হৈছে ইউৰিয়াৰ ক’লা বজাৰ। কৃষকসকলৰ নামত ইউৰিয়া সৰবৰাহ কৰা হয়, কিন্তু অন্য কোনো স্থানলৈ নাযায়। আদবাটতে চুৰি হৈ যায়। তাৰ বাবে আমাৰ দেশৰ কৃষকসকলে অনেক কষ্ট ভুগিবলগীয়া হ’ল। ইউৰিয়াৰ ক’লা বজাৰ বন্ধ কৰাৰ বাবে আমি বহু চিন্তাভাবনা কৰি ১০০ শতাংশ ইউৰিয়াকেই নিম কোটিং কৰি দিয়াৰ সিদ্ধান্ত ললো আৰু সেয়া কৰিলো। ই নিম আচ্ছাদিত ইউৰিয়াৰ ভাবনা মোদীৰ মাথাৰ পৰাই আহিছে তেনে নহয়। এই কাম কৰিব পাৰি, সেয়া সকলোৱেই জানে। আগতেও সামান্য মাত্ৰাত নিম আচ্ছাদন কৰা হৈছিল। কিন্তু সামান্য মাত্ৰাত নিম আচ্ছাদিত ইউৰিয়া উৎপাদনে ইউৰিয়া চুৰি কাৰ্য প্ৰতিৰোধ কৰিব পৰা নাছিল। আমি ক্ষমতালৈ অহাৰ পিছত ১০০ শতাংশ নিম আচ্ছাদন কৰি দিলো। ইয়াৰ বাবে যি ইচ্ছাশক্তিৰ প্ৰয়োজন আছিল, সেয়া আগতে নাছিল। এতিয়া ১০০ শতাংশ ইউৰিয়া নিম আচ্ছাদিত হৈ পৰাৰ বাবে সেইবোৰ এতিয়া চোৰাং পথেৰে ৰাসায়নিক কাৰখানালৈ নিব পৰা নাই। কৃষকসকলেও পৰ্যাপ্ত মাত্ৰাত ইউৰিয়া লাভ কৰিছে।

বন্ধুসকল,

নতুন প্ৰযুক্তি আনি পুৰণি আৰু বন্ধ হৈ থকা সাৰ কাৰখানাবোৰক আমি পুনৰ আৰম্ভ কৰাৰ চেষ্টা কৰি আছো। গোৰখপুৰৰ পৰা আৰম্ভ কৰি ছিন্দ্ৰি, বাৰাউণী - এইবোৰ স্থানত মাত্ৰ কেইটামান বছৰৰ ভিতৰতে সাৰ কাৰখানাবোৰ পুনৰ আৰম্ভ হ’ব। সেইবাবে বৃহৎ বৃহৎ গেছ পাইপলাইন সমগ্ৰ পূৱ ভাৰততে স্তাপন কৰা হৈছে। এইবোৰ কথা কোৱাৰ অৰ্থ হ’ল, চিন্তাভাৱনাত ইতিবাচকতা আৰু দৃষ্টিভঙ্গীত সম্ভাৱনাবোৰক আমি সদায়েই জীৱিত ৰাখিব লাগিব। আপোনালোকে দেখিব, তেতিয়াহে আপোনালোকে জীৱনত কঠিনৰ পৰা কঠিন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হ’ব।

বন্ধুসকল,

আপোনালোকে জীৱনত প্ৰায়েই এনে কিছু লোকৰ সমূখীন হ’ব যিসকলে আপোনালোকক উৎসাহ যোগোৱাৰ পৰিৱৰ্তে হতাশ কৰে তুলিব। কেতিয়াও এনে হ’ব নালাগে, আৰে এইটো তুমি যদি কৰিব নোৱাৰা তেন্তে বা দিয়া না, এইটো তোমাৰ কামেই নহয় – এনেধৰণৰ অনেক কথা শুনিবলৈ পাব। প্ৰতিদিনে এই ধৰণৰ ১০ জনৰ সৈতে দেখা হ’ব যিয়ে আপোনাক কেৱল হতাশ কৰিব। কিন্তু আপোনালোকে নিজৰ ওপৰ ভৰসা ৰাখক আৰু আগুৱাই যাওঁক। যদি মনত এনে চিন্তা আহে যে নিজে যিটো কৰিছে সেইটোৱেই ঠিক, দেশৰ স্বাৰ্থত যি কৰিছে আৰু আইন মানি সঠিক পদ্ধতিত যি কৰিছে সেয়াই ঠিক, তেন্তে সেই কাম কৰাৰ ক্ষেত্ৰত কেতিয়াও কাৰোৰে বাধা-নিষেধ নুশুনিব। এইক্ষেত্ৰত আজি আপোনালোকক আৰু এটা উদাহৰণ দিবলৈ বিচাৰিছো।

বন্ধুসকল,

আমাৰ দেশত খাদীক লৈ যি আবহ আছে, মোৰ জীৱনত তাৰ বিপৰীত আছিল। মই যেতিয়া গুজৰাটক আছিলো, সামাজিক কাম কৰিছিলো, যেতিয়া ৰাজনৈতিক কৰ্মকৰ্তাৰূপে কাম কৰিছিলো, খাদীক লৈ মই খুব গৰ্ব কৰিছিলো। মই বিচাৰিছিলো যে খাদীৰ যি দায়বদ্ধতা, খাদীৰ প্ৰতি যি আকৰ্ষণ, খাদীৰ প্ৰসিদ্ধিটো যেন ,সমগ্ৰ বিশ্বতে বিয়পি যায়। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হ’লো, তেতিয়া যথাসম্ভৱ খাদীৰ প্ৰচাৰ-প্ৰসাৰত মনোযোগ দিছিলো। প্ৰতিবছৰে ২ অক্টোবৰত মই নিজেই বজাৰলৈ গৈ খাদী ষ্টোৰৰ পৰা কিবা নহয় কিবা সামগ্ৰী ক্ৰয় কৰিছিলো। আমাৰ ভাৱনা আছিল অত্যন্ত ইতিবাচক, ইচ্ছাশক্তিও আছিল। কিন্তু আনফালে কিছুমান লোকে মোক নিৰুৎসাহ কৰিছিল। তেওঁলোকে কৈছিল যে খাদীক লৈ ইমান হৈ চৈ কৰাৰ কি দৰকাৰ? খাদীৰ পোছাক অত্যন্ত 'বোৰিং' আৰু 'আনকুল'। কিন্তু মোৰ তেনে লগা নাছিল। মই মনে মনে ভাবিছিলো, কি কৰিলে আমাৰ আজিৰ যুৱ সমাজে খাদীক আপোন কৰি ল’ব, কিদৰে খাদীৰ প্ৰচাৰ-প্ৰসাৰত তেওঁলোকক উৎসাহিত কৰিব পৰা যাব? কিন্তু আমাৰ চাৰিওপাশৰ পৰিৱেশ মোক ইমানেই হতোদ্যম কৰি দিলে যে মোৰ মনত খাদীৰ পুনৰুদ্ধাৰৰ সমস্ত উদ্যোগ, সমস্ত সম্ভাৱনা শেষ হৈ গ’ল। তথাপিও মই ইতিবাচক ভাবনাৰে আন পথেৰে আগুৱাবলৈ বিচাৰিলো। ২০০২ চনত মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনা, তেওঁৰ জন্মস্থান পোৰবন্দৰত খাদীৰ কাপোৰৰ এখন ফেশ্বন শ্বোৰ আয়োজনৰ পৰিকল্পনা কৰিলো। আৰু এখন বিশ্ববিদ্যালয়ৰ নবীন ছাত্ৰ-ছাত্ৰীসকলক সেই ফেশ্বন শ্বো আয়োজনৰ দায়িত্ব দিলো। ফেশ্বন শ্বো তো আজিকালি চলিয়েই থাকে। কিন্তু তাত খাদী আৰু নবীন ছাত্ৰ-ছাত্ৰী উভয়ৰে সংযোজনত সিদিনা যি নতুন পৰিৱেশ গঢ়ি উঠিছিল, সিয়েই মোৰ মনৰ সমস্ত নেতিবাচক চিন্তাক ইতিবাচক কৰি তুলিলে। আমাৰ সেই নবীন বন্ধুসকলে, সেই ফেশ্বন শ্বোক ইমান সাফল্যমণ্ডিত কৰিলে যে মই সেই অনুষ্ঠানত এক শ্লোগান তুলিলো যে স্বাধীনতাৰ পূৰ্বে আছিল 'খাদী ফৰ নেশ্যন', আৰু এতিয়া আমি ক’ম 'খাদী ফৰ ফেশ্বন'। বহুতেই অবাক হৈ যায়, খাদী কিদৰে ফেশ্বনেবল হ’ব পাৰে। কোনোবাই এই কথা কেনেকৈ ভাবিব পাৰে যে খাদী আৰু ফেশ্বন একেলগে আগবাঢ়িব!

বন্ধুসকল,

কিন্তু এইবাৰ আমি আৰু খুব বেছি সমস্যাৰ সমূখীন হ’বলগীয়া নহ’ল। কেৱল ইতিবাচক ভাৱনা আৰু ইচ্ছাশক্তিয়ে আমাৰ ভাৱনাৰ নৌকাত পাল তুলি দিলে। বহু মানুহক সেই সাফল্যৰ অংশীদাৰ কৰি তুলিব পাৰি! আজি যেতিয়া শুনো যে খাদী ষ্টোৰবোৰত এটা এটা দিনত এক এক কোটি টকাৰ বস্ত্ৰসামগ্ৰী বিক্ৰী হৈছে, তেতিয়া মোৰ সেই দিনবোৰৰ কথা মনত পৰে। আপোনালোকে শুনি অবাক হ’ব, আৰু এই পৰিসংখ্যা মনত ৰাখিব যে ২০১৪ চনৰ পূৰ্বে ২০ বছৰে যিমান টকাৰ খাদী সামগ্ৰী বিক্ৰী হৈছে, তাতকৈ অনেক বেছি খাদী সামগ্ৰী বিগত ছয় বছৰত বিক্ৰী হৈছে। ক’ত ২০ বছৰৰ ব্যৱসায় আৰু ক’ত ছয় বছৰৰ ব্যৱসায়।

বন্ধুসকল,

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ কেম্পাছতে এদিন কবিবৰ প্ৰদীপে কৈছিল, আপোনালোক এই বিশ্ববিদ্যালয়ৰ পৰাই ওলাইছিল, তেওঁ কৈছিল, “কেতিয়াবা নিজৰ সৈতেও কথা পাতক, কেতিয়াবা নিজৰ সৈতেও কথা পাতক, আপোনাৰ নিজৰ দৃষ্টিত আপুনি কি, সেই কথা মনৰ মাজত তুলাচেনীত জোখক।” এই পংক্তিবোৰ এগৰাকী ছাত্ৰ হিচাপে, এগৰাকী শিক্ষক হিচাপে বা জনপ্ৰতিনিধি হিচাপে আমাৰ সকলোৰে বাবে এক প্ৰকাৰৰ আলোকপ্ৰভঞ্জন। এতিয়াৰ ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ সৈতে সাক্ষাৎকাৰ, নিজৰ সৈতে কথা পতা, আত্মমন্থন কৰাৰ অভ্যাস যেন হেৰাই গৈছে। ইমান বেছি ডিজিটেল গেজেট, ইমান বেছি প্লেটফৰ্ম আছে, সেইবোৰে আপোনালোকৰ সময় চুৰি কৰি নিয়ে, কাঢ়ি নিয়ে। কিন্তু আপোনালোকে এইবোৰৰ মাজৰ পৰাও নিজৰ বাবে সময় উলিয়াব লাগিব।

বন্ধুসকল,

মই আগতে এটা কাম কৰিছিলো। বিগত ২০ বছৰ ধৰি সেইটো আৰু পৰা নাই, কাৰণ আপোনালোক সকলোৱেই মোক এনে এটা কাম দিছে যে সেই গুৰু দায়িত্ব পালন কৰিবলৈ মই বদ্ধপৰিকৰ আৰু বাধ্য। কিন্তু যেতিয়া আমি শাসন ব্যৱস্থাত নাছিলো, তেতিয়া প্ৰত্যেক বছৰে মোৰ নিজৰ এটা কাৰ্যসূচী আছিল। মই নিজৰ সৈতে সাক্ষাৎৰ বাবে সময় উলিয়াইছিলো। ৫-৭ দিনৰ বাবে এনে ঠাইলৈ গুচি গৈছিলো য’ত কোনো মানুহ নাথাকে। সামান্য পানীৰ ব্যৱস্থা থাকিলেই হ’ল। মোৰ জীৱনৰ সেই মুহূৰ্তবোৰ অত্যন্ত মূল্যৱান আছিল। মই আপোনালোকক জংঘললৈ যাবলৈ কোৱা নাই। কিন্তু সামান্য সময় নিজৰ বাবে উলিয়াওক। আপোনালোকে কিমান সময় নিজক দিছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। নিজকে জানক, নিজকে চিনক। এই লক্ষ্যৰে, সেই ভাৱনা অত্যন্ত জৰুৰী। আপোনালোকে দেখিব, ইয়াৰ প্ৰভাৱে প্ৰত্যক্ষভাৱে আপোনালোকৰ সামৰ্থ্যক উন্নীত কৰিব। আপোনালোকৰ ইচ্ছাশক্তিক উন্নীত কৰিব।

বন্ধুসকল,

ছাত্ৰ জীৱন সেই অমূল্য সময় যি পাৰ হৈ গ’লে পুনৰ ওভতাই অনা টান। সেইবাবে আপোনালোকে ছাত্ৰ জীৱনটোক উপভোগ কৰক, উৎসাহ যোগাওক। এই সময়ত যিসকল আপোনালোকৰ বন্ধু হ’ব, তেওঁলোকেই সমগ্ৰ জীৱন আপোনালোকৰ সৈতে থাকিবে। পদ, প্ৰতিষ্ঠা, কলেজ- এই স্কুল-কলেজৰ বন্ধুসকলেই সমগ্ৰ জীৱন বন্ধুত্ব ৰক্ষা কৰে। আপোনালোকৰ জীৱনত সেইসকলৰ এক পৃথক স্থান থাকিব। বন্ধুত্ব উপভোগ কৰক। খুব বন্ধুত্ব পালন কৰক।

বন্ধুসকল,

আমি যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰম্ভ কৰিছো, তাৰ লক্ষ্যই হ’ল দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়ে যেন নিজক জানিব পাৰে, নিজৰ মনক জগাই তুলিব পাৰে। নাৰ্ছাৰিৰ পৰা আৰম্ভ কৰি পিএইচডি পৰ্যন্ত আমূল পৰিৱৰ্তনৰ এই সংকল্প লৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰম্ভ কৰা হৈছে। ইয়াত চেষ্টা কৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ মনত যাতে আত্মপ্ৰত্যয় জাগি উঠে। কোনোৱে যেতিয়া নিজৰ বাবে সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা লাভ কৰে, তেওঁৰ জীৱনত যেতিয়া নমনীয়তা থাকে, তেতিয়াই আত্মপ্ৰত্যয় জাগি উঠে। বিভিন্ন ধৰণৰ বান্ধোনেৰে আবদ্ধ শৰীৰ আৰু মনে কেতিয়াও উৎপাদক বা প্ৰোডাক্টিভ হৈ নুঠে। মনত ৰাখিব, এনে বহু মানুহ পাব যিয়ে সদায়েই পৰিবৰ্তনৰ বিৰোধিতা কৰে, কাৰণ তেওঁলোকে পুৰণি পৰিকাঠামো ভাঙি ওলাই যাবলৈ ভয় কৰে। তেওঁলোকে ভাবে যে পৰিৱৰ্তনে কেৱল নৈৰাজ্য মাতি আনে, চলমানতাক স্তব্ধ কৰি দিয়ে। তেওঁলোকে নতুন নিৰ্মাণৰ সম্ভাৱনাক লৈ কেতিয়াও নাভাৱে। আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে সদায়েই এই ধৰণৰ ভয়ৰ পৰা নিজকে বাহিৰত ৰাখিব লাগিব। সেইবাবে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ সকলো অধ্যাপক-অধ্যাপিকা, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ অনুৰোধ, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অধ্যয়ন কৰক, ইয়াক লৈ আলোচনা কৰক, তৰ্ক কৰক, ইয়াক যিমান ক্ষীপ্ৰতাৰে সম্ভৱ সৰ্বশক্তিৰে সেয়া বাস্তৱায়িত কৰক। দেশে যেতিয়া স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উৎসৱ পালন কৰিব, তেতিয়া যেন নতুন শিক্ষানীতিয়ে ব্যাপক ৰূপত আমাৰ শিক্ষা ব্যৱস্থাৰ অংগ হৈ উঠে! আহক, “বয়ঃ ৰাষ্ট্ৰে জাগ্ৰিয়াম পুনহিতাঃ” - এই ঘোষণাক বাস্তৱায়িত কৰাৰ বাবে আমি সকলোৱেই উঠি-পৰি লাগো। আহক, আমি ভাৰতমাতাৰ বৈভৱ অৰ্জনৰ বাবে পণ লওঁ। আৰু সমস্ত পণক নিজৰ কামৰ মাধ্যমেৰে বাস্তৱায়িত কৰো।

বন্ধুসকল,

১৯৪৭ ৰ পৰা আৰম্ভ কৰি ২০৪৭ চনলৈ যেতিয়া ১০০ বছৰ পূৰ্ণ হ’ব, আমি লক্ষ্ণৌ বিশ্ববিদ্যালয়ক অনুৰোধ কৰিম, ইয়াৰ নীতি নিৰ্ধাৰকসকলক অনুৰোধ কৰিম যে ৫-৭ দিন ধৰি ভিন ভিন গোট সৃষ্টি কৰি আলোচনা কৰক, বিতৰ্ক কৰক। আপোনালোকে কিদৰে ২০৪৭ বৰ্ষ পালন কৰিব, তাৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা কৰক। যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া লক্ষ্ণৌ বিশ্ববিদ্যালয় ক’ত উপনীত হ’ব? আগন্তুক ২৫ বছৰত দেশ আৰু জাতি গঠনত কি কি অৱদান ৰাখিব, দেশৰ কি প্ৰয়োজন সাধনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ে নেতৃত্ব ল’ব, সেয়া ঠিক কৰক। বৃহৎ সংকল্প লৈ, নতুন সাহস লৈ যেতিয়া আপোনালোকে স্বাধীনতাৰ শতবৰ্ষ পালন কৰিব, তেতিয়া বিগত দিনৰ সাফল্যগাথাবোৰৰ পৰা প্ৰেৰণা গ্ৰহণ কৰিব লাগিব। আগন্তুক দিনৰ বাবে সঠিক পৰিকল্পনা গঢ়ি তুলিব লাগিব, আৰু তীব্ৰ গতিৰে আগুৱাই যোৱাৰ বাবে প্ৰাণশক্তি অৰ্জন কৰিব লাগিব।

এই শতবাৰ্ষিকী সমাৰোহ যেন কেৱল স্মৃতিতেই সীমাবদ্ধ নাথাকে, এই সমাৰোহ যেন আগন্তুক স্বাধীনতাৰ শতবৰ্ষ পূৰ্তি উৎসৱৰ সময়লৈ ২৫ বছৰৰ ৰোডমেপ বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আগুৱাই যায়, লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা আমি এই মনোবৃত্তিয়েই আশা কৰো। মোৰ আশা যে স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিত লক্ষ্ণৌ বিশ্ববিদ্যালয়ে দেশৰ বাবে নতুন উচ্চতা অৰ্জনত নিজকে সমৰ্পিত কৰিব। আজি বিগত ১০০ বছৰৰ ইতিহাস সাক্ষী, বিগত ১০০ বছৰত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত সকলোৱেই যি সময় অতিবাহিত কৰিছে, যি সাফল্য পাইছে, ই তাৰ সাক্ষী। আৰু সেইবাবে মই আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে নিজৰ মনতে ২০৪৭ ৰ বাবে সংকল্প লৈ স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিক দেশৰ প্ৰত্যেক নাগৰিকৰ জীৱন উন্নত কৰাৰ লক্ষ্যৰে ব্যক্তি হিচাপে কি কি অৱদান ৰাখিব সেই ভাৱনা লৈ, বিশ্ববিদ্যালয় ৰূপে কি কি অৱদান ৰাখিব, সেই সংকল্প লৈ আগুৱাই যাওঁক। মই আজি পুনৰ এবাৰ এই শতাব্দী সমাৰোহ উপলক্ষে আপোনালোক সকলোকে বহু বহু শুভকামনা জনাইছো, আৰু আপোনালোকৰ মাজত এনেদৰে থকাৰ সুযোগ দিয়াৰ বাবে আপোনালোক সকলোকে অশেষ কৃতজ্ঞতা জনাইছো।

ধন্যবাদ !!

***

DS/SH/AV/RD



(Release ID: 1676361) Visitor Counter : 365