প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 12 NOV 2020 9:05PM by PIB Guwahati

মই আৰম্ভণীতে এটা ধ্বনি দিয়াৰ বাবে সকলো যুৱক-যুৱতীক আহ্বান জনাব খুজিছো, আপোনালোকে নিশ্চয় মোৰ সৈতে উচ্চাৰণ কৰিব- মই কম স্বামী বিবেকানন্দ,-আপোনালোকে কব অমৰ হওক, অমৰ হওক।

স্বামী বিবেকানন্দ অমৰ হওক, অমৰ হওক।  স্বামী বিবেকানন্দ অমৰ হওক, অমৰ হওক।

দেশৰ শিক্ষামন্ত্ৰী ড০ ৰমেশ পোখ্ৰিয়াল নিশাংক জী, জেএনইউৰ উপাচাৰ্য অধ্যাপক জগদীশ কুমাৰ জী, প্ৰো- উপাচাৰ্য আৰ পি সিংহ জী, আজিৰ এই উপলক্ষ সাকাৰ কৰা জেএনইউৰ প্ৰাক্তন ছাত্ৰ ড০ মনোজ কুমাৰ জী, প্ৰতিমূৰ্তি নিৰ্মাতা শ্ৰী নৰেশ কুমাৱট জী, বিভিন্ন স্থানৰ পৰা সংযোজিত হোৱা ফেকাল্টী সদস্যসকল আৰু এই কাৰ্যক্ৰমৰে জড়িত হোৱা বিশাল সংখ্যক যুৱক-যুৱতী বন্ধুসকল। মই জেএনইউ প্ৰশাসন, সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক এই মহত্বপূৰ্ণ উপলক্ষত বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

স্বামী বিবেকানন্দই কৈছিল- মূৰ্তিত আস্থাৰ ৰহস্য এয়ে  যে, আপুনি সেই এটা বস্তুৰ জৰিয়তে ভিছন অব ডিভাইনিটী ডেভেলপ কৰিব পাৰিবমই ভাবো জেএনইউত স্থাপিত হোৱা স্বামী জীৰ এই প্ৰতিমাই সকলোকে অনুপ্ৰণিত কৰিব, শক্তি প্ৰদান কৰিব। এই প্ৰতিমূৰ্তিয়ে সেই সাহস দিয়ক, যেনেকৈ স্বামী বিবেকানন্দই প্ৰতিগৰাকী ব্যক্তিক চাবলৈ বিচাৰিছিল। এই প্ৰতিমূৰ্তিয়ে সেই কৰুণাৰ ভাৱ শিকাওক, কম্পেছন শিকাওক, যি স্বামী জীৰ দৰ্শনৰ মুখ্য আধাৰ আছিল।

এই প্ৰতিমূৰ্তিয়ে ৰাষ্ট্ৰৰ প্ৰতি অগাধ সমৰ্পণকে শিকাই, প্ৰেমক শিকাই, ইনটেন্স লাভ ফৰ আৱাৰ ক্ৰান্তী , যি স্বামীজীৰ জীৱনৰ সৰ্বোচ্চ বাৰ্তা আছিল। এই প্ৰতিমাই দেশক ভিছন অব ওৱাননেছ-ৰ প্ৰতি অনুপ্ৰাণিত কৰক, যি স্বামী জীৰ চিন্তাৰ প্ৰেৰণা আছিল। এই প্ৰতিমাই দেশৰ য়ুথ-লেড ডেভেলপমেণ্ট-ৰ ভিছনৰ সৈতে আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰক, যি স্বামী জীয়ে আশা কৰিছিল। এই প্ৰতিমাই শক্তিশালী-সমৃদ্ধ ভাৰতৰ সপোনক সাকাৰ কৰাৰ বাবে প্ৰেৰণা দি থাকক।

বন্ধুসকল,

এয়া কেৱল এক প্ৰতিমূৰ্তিয়েই নহয়, বৰঞ্চ এয়া সেই বিচাৰবোধৰ উচ্চতাৰো প্ৰতীক, যাৰ শক্তিৰ বলত এগৰাকী সন্ন্যাসীয়ে সমগ্ৰ পৃথিৱীৰে ভাৰতক পৰিচয় কৰাই দিছিল। তেওঁৰ বেদান্তৰ অগাধ জ্ঞান আছিল। তেওঁ দূৰদৃষ্টি সম্পন্ন আছিল। তেওঁ ভাৰতে পৃথিৱীক কি দিব পাৰে সেয়া বাৰুকৈয়ে জানিছিল। তেওঁ ভাৰতৰ বিশ্ব-বন্ধুত্বৰ বাৰ্তা লৈয়ে পৃথিৱীৰ সন্মুখলৈ আগবাঢ়ি গৈছিল। ভাৰতৰ সাংস্কৃতিক বৈভৱক, বিচাৰধাৰাক, পৰম্পৰাক তেওঁ পৃথিৱীৰ সন্মুখত উপস্থাপিত কৰিছিল। আৰু সেয়া গৌৰৱপূৰ্ণ ভাবেই কৰিছিল।

আপোনালোকে ভাবি চাওকচোন, যেতিয়া সকলো ফালেই নিৰাশাৰ বাতাবৰণে বিৰাজ কৰিছিল, হতাশাই আবৰি ৰাখিছিল, আমি গোলামীৰ বোজা বহণ কৰি থাকিবলগীয়া হৈছিল, তেনে এক পৰিৱেশতে স্বামীজীয়ে আমেৰিকাৰ মিছিগান ইউনিভাৰ্চিটীত কৈছিল, আৰু যোৱাটো শতিকাৰ আৰম্ভণীতে কৈছিল। তেওঁ বাৰু কি কৈছিল! মিছিগান ইউনিভাৰ্চিটীত ভাৰতৰ এগৰাকী সন্ন্যসীয়ে ঘোষণাও কৰিছিল, দৰ্শনো দেখুৱাইছিল।

তেওঁ কৈছিল- এই শতিকা আপোনালোকৰঅৰ্থাত্ যোৱাটো শতিকাৰ প্ৰৰাম্ভতে কোৱা শব্দ  আছিল এয়া- এই শতিকা আপোনালোকৰ, কিন্তু ২১ শতিকা নিশ্চিত ভাবেই ভাৰতৰ হযোৱাটো শতিকাত তেওঁ কোৱা কথা আজি সত্য প্ৰমাণিত হৈছে, এই শতিকাত তেওঁৰ প্ৰতিটো শব্দ শুদ্ধ প্ৰমাণিত কৰাৰ দায়িত্ব আমাৰ সকলোৰে।

ভাৰতীয়ৰ সেই আত্মবিশ্বাস, সেই দৃঢ়তাকে এই প্ৰতিমাই বহণ কৰিছে। এই প্ৰতিমূৰ্তি সেই জ্যোতিপুঞ্জৰ দৰ্শন, যিয়ে, পৰাধীনতাৰ দীঘলীয়া সময়কালত নিজকে, নিজৰ সামৰ্থ্যক, নিজৰ পৰিচিতিক পাহৰি যোৱা ভাৰতক উজ্জীৱিত কৰিছিল, জাগ্ৰত কৰাৰ কাম কৰিছিল। ভাৰতত নৱ-চেতনাৰ উন্মেষ ঘটাইছিল।

বন্ধুসকল,

আজি দেশে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য আৰু সংকল্প লৈ আগবাঢ়িব খুজিছে। আজি ভাৰতৰ বিচাৰধাৰা ১৩০ কোটিৰো অধিক ভাৰতীয়ৰ কলেক্টিভ কনচিয়াছনেছৰ, আমাৰ এছপাইৰেশ্যনৰ অংগত পৰিণত হৈছে। যেতিয়া আমি আত্মনিৰ্ভৰ ভাৰতৰ কথা কও তেতিয়া লক্ষ্য কেৱল শাৰিৰীক অথবা অৱয়ব আত্মনিৰ্ভৰতাৰ মাজতে  সীমিত হৈ নাথাকে। আত্মনিৰ্ভৰতাৰ অৰ্থ ব্যাপক, পৰিসৰো ব্যাপক, তাত গভীৰতাও থাকে, তাত উচ্চতাও থাকে। আত্মনিৰ্ভৰ ৰাষ্ট্ৰ তেতিয়াহে তৈয়াৰ হয়, যেতিয়া সংসাধনৰ সৈতে চিন্তা আৰু সংস্কাৰসমূহতো সেই আত্মনিৰ্ভৰতা প্ৰতিবম্বিত হৈ উঠে।

বিদেশত এবাৰ কোনোবাই স্বামীজীক প্ৰশ্ন কৰিছিল- আপুনি তেনে বেশভূষা কিয় পৰিধান নকৰে, যি সাজ পিন্ধিলে আপোনাক ভদ্ৰলোক যেন লাগিব?” এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ স্বামী জীয়ে যি কৈছিল সেয়াই ভাৰতৰ আত্মবিশ্বাস, ভাৰতৰ প্ৰমূল্যবোধক প্ৰদৰ্শিত কৰে। অতি বিনম্ৰতাৰে স্বামী জীয়ে কৈছিল- আপোনালোকৰ সংস্কৃতিত এগৰাকী টেইল ভদ্ৰলোক হয়, কিন্তু আমাৰ সংস্কৃতিত চৰিত্ৰইহে নিশ্চিত কৰে দৰাচলতে ভদ্ৰলোক কোন। আত্মনিৰ্ভৰ চিন্তা আৰু সংস্কাৰৰ নিৰ্মাণৰে এইহেন চৌহদৰ নিৰ্মাণ হয়, আপোনালোকৰ দৰে যুৱ-সতীৰ্থ গঢ়ি উঠে।

বন্ধুসকল,

দেশৰ যুৱ-প্ৰজন্মই পৃথিৱী জুৰি ব্ৰেণ্ড ভাৰতব্ৰেণ্ড এম্বেচাদৰৰ ভূমিকা পালন কৰিছে। আমাৰ যুৱ-প্ৰজন্মই ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিনিধিত্ব আগবঢ়াই আহিছে। সেয়ে, আপোনালোকৰ পৰা নিশ্চয় আশা কৰিম যে সহস্ৰ বছৰ ধৰি চলি অহা ভাৰতৰ পুৰাতন পৰিচিতিক লৈ গৰ্ব কৰাই নহয়, বৰঞ্চ ২১শতিকাত ভাৰতৰ এক নতুন পৰিচিতি গঢ়াৰ বাবেও আপোনালোকে উত্সৰ্গিত মনোভাৱেৰ কৰ্মত ব্ৰতী হব। অতীতত আমি পৃথিৱীক কি দিছিলো সেই কথা মনত ৰখা আৰু সেয়া অৱগত কৰা কথাই আমাৰ আত্মবিশ্বাসক শক্তি প্ৰদান কৰে। এই আত্মবিশ্বাসৰ শক্তিৰেই আমি ভৱিষ্যতৰ বাবে কাম কৰিব লাগিব। ভাৰতে ২১শতিকাৰ পৃথিৱীলৈ কি অৰিহণা আগবঢ়াব, ইয়াৰ বাবে নতুন উদ্ভাৱন কৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত।

বন্ধুসকল,

দেশৰ নীতি আৰু পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আমাৰ যুৱ-বন্ধুসকলৰ মনলৈ চাগৈ প্ৰায়েই প্ৰশ্ন আহে যে ভাৰতৰ আত্মনিৰ্ভৰতাৰ অৰ্থ কি নিজৰ মাজতে আবদ্ধ হৈ থকা, নিজৰ মাজতে মগ্ন হৈ থকাই নেকি? তেন্তে, ইয়াৰো উত্তৰ আমি স্বামী বিবেকানন্দৰ বিচাৰধাৰাৰ মাজতে বিচাৰি পাও। স্বামী জীক এবাৰ কোনোবাই সুধিছিল যে সন্তসকলে নিজৰ দেশখনৰ বাহিৰে অন্য় দেশসমূহক নিজৰ বুলি গ্ৰহণ কৰা উচিত নহয় নেকি?’ এই প্ৰশ্নৰ উত্তৰত স্বামী জীয়ে সহজ ভাষাৰে কৈছিল- যিজন ব্যক্তিয়ে নিজৰ মাকক চেনেহ দিব নোৱাৰে, তেওঁনো বাৰু আনৰ মাকক কেনেকৈ চেনেহ যাঁচিব পাৰিব?’ সেয়ে আমাৰ আত্মনিৰ্ভৰতাৰ অৰ্থ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবেই আৰু এয়া আমি কৰি দেখুৱাই আহিছো। যেতিয়াই ভাৰতৰ সামৰ্থ্য বাঢ়িছে, তেতিয়াই- ইয়াৰ দ্বাৰা পৃথিৱী উপকৃত হৈছে। ভাৰতৰ আত্মনিৰ্ভৰতাত আত্মৱত্ সৰ্বভুতেষু-ৰ চিন্তা বিজড়িত হৈ থাকে, সম্পূৰ্ণ সংসাৰ কল্যাণৰ ভাৱনা সংপৃক্ত হৈ থাকে।

বন্ধুসকল,

সম্প্ৰতি, সকলো ক্ষেত্ৰতে সম্পাদিত কৰা অভুতপূৰ্ব সংস্কাৰ আত্মনিৰ্ভৰতাৰ ভাৱনাৰেই সম্পন্ন কৰা হৈছে। দেশৰ জনতাই ভোটৰ মাধ্যমেৰে এই সংস্কাৰ প্ৰক্ৰিয়ালৈ সমৰ্থনো আগবঢ়াইছে। আপোনালোকেও জেএনইউ-ত ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাক গম্ভীৰতাৰে বিশ্লেষণ কৰে। আপোনালোকতকৈ এই কথা বাৰু আন কোনে জানিব যে, ভাৰতত সংস্কাৰক লৈ কেনে ধৰণৰ কথা-বাৰ্তা, আলাপ-আলোচনা চলোৱা হৈছিল। এই কথা বাৰু সত্য নহয়নে যে, ভাৰতত গুড ৰিফৰ্মক বেড পলিচী বুলি গ্ৰহণ কৰা হৈছিল। তেন্তে এতিয়া গুড ৰিফ্ৰমছ এতিয়ানো কেনেকৈ গুড পলিচী হৈ পৰিছে!

এইবোৰ প্ৰসংগত আপোনালোক জেএনইউ-সতীৰ্থই নিশ্চয় গৱেষণা কৰা উচিত। পিচে, অভিজ্ঞতাৰ আধাৰত মই এটা কথা নিশ্চয় আপোনালোকৰ আগত কব বিচাৰিম। আজি ব্যৱস্থাৱলীত যিমানবোৰ সংস্কাৰ সাধন কৰা হৈছে, তাৰ নেপথ্যত ভাৰতক সকলো দিশৰে উন্নত কৰি গঢ়ি তোলাৰ সংকল্প বিজড়িত হৈ আছে।  আজি সম্পাদিত হোৱা সংস্কাৰৰ ক্ষেত্ৰত আমাৰ অভিপ্ৰায় আৰু নিষ্ঠা নিতান্তই পবিত্ৰ। আজি যি সংস্কাৰ সম্পন্ন কৰা হৈছে সেয়া বিশ্বাস আৰু ভৰসাৰে কৰা হৈছে। এতিয়া, ধৰক খেতিয়কসকলৰ কল্যাণৰ উদ্দেশ্যে কৰা সংস্কাৰকে মন কৰকচোন। যুগ যুগ ধৰি খেতিয়কসকল ৰাজনৈতিক আলোচনাৰ প্ৰসংগ হৈ আহিছিল যদিও বাস্তৱত তেওঁলোকৰ হিত সাধনৰ বাবে লোৱা পদক্ষেপ সীমিত আছিল।

যোৱা ৫-৬ বছৰত আমি খেতিয়কসকলৰ বাবে এক সুৰক্ষা-তন্ত্ৰ বিকশিত কৰিছো। জলসিঞ্চনৰ উন্নত ব্যৱস্থাই হওক, মণ্ডি বা বজাৰ সমূহৰ আধুনিকীকৰণৰ বাবে বিনিয়োগৰ প্ৰসংগই হওক, ইউৰিয়াৰ উপলব্ধতা হওক, ভূমি-স্বাস্থ্য পত্ৰ, উন্নত বীজ, ফচল বীমা, খেতিত কৰা বিনিয়োগৰ ডেৰ গুণ হাৰত ফচলৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্দ্ধাৰণ কৰা, অনলাইন মাৰ্কেটৰ ব্যৱস্থাই হওক, পিএম সন্মান নিধিৰ সহযোগিতাই হওক। যোৱাটো বছৰত এমএছপিকো বহু বাৰ বৃদ্ধি কৰা হৈছিল আৰু খেতিয়কসকলৰ পৰা অভিলেখ পৰিমাণৰ ফচল সংগ্ৰহ কৰা হৈছিল। খেতিয়কসকলৰ চৌ-পাশে যেতিয়া এই ৰক্ষা কৱচ তৈয়াৰ হল, যতিয়া তেওঁলোকৰ মনত বিশ্বাস জাগিবলৈ ধৰিলে তেতিয়া এগ্ৰো-ৰিফৰ্মক আগুৱাই নিয়াৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছিলো।

আগতে কৃষক ৰাইজৰ আশা পূৰণৰ দিহা কৰা হৈছিল, এতিয়া কৃষকৰ আকাংক্ষা পূৰণৰ বাবে   কাম কৰা হৈছে। এতিয়া খেতিয়কসকলে পাৰম্পাৰিক সাধনৰ জৰিয়তেই বজাৰৰ ক্ষেত্ৰত অধিক বিকল্প লাভ কৰিব পৰা হৈছে। যেতিয়া বিকল্পৰ সংখ্যা অধিক হয়, তেতিয়া ক্ৰয়ৰ ক্ষেত্ৰতো অধিক প্ৰতিযোগিতা চলা দেখিবলৈ পোৱা যায়, যাৰ পোণপতীয়া লাভ খেতিয়কসকলে গ্ৰহণ কৰিব পাৰে। সংস্কাৰৰ পৰিণতিতে এতিয়া খেতিয়কসকলে কৃষক-উত্পাদক সংঘ চমুকৈ এফপিঅ-ৰ মাধ্যমেৰে কৃষকসকলে প্ৰত্যক্ষ ভাবে ৰপ্টানীকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ পথ প্ৰশস্ত হৈছে।

বন্ধুসকল,

খেতিয়কসকলৰ লগতে দৰিদ্ৰ লোকসকলৰ বাবে কৰা সংস্কাৰৰ প্ৰসংগতো এই পথকে গ্ৰহণ কৰা হৈছিল। আমাৰ ইয়াত দীৰ্ঘদিনৰ পৰা দুখীয়া দৰিদ্ৰৰ প্ৰসংগক কেৱল শ্লগানতে আবদ্ধ ৰখা হৈছিল। পিচে, সত্য কথাটো হল দেশৰ দুখীয়া ৰাইজক ব্যৱস্থাৰে জড়িত কৰাৰ প্ৰয়াসেই কৰা হোৱা নাছিল। যিসকলক আটাইতকৈ নেগলেক্টেড আছিল, তেওঁলোক দুখীয়া আছিল। যিসকল সকলোতকৈ অ-সংযোজিত আছিল, তেওঁলোক দৰিদ্ৰ আছিল। যিসকল আটাইতকৈ বিত্তীয় ভাবে নিলগত আছিল, তেওঁলোক দুখীয়া আছিল। এতিয়া দুখীয়া সকলৰ নিজৰ পকাঘৰ, শৌচাগাৰ, বিজুলীৰ ব্যৱস্থা, ৰন্ধন গেছ, পৰিশোধিত খোৱা পানী, ডিজিটেল বেংকিং ব্যৱস্থা, সুলভ মোবাইলৰ সংযোগ আৰু দ্ৰুত ইণ্টাৰনেটৰ সংযোগৰ দৰে অন্য নাগৰিকসকলে পাই থকা সা-সুবিধাসমূহ দুখীয়া ৰাইজৰ বাবেও উপলব্ধ হৈছে, দুখীয়াৰো কাষ পাইছে। এয়া দুখীয়াৰ চৌপাশে গঢ়ি উঠা ৰক্ষা কৱচ, যি তেওঁলোকৰ আকাংক্ষাসমূহৰ বিস্তাৰণৰ বাবে নিতান্তই জৰুৰী।

বন্ধুসকল,

আৰু এটা সংস্কাৰ, যি প্ৰত্যক্ষ ভাবে আপোনালোকৰ সৈতে, জেএনইউ-ৰ দৰে দেশৰ চৌহদসমূহক প্ৰভাৱিত কৰে, সেয়া হৈছে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিএই নতুন শিক্ষা নীতিৰ মূল প্ৰমূল্য হৈছে, কনফিডেন্স, কনভিকশ্য়ন আৰু কেৰেক্টাৰ-ৰে সমৃদ্ধ যুৱ ভাৰতৰ নিৰ্মাণ কৰা। এয়াই স্বামী জীৰো ভিছন আছিল। তেওঁ ভাবিছিল যে ভাৰতত শিক্ষাৰ ধাৰা এনেকুৱা হওক যিয়ে আত্মবিশ্বাস প্ৰদান কৰি  প্ৰত্যেককে আত্মনিৰ্ভৰ কৰি গঢ়িব পাৰে।

জীৱনৰ দুই আঢ়ৈদশকৰ পিচত যুৱ-সতীৰ্থসকলে যি মনোবল লাভ কৰে, সেয়া স্কুলীয়া জীৱনৰ আৰম্ভণীতে বাৰু কিয় উপলব্ধ নহয়? কিতাপৰ জ্ঞান পৰ্যন্ত, ষ্ট্ৰীমৰ বান্ধোন পৰ্যন্ত, মাৰ্কশ্বিট, ডিগ্ৰী-ডিপ্লোমা পৰ্যন্তই যুৱ-শক্তিক কিয়নো বান্ধি ৰখাৰ প্ৰয়োজন? নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এই কথাতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। অন্তৰ্ভুক্তিকৰণেই নতুন এনইপি-ৰ মূল আধাৰ। ভাষা কেৱল এক মাধ্যমহে, জ্ঞান আহৰণৰ সৰ্বস্ব নহয়,  এনইপিৰো এয়োই ভাৱনা। দুখীয়াৰো দুখীয়া, দেশৰ জীয়াৰীসকলক, তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি উন্নত শিক্ষা লাভ কৰাৰ অধিকাৰ নিশ্চিত কৰা হৈছে এই এনইপি-ত।

বন্ধুসকল, 

সংস্কাৰৰ নিৰ্ণয়ই কৰাই যথেষ্ট নহয়। সেই সংস্কাৰ আমি কেনেধৰণে আমাৰ জীৱনত সমৰ্পিত কৰো সেয়া অধিক গুৰুত্বপূৰ্ণ কথা। এনইপি-ৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থাৰ সাৰ্থক পৰিৱৰ্তনো তেতিয়াহে দ্ৰুত গতিৰে সম্পন্ন হব, যতিয়া আমি, আপোনালোক আটায়ে আন্তৰিকতাৰে প্ৰয়াস কৰিম। বিশেষকৈ আমাৰ শিক্ষকবৃন্দ, বুদ্ধিজীৱিসকলৰ ওপৰত ইয়াৰ সকলোতকৈ অধিক দায়িত্ব অৰ্পিত হৈছে।

বন্ধুসকল,

জেএনইউ-ৰ এইটো চৌহদত এডোখৰ অতি জনপ্ৰিয় ঠাই আছে নহয় জানো? সাবৰমতী ধাবা আৰু সেই ধাবাত আপোনালোক কিমানৰ বাৰু বাকীৰ খাটা চলি আছে? মই শুনিছো আপোনালোকে বোলে ক্লাছৰ পিচত এই ধাবালৈ গৈ চাহ-পৰঠা খোৱাৰ লগতে বোলে ডিবেটও কৰে, মত-বিনিময় কৰে!  এনেয়ে পেট ভৰি থাকিলে তৰ্ক কৰিও মজা লাগে। আজি পৰ্যন্ত আপোনালোকে চিন্তাৰ আদান প্ৰদান, বিতৰ্ক, আলোচনা কৰিছিল সাবৰমতী ধাবাত ভোক গুচাই। এতিয়া আপোনালোকৰ বাবে স্বামী জীৰ এই বিশাল প্ৰতিমূৰ্তিৰ চত্ৰছায়াত আৰু এডোখৰ ঠাই মুকলি হল।

বন্ধুসকল,

আমাৰ দেশৰ লোকতান্ত্ৰিক ব্যৱস্থাৰ বহুত ডাঙৰ ক্ষতি সাধন কৰিছে, সেয়া হৈছে ৰাষ্ট্ৰহিততকৈ নিজৰ স্বাৰ্থক অধিক প্ৰথমিকতা প্ৰদান কৰা। কিয়নো, মোৰ বিচাৰধাৰাই এই কথা কয়, সেয়ে দেশহিতৰ প্ৰসংগতো মই এই মনোভাৱেই কথাবোৰ চিন্তা কৰিম, এনে ধ্যানধাৰণাৰেই আগবঢ়িম-পিচে, এই পথ শুদ্ধ নহয় কিন্তু বন্ধুসকল, এয়া নিতান্তই ভুল। আজিকালি প্ৰায় সকলোৱেই নিজৰ মতকলৈ গৌৰৱ কৰে। এয়া স্বাভাৱিক। কিন্তু তথাপিও, আমাৰ চিন্তাধাৰা ৰাষ্ট্ৰহিতৰ প্ৰসংগত, ৰাষ্ট্ৰৰ সৈতে থকাৰ হোৱা উচিত, ৰাষ্ট্ৰৰ বিৰোধিতাৰে নহয়।

আপোনালোকে দেশৰ ইতিহাস চালে দেখিব, যেতিয়াই দেশৰ সন্মুখত কোনো কঠিন সমস্যাই দেখা দিয়েহি, সকলো চিন্তাৰ, সকলো বিচাৰধাৰৰ ব্যক্তিসকলে একগোটে থিয় দিছিলহি। তেওঁলোকে একলগ হৈ দেশৰ বাবে সংগ্ৰামত ব্ৰতী হৈছিলহি।

এনেকুৱা নহয় যে, বাপুৰ নেতৃত্বত প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ বিচাৰধাৰা পৰিত্যাগ কৰিবলগীয়া হৈছিল। সেইসময়ত পৰিস্থিতি এনে আছিল যে সকলোৱে দেশৰ স্বাৰ্থত, এটি উমৈহতীয়া লক্ষ্যক প্ৰাথমিকতা প্ৰদান কৰিছিল। এতিয়া ইমাজেন্সীলৈ মনত পেলাওকচোন।

জৰুৰীকালীন অৱস্থাতো দেশে এনেদৰে একত্ৰিত হোৱাৰ নিদৰ্শন দাঙি ধৰিছিল। আৰু মোৰতো সেই আন্দোলনত অংশগ্ৰহণ কৰাৰ সৌভাগ্যও হৈছিল, মই সমগ্ৰ ঘটনাৱলী  স্বচক্ষে দেখাৰ, অনুভৱ কৰাৰ, প্ৰত্যক্ষ সাক্ষী হোৱাৰ সুযোগ পাইছিলো।

জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে হোৱা সেই আন্দোলনত কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰ্তায়ো অংশগ্ৰহণ কৰিছিল। আৰএছএছ আৰু জনসংঘৰ লোকসকলেও যোগদান কৰিছিল। সমাজবাদী,  কমিউনিষ্টসকলো আগবাঢ়ি আহিছিল। জেএনইউৰে জড়িত কিমান ব্যক্তিয়ে একত্ৰ হৈ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰিছিল। এই সমাবেশ, এই সংগ্ৰামত কোনেও নিজৰ চিন্তাধাৰা বিসৰ্জন দিবলগীয়া হোৱা নাছিল। কেৱল উদ্দেশ্য এটা আছিল- ৰাষ্ট্ৰহিত। আৰু এই উদ্দেশ্য বহুত বৃহত্ আছিল। সেয়ে, বন্ধুসকল, যেতিয়া ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু ৰাষ্ট্ৰহিতৰ প্ৰশ্ন উথ্থাপিত হয় তেতিয়া নিজৰ বিচাৰধাৰাক মনত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিলে দেশৰ লোকচানহে হয়। হয়, ময়ো মানো যে, স্বাৰ্থৰ বাবে , সুবিধাবাদৰ বাবে  নিজৰ বিচাৰধাৰাৰে আপোচ কৰাটোও সিমানেই ভুল।  আজিৰ এই তথ্য-প্ৰযুক্তিৰ যুগত, এতিয়া আৰু এনে ধৰণৰ সুবিধাবাদ কেতিয়াও সফল নহয়, আৰু আমি এনে বহু নিদৰ্শন দেখি আহিছো। আমি সুবিধাবাদৰ পৰা আঁতৰি, কিন্তু এক সুস্থ আলোচনাৰ পৰিৱেশক গণতন্ত্ৰত জীয়াই ৰাখিব লাগিব।

বন্ধুসকল, আপোনালোকৰ ইয়াততো হোষ্টেলসমূহৰ নামো গংগা, সাবৰমতী, গোদাৱৰী, তাপ্তী, কাবেৰী, নৰ্মদা, জেলাম, সতলুজৰ দৰে নদীৰ নামেৰে দিয়া হয় নহয় জানো। এই নদীবোৰৰ দৰেই আপোনালোক আটায়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন চিন্তা, বিভিন্ন কথা-বতৰা লৈ আহিছে আৰু ইয়াত সকলো সমবেত হৈছেহি। নতুন চিন্তা, নতুন বিচাৰধাৰৰ সমন্বয় হৈছে। নিজৰ পৰিচিতি নাপাহৰি এই নতুন চিন্তাক প্ৰবাহিত হবলৈ দিয়ক। আমাৰ মহান ভূমিত বেলেগ বেলেগ বৌদ্ধিক বিচাৰ অংকুৰিত হৈ আহিছে, বিকশিত হৈ আহিছে আৰু ফলে-ফুলে জাতিষ্কাৰ হৈ আহিছে। এই পৰম্পৰাৰ বাবেই ভাৰত পৃথিৱীৰ আটাইতকৈ ভাইব্ৰেণ্ট লোকতন্ত্ৰ।

মই আশা কৰো আমাৰ দেশৰ যুৱ-প্ৰজন্মই কেতিয়াও স্থিতাৱস্থাক অনাহকতে স্বীকাৰ কৰি নলব।, কোনোবাই কিবা কৈছে বাবেই মানি লোৱাৰ চিন্তা পৰিহাৰ কৰা উচিত। আপোনালোকে তৰ্ক কৰক, বিতৰ্ক কৰক,সুস্থ আলোচনা কৰক, মনন-চিন্তন কৰক, আৰু তাৰ আধাৰত কোনো সিদ্ধান্তত উপনীত হওক।

স্বামী বিবেকানন্দ জীয়ে কেতিয়াও স্থিতাৱস্থা স্বীকাৰ কৰা নাছিল। প্ৰসংগতে এটা কথা উল্লেখ কৰিব খুজিছো, আৰু সেয়া হৈছে স্পীৰিট অব হিউমাৰ অৰ্থাত্ হাঁহি-ধেমালী কৰা। এয়া বহুত ডাঙৰ লুব্ৰিকেটিং ফৰ্চনিজৰ আভ্যন্তৰত স্পীৰিট অব হিউমাৰ জীয়াই ৰাখক। কেতিয়াও এই ছেন্ছ অব হিউমাৰশেষ হবলৈ নিদিব।

যুৱ সতীৰ্থসকল, ছাত্ৰ জীৱন নিজকে চিনি পোৱাৰ বাবে অতিকে উত্তম সময়। এই সুবিধা গ্ৰহণ কৰক। জেএনইউ চৌহদত স্থাপিত স্বামীজীৰ প্ৰতিমূৰ্তিয়ে ৰাষ্ট্ৰ নিৰ্মাণ, ৰাষ্ট্ৰপ্ৰেম আৰু ৰাষ্ট্ৰজাগৰণৰ প্ৰতি ইয়ালৈ অহা প্ৰতিগৰাকী যুৱসতীৰ্থকে অনুপ্ৰাণিত কৰি থাকিব।  এই কামনাৰে সকলোকৈ শুভকামনা জনালো।

আপোনালোক আটায়ে সফল হওক, সুস্থ হৈ থাকক। অনাগত দিনবোৰত আহিবলগীয়া উত্সৱ আনন্দৰে উদযাপন কৰক। সকলোলৈকে দিৱালীৰ শুভকামনা জনায় সামৰিলো।

বহুত বহুত ধন্যবাদ !

***



(Release ID: 1672796) Visitor Counter : 234