স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত বিগত ৫ দিনত দৈনিক কৰোনাৰ সংক্ৰমণ ৫০ হাজাৰতকৈ কম হৈছে
সক্ৰিয় ৰোগীৰ সংখ্যা ৪.৯ লাখতকৈ কম, মুঠ সক্ৰিয় ৰোগীৰ হাৰ ৫.৬৩ শতাংশলৈ হ্ৰাস পাইছে
प्रविष्टि तिथि:
12 NOV 2020 11:10AM by PIB Guwahati
শেহতীয়া ৫ দিন, আনকি বিগত ২৪ ঘণ্টাতো দেশত ক’ৰোনা সংক্ৰমণৰ সংখ্যা ৫০ হাজাৰ হোৱা নাই। বিগত ২৪ ঘণ্টাত ৪৭ হাজাৰ ৯০৫ জনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।
দৈনিক আৰোগ্য লাভৰ সংখ্যা সংক্ৰমিত ৰোগীৰ সংখ্যাতকৈ ক্ৰমাৎ বৃদ্ধি পাইছে। বিগত ৪০ দিন ধৰি এই ধাৰাবাহিকতা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ৫২ হাজাৰ ৭১৮ জন লোকে।
ভাৰতত বৰ্তমান প্ৰকৃত সক্ৰিয় ৰোগীৰ সংখ্যা ৪.৯৮ লাখ। দেশত মুঠ সক্ৰিয় ৰোগীৰ হাৰ ৫.৬৩ শতাংশ। এতিয়া ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৫ লাখতকৈ কমিছে।
নতুনকৈ আক্ৰান্ত হোৱাতকৈ আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। বৰ্তমান দেশত সুস্থতাৰ হাৰ ৯২.৮৯ শতাংশ হৈছেগৈ। আজিলৈকে ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছে ৮০ লাখ ৬৬ হাজাৰ ৫০১ জন। আৰোগ্য লাভ আৰু সক্ৰিয় ৰোগীৰ মাজৰ পাৰ্থক্য হৈছে ৭৫ লাখ ৭৭ হাজাৰ ২০৭ জন।
১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ আৰোগ্যৰ হাৰ ৭৮ শতাংশ হৈছে।
মহাৰাষ্ট্ৰত বহু সংখ্যক লোক সুস্থ হৈ উঠিছে। এদিনতে মহাৰাষ্ট্ৰত আৰোগ্য লাভ কৰিছে ৯ হাজাৰ ১৬৪ জন লোকে। দিল্লীত এদিনত আৰোগ্য লাভ কৰিছে ৭ হাজাৰ ২৬৪ জন লোকে আৰু কেৰেলাত সুস্থ হৈ উঠিছে ৭ হাজাৰ ২৫২জন লোক।
১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলত নতুনকৈ সংক্ৰমণৰ হাৰ হৈছে ৭৮ শতাংশ।
দিল্লীত দৈনিক সংক্ৰমণ আটাইতকৈ বেছি হৈছে। এদিনতে দিল্লীত সংক্ৰমিত হৈছে ৮ হাজাৰ ৫৯৩ জন লোক। ইয়াৰ পিছতে আছে কেৰেলা। কেৰেলাত ৭ হাজাৰ ৭ জন লোক নতুনকৈ সংক্ৰমিত হৈছে। মহাৰাষ্ট্ৰত এদিনতে সংক্ৰমিত হৈছে ৪ হাজাৰ ৯০৭ জন লোক।
বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত মৃত্যু হৈছে ৫৫০ জন লোকৰ। আজি পৰ্যন্ত দেশত মৃত্যুৰ হাৰ হৈছে ১.৪৮ শতাংশ।
মহাৰাষ্ট্ৰত আৰু ১২৫ জনৰ মৃত্যু হৈছে। দিল্লীত ৮৫ আৰু পশ্চিমবঙ্গত আৰু ৪৯ জনৰ মৃত্যু হৈছে।

****
MV
(रिलीज़ आईडी: 1672480)
आगंतुक पटल : 212
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam