স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৩ মাহৰ পাছত সৰ্বনিম্ন দৈনিক নতুন ঘটনাৰে অভিলেখ ভাৰতৰ

মুঠ সক্ৰিয় ঘটনা ৬.২৫ লাখ, যি ১১ সপ্তাহৰ পাছত সৰ্বনিম্ন

Posted On: 27 OCT 2020 11:41AM by PIB Guwahati

ক’ভিডৰ বিৰুদ্ধে যুঁজখনত ভাৰতে কেইবাটাও লক্ষ্যণীয় মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। তিনিমাহত প্ৰথমবাৰৰ বাবে যোৱা ২৪ ঘন্টাত নতুন নিশ্চিত ঘটনা ৩৬,৫০০ (৩৬,৪৭০)ৰ অৱনমিত হৈছে। ১৮ জুলাই, ২০২০ত নতুন ঘটনাৰ সংখ্যা আছিল ৩৪,৮৮৪ টা।

প্ৰতিদিনে অধিক সংখ্যক ক’ভিড ৰোগীৰ আৰোগ্য লাভ আৰু অবিৰত মৃত্যুৰ হাৰ হ্ৰাসৰ সমান্তৰালভাৱে ভাৰতত সক্ৰিয় ঘটনাৰো নিৰৱচ্ছিন্ন হ্ৰাসৰ ধাৰা অব্যাহত আছে।

আন এটা সাফল্য হিচাপে, সক্ৰিয় ঘটনাৰ সংখ্যা ৬.২৫ লাখলৈ অৱনমিত হৈ পৰিছে। দেশখনত মুঠ পজিটিভ ঘটনাৰ সংখ্যা হৈছে ৬,২৫,৮৫৭ আৰু এতিয়া ইয়াৰ হাৰ হৈছে মুঠ ঘটনাৰ ৭.৮৮%।

কেন্দ্ৰৰ বিস্তৃত আৰু ধাৰাবাহিক উচ্চ দেশজোৰা টেষ্টিং, ক্ষীপ্ৰ আৰু ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেকিং, শীঘ্ৰেই চিকিৎসালয়ত ভৰ্তিৰ কৌশলৰ অধীনত আৰু কেন্দ্ৰীয় চৰকাৰখনৰদ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড ট্ৰিটমেন্ট প্ৰট’কলৰ কাৰ্যকৰী ৰূপায়ণৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা সমন্বিত, সুস্পষ্ট আৰু প্ৰগতিশীল ব্যৱস্থাৰ বাবেই এনে ফলাফল লাভ কৰা হৈছে। তদুপৰি এনে উৎসাহজনক ফলাফললৈ বৰঙণি যোগান ধৰে দেশখনৰ সকলো অংশতে চিকিৎসক, পেৰামেডিক্স, ফ্ৰন্টলাইন কৰ্মী আৰু আন সকলোবোৰ ক’ভিড-১৯ যোদ্ধাৰ নিঃস্বাৰ্থ সেৱা আৰু আত্মোৎসৰ্গাই।

আজি দেশখনৰ মুঠ সক্ৰিয় ঘটনাৰ ৩৫% হৈছে ১৮খন জিলাৰ।

সক্ৰিয় ঘটনাৰ সংখ্যা হ্ৰাসে আৰোগ্য লাভৰ মাত্ৰা বৃদ্ধিকে সূচিত কৰিছে। মুঠ আৰোগ্য লাভৰ ঘটনাই অতিক্ৰম কৰিছে ৭২ লাখ (৭২,০১,০৭০)। যাৰ জৰিয়তে সক্ৰিয় ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ ব্যৱধান বৃদ্ধি পায়। আজি এয়া হয় ৬৫,৭৫,২১৩।

যোৱা ২৪ ঘন্টাত ৬৩,৮৪২ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯০.৬২%লৈ বৃদ্ধি পাইছে।

নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৭৮% হৈছে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এদিনতে ৯,০০০ ৰোধিকৰ আৰোগ্য লাভেৰে শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। ইয়াৰ পাছতেই থকা কৰ্ণাটকৰ আৰোগ্য লাভৰ পৰিমাণ ৮,০০০ ৰোধিক।

নতুনকৈ নিশ্চিত ঘটনাৰ ৭৬% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

সৰ্বাধিক নতুন ঘটনা চিনাক্ত হোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষস্থানত আছে কেৰালা আৰু পশ্চিম বংগ। ইয়াৰ প্ৰত্যেকতে নতুন ঘটনাৰ পৰিমাণ ৪,০০০ ৰোধিক। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ প্ৰত্যেকৰে নতুন ঘটনাৰ সংখ্যা হৈছে ৩,০০০ ৰোধিক।

যোৱা ২৪ ঘন্টাত মৃত্যুৰ ঘটনা হৈছে ৪৮৮টা। ইয়াৰ ভিতৰত, ৮০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। একেৰাহে দ্বিতীয়টো দিনৰ বাবে মৃত্যুৰ ঘটনা ৫০০ৰ নিম্ন হৈছে।

এদিনতে মহাৰাষ্ট্ৰত সৰ্বাধিক (৮৪) ৰোগী মৃত্যুমুখত পৰিছে।

ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৫০%লৈ অৱনমিত হৈছে।

****

MV/SJ/SB

HFW/COVID States Data/27thOctober2020/1


(Release ID: 1667784) Visitor Counter : 227