স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

একেৰাহে দ্বিতীয় দিনৰ বাবে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭লাখৰ তলতে আছে ভাৰতে

মুঠ আৰোগ্যৰ সংখ্যা ৭০লাখৰ সীমা অতিক্ৰম

মুঠ আৰোগ্য ৰোগী ৬১%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

Posted On: 24 OCT 2020 11:36AM by PIB Guwahati

ভাৰতে চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাসৰ গতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ একেৰাহে দ্বিতীয় দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৭লাখৰ তলত থাকি আজিও ৬,৮০,৬৮০জন হৈছে৷ দেশত মুঠ আক্ৰান্ত ৰোগীৰ ভিতৰত বৰ্তমান ৮.৭১%হে চিকিসাধীন হৈ আছে৷

WhatsApp Image 2020-10-24 at 10.03.50 AM (1).jpeg

কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষা, চিনাক্ত আৰু চিকিসা শীৰ্ষক কৌশল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সুচাৰুৰূপে মানি চলাৰ ফলতে এই সফলতা পোৱা গৈছে৷

মহামাৰীৰ বিৰুদ্ধে যুঁজত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল বিশেষে চিকিসাধীন ৰোগীৰ পৰিৱৰ্তন ভিন্ন ধৰণৰ৷

বিগত কেইটামান সপ্তাহত দৈনিক চিকিসাধীন ৰোগীৰ সংখ্যা উল্লেখযোগ্য হাৰত হ্ৰাস পাইছে৷

WhatsApp Image 2020-10-24 at 10.03.50 AM (2).jpeg

সৰ্বাধিক সংখ্যক ৰোগী আৰোগ্যৰ ফলতে চিকিসাধীন ৰোগীৰ হ্ৰাসৰ গতি বৃদ্ধি পাইছে৷ মুঠ আৰোগ্য ৰোগী সংখ্যাই ৭০ লাখৰ সীমা অতিক্ৰম কৰি ৭০,১৬,০৪৬জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৯.৭৮%লৈ উন্নীত হৈছে৷

WhatsApp Image 2020-10-24 at 10.17.38 AM.jpeg

দেশত মুঠ আৰোগ্য ৰোগী ৬১%ই ৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰপ্ৰদেশ আৰু দিল্লী৷

WhatsApp Image 2020-10-24 at 10.18.02 AM.jpeg

বিগত দিনকেইটাত নতুন আক্ৰান্ত ৰোগীতকৈ নতুন আৰোগ্য ৰোগীৰ সংখ্যা অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত ৬৭,৫৪৯গৰাকী ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৫৩,৩৭০জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-10-24 at 10.13.03 AM.jpeg

নতুনকৈ আৰোগ্য হোৱা ৭৭% ৰোগী ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্টত সৰ্বাধিক ১৩,০০০তকৈও অধিক ৰোগী আৰোগ্য হৈছে৷

WhatsApp Image 2020-10-24 at 10.03.50 AM.jpeg

ইফালে, নতুনকৈ আক্ৰান্ত হোৱা ৫৩,৩৭০জন লোকৰ ভিতৰত ৮০%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক ক্ৰমে ৮,০০০ আৰু ৭,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-10-24 at 10.03.49 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ৬৫০জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮০%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ১৮৪ৰোগীৰ মৃত্যু হৈছে৷

WhatsApp Image 2020-10-24 at 10.03.49 AM (1).jpeg

****

MV/SJ/DB



(Release ID: 1667285) Visitor Counter : 164