প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাননীয় শ্বেইখ নাৱাফ আল-আহমেদ আল-জাবেৰ আল-চাবাহক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 09 OCT 2020 6:00PM by PIB Guwahati

কুৱেইটৰ আমিৰ হিচাপে অধিষ্ঠিত হোৱা মাননীয় শ্বেইখ নাৱাফ আল-আহমেদ আল-জাবে আল-চাবাহক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি যুৱৰাজৰ দায়িত্ব গ্ৰহণ কৰা মাননীয় শ্বেইখ মিছাল আল-আহমেদ আল-জাবে আল-চাবাহকো অভিনন্দন জনাইছে।

"কুৱেইটৰ আমিৰ হিচাপে অধিষ্ঠিত হোৱা মাননীয় শ্বেইখ নাৱাফ আল-আহমেদ আল-জাবে আল-চাবাহক অভিনন্দন আৰু শুভ কামনা জনাইছো। মই তদুপৰি যুৱৰাজৰ দায়িত্ব গ্ৰহণ কৰা মাননীয় শ্বেইখ মিছাল আল-আহমেদ আল-জাবে আল-চাবাহকো অভিনন্দন জনালো।

মই বিশ্বাসী যে তেওঁলোকৰ নেতৃত্বত কুৱেইটে গুৰুত্বপূৰ্ণ বৈশ্বিক ভূমিকা পালন কৰি যাব আৰু ভাৰত-কুৱেইটৰ ঐতিহাসিক বন্ধুত্ব অধিক শক্তিশালী হৈ উঠিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

*****

VRRK/VJ/SB



(Release ID: 1665040) Visitor Counter : 91